ৰাজ্যত অপ্ৰতিৰোধ্য ক‘ৰ‘ণাৰ মাজতে অন্য এক ভাল খবৰ।
আজি ৰাজ্যত ক‘ৰ‘ণামুক্ত হৈছে ১৬গৰাকী লোক। চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে এই ১৬গৰাকী লোকক।
ইয়াৰে ১৫গৰাকীক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা আৰু এগৰাকীক শিলচৰ মেডিকেল কলেজৰ পৰা যাবলৈ দিয়া হৈছে।
এই ১৬গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত সক্ৰিয় ক’ভিড-১৯ ৰোগী ৭৪০লৈ হ্ৰাস পালে।
ৰাজ্যত এতিয়ালৈকে ১০৩গৰাকী লোক ক‘ৰ‘ণা মুক্ত হৈছে।
তেওঁলোকৰ দুটাকৈ পৰীক্ষাৰ অন্তত দুয়োটাতে ফলাফল নিগেটিভ অহাত তেওঁলোক ক‘ৰ‘ণামুক্ত বুলি ঘোষণা কৰে চিকিৎসকে।
Always a delight to see smiles!
Was present at MMCH with @Pijush_hazarika during discharge of 15 brave-hearts, including Tilak Deka (Lab Technician at MMCH) who got infected on line of duty. They all fought a spirited battle & won!
We shall all win. Have heart and faith. pic.twitter.com/r8Ao6Ra1uW
— Himanta Biswa Sarma (@himantabiswa) May 28, 2020
টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
?Discharge Alert
Glad to share that 16 patients have been discharged today in Assam after being tested #COVID19 negative twice.
15 from MMCH, 1 from SMCH
?Total Discharged Patients – 103
?Active Patients – 746Update 8:15 PM / May 28#AssamCovidCount pic.twitter.com/ZMsPd10wfw
— Himanta Biswa Sarma (@himantabiswa) May 28, 2020
কালিৰ দিনটোতো ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।
যোৱা ২৩ মে ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCH ৰ পৰা মুক্তি দিয়া হৈছিল। তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH ৰ পৰা।
দুয়োগৰাকীৰ দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত কোভিড–১৯ নিগেটিভ ওলোৱাত যাবলৈ দিয়া হৈছিল চিকিৎসালয়ৰ পৰা।
উল্লেখযোগ্য যে, যোৱা ২০ মে‘ত GMCHৰ কনিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড–১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োগ কৰিছে।
ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ৭৩ গৰাকী লোক এই কোভিড–১৯+ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ৮৫০ অতিক্ৰম কৰাত সকলো আতংকিত হৈ আছে যদিও ১৬ গৰাকীকৈ ৰোগী ক‘ৰ‘ণামুক্ত হোৱাটোৱে কিছু পৰিমানে সুখৰ বতৰা কঢ়িয়াই আনিছে।