যোৱা ১৭ ফেব্ৰুৱাৰিৰ নিশা টুলি বিধানসভা সমষ্টিৰ মুককচাঙত সংঘটিত প্ৰাক নিৰ্বাচনী হিংসাক তীব্ৰ ভাষাৰে গৰিহণা দিছে নাগালেণ্ড ব্যপ্তিষ্ট চাৰ্চ কাউঞ্চিল চমুকৈ এনবিচিচি আৰু নাগালেণ্ড ষ্টেট কমিছন ফৰ ৱমেন চমুকৈ এনএছচিডব্লিঅ’-এ।
সংস্থা দুটাই লগতে উক্ত ঘটনাৰ লগত জড়িত সংশ্লিষ্ট সকলো পক্ষৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে ঊৰ্ধ্বতম কৰ্তপক্ষক।
অভিযোগ অনুসৰি উক্ত নিশা কেইজনমান উদণ্ড যুৱকে মুককচাঙৰ গাঁৱখনৰ তিনিগৰাকী মহিলাক এগৰাকী প্ৰাৰ্থীক সমৰ্থন কৰাৰ বাবে শাৰীৰিকভাৱে অপদস্থ কৰিছিল।ঘটনাটোৱে পাহাৰীয়া জিলাখনত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
সংস্থা দুটাই এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰি কয় যে এনে ধৰণৰ কাৰ্যই ৰাজ্যখনত নিৰ্বাচনৰ বৈধতা সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে।সেয়েহে সকলো ৰাজনৈতিক দল সংগঠনক শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াটোত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে সংস্থা দুটাই।
আনহাতে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচন যাতে শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয় তাৰ বাবে সংশ্লিষ্ট পক্ষক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনায় সংস্থা দুটাই।
উল্লেখ্য যে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতৰ ফলত ৰাজ্যখনৰ জনসাধাৰণৰ মাজত আতংকৰ পৰিস্থিতি দেখা গৈছে। সেয়েহে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগক উপযুক্ত ভূমিকা গ্ৰহণৰো আহ্বান জনাইছে একাংশ দল সংগঠনে।