• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এগৰাকী যুৱক কোভিড-১৯ পজিটিভ; গহপুৰৰ ডিপৰা ভীম বাহাদুৰ হাইস্কুল এলেকাক কন্টেইনমেন্ট জ’ন ঘোষণা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 11, 2020 4:59 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

895
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ডিপৰা ভীম বাহাদুৰ হাইস্কুল এলেকাক গহপুৰ মহকুমা প্ৰশাসনে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে থকা মহকুমাটোৰ ডিপৰাৰ ভীম বাহাদুৰ হাইস্কুল কোৱাৰেন্টাইন চেণ্টাৰত থকা হৰিণ বৰাল নামৰ ২৭ বছৰীয়া যুবক এজনৰ দেহত ৭ জুনৰ দিনা ক’ভিড-১৯-ৰ উপস্থিতি থৰা পৰাৰ পাছত গহপুৰ মহকুমা প্ৰশাসনে ৮ জুনত এক নিৰ্দেশনা যোগে ডিপৰা ভীম বাহাদুৰ হাইস্কুলসহ হাইস্কুল খনৰ চৌহদ এলেকাক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে।

গহপুৰ মহকুমাৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০ অনুসৰি জাৰি কৰা এই নিৰ্দেশ ৯ জুনৰ পুৱা ১০ বজাৰ পৰা কাৰ্য্যকৰী হৈছে।

নিৰ্দেশনাটোত বিদ্যালয়খনৰ লগতে উক্ত  অঞ্চলৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক বাফাৰ জ’ন হিচাপেও ঘোষণা কৰিছে।

উল্লেখ যোগ্য যে, আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰা হৈছে।

এই সময়ছোৱাত এই নিয়ন্ত্ৰিত এলেকাত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অন্যান্য কোভিড-১৯ৰ নিয়ম সমূহ মানি চলাটো বাধ্যতামূলক ৷

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব ৷

প্ৰশাসনৰ নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০, দুৰ্যোগ প্ৰশমন আইন ২০০৫,  মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭’ৰ লগতে অনান্য আইনৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।

গহপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ ডিপৰা অঞ্চলৰ বাসিন্দা হৰিণ বৰাল নামৰ ২৭ বছৰীয়া যুবকজন মহাৰাষ্ট্ৰৰ পৰা আহি প্ৰথমে প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন আৰু পিছত এই বিদ্যালয় খনত গাঁও পৰ্য্যায়ৰ কোৱাৰেন্টাইনত আছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd