• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লকডাউনৰ মাজত অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰিবলৈ ৰাজ্য চৰকাৰলৈ কি পৰামৰ্শ ৰাজ্যৰ অৰ্থনীতিবিদৰ?

অৰ্থনীতিবিদৰে আলোচনাৰ অন্তত সোণোৱালৰ মন্তব্য ‘আমি আমাৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰিব পাৰিম’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 28, 2020 5:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙ্গলবাৰে খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ মুঠ ৩৫ গৰাকী অৰ্থনীতিবিদৰ সৈতে এক আলোচনাত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কৃষি মন্ত্ৰী অতুল বৰা, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম।

আজিৰ এই আলোচনাত অৰ্থনীতিবিদসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে।

Apply Now

এই আলোচনাৰ পাছতে সৰ্বানন্দ সোণোৱালৰ সংবাদমাধ্যমৰ আগত মন্তব্য, ‘আমি আমাৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰিব পাৰিম।আমি স্বাৱলম্বী হ’ব পাৰিম, আমাৰ যুৱ প্ৰজন্মৰ মাজত দৃঢ়তা আৰু সংকল্প আছে। আমাৰ জলবায়ু, মাটিৰ উৰ্বৰতা আছে।আমি এই আটাইবোৰৰ সদব্যৱহাৰ কৰিব লাগিব।‘

ইপিনে, ৰাজ্যৰ ৩৫ গৰাকীকৈ অৰ্থনীতিবিদে কি পৰামৰ্শ আগবঢ়ালে সেই সন্দৰ্ভত সদৰী কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘ক’ৰ’না ভাইৰাছৰ এই পৰিস্থিতিৰ মাজত সামাজিক দুৰত্ব বৰ্তাই ৰাখি বিভিন্ন অৰ্থনৈতিক উন্নয়নমূলক কাম-কাজ আৰম্ভ হ’ব লাগে বুলি অৰ্থনীতিবিদসকলে পৰামৰ্শ আগবঢ়াইছে। ইতিমধ্যে কৃষিখণ্ডৰ কাম আৰম্ভ হৈছে। গ্ৰীণ জ’নসমূহত ইতিমধ্য দোকানসমূহ খুলি দিয়া হৈছে। পৰ্য্যায়ক্ৰমে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে অসমৰ ৰাইজৰ সহযোগত কেনেদৰে আগবাঢ়িব পাৰি সেই সন্দৰ্ভতো তেওঁলোকে গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰিছে।‘

তেওঁ আৰু কয়, ‘উঠি অহা প্ৰজন্মক মৰ্যাদা সহকাৰে কৰ্ম সংস্থাপন দি তথা ৩ কোটি ৩০ লাখ লোকক মৰ্যাদাসহকাৰে আগুৱাই নিব পাৰো, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি অৰ্থনীতিবিদসকলে আগবঢ়োৱা পৰামৰ্শত গুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ পৰামৰ্শৰ ভিত্তিত পৰিকল্পনা  হাতত লৈ আগন্তুক দিনত অসমক আগুৱাই নিব লাগিব।’

ইয়াৰোপৰি, অৰ্থনীতিবিদসকলে ব্লক পৰ্য্যায়লৈকে টাক্স ফৰ্চ গঠনৰ কথা কৈছে বুলি সদৰী কৰি তেওঁ লগতে কয়, ‘তেওঁলোকে ১০০ দিনীয়া কৰ্ম সংস্কৃতি লোৱাৰ কথা কৈছে। কৃষি খণ্ড, উদ্যান শস্যত বিশেষভাৱে আত্মনিয়োগ কৰাৰ কথা তেওঁলোকে কৈছে। ইয়াৰোপৰি অসমৰ দক্ষতাসম্পন্ন যুৱকক বিভিন্ন ক্ষেত্ৰত নিয়োগ কৰাৰ বাবে তেওঁলোকে পৰামৰ্শ দিছে।’

‘উৎপাদন শক্তি বঢ়াই স্বাৱলম্বী হৈ অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে তেওঁলোকে পৰামৰ্শ দিছে। ৰাজ্য চৰকাৰখনে ৰাজহ ভঁৰালৰ ধন ব্যয় কৰাৰ প্ৰয়োজনীয়তা আছে তেনে চেক্টৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ তেওঁলোকে কৈছে।‘

সামগ্ৰিকভাৱে বৰ্তমানৰ অৰ্থনীতিত মোকাবিলা কৰিবৰ বাবে ৰাজ্য চৰকাৰক যিখিনি পৰামৰ্শ দিছে তাৰ বাবে সোণোৱালে অৰ্থনীতিবিদসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd