• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীত পুনৰ হ’ব নেকি ল’কডাউন ? : কি ক’লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটীত বৰ্তমান আৰম্ভ হৈছে গণ সংক্ৰমণ; গুৱাহাটীৰ পৰিস্থিতিক লৈ চিন্তিত আৰু উদ্বিগ্ন স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2020 6:02 pm
900f9870-9a7e-4a7a-845b-2f22ce73a68a
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত বৰ্তমান আৰম্ভ হৈছে গণ সংক্ৰমণ। কিয়নো বৰ্তমানলৈকে গুৱাহাটীত ২৫ গৰাকী কোভিড ৰোগী চিনাক্ত হৈছে তেওঁলোকৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই।

সেয়েহে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চিন্তিত আৰু উদ্বিগ্ন।

Apply Now

আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘গুৱাহাটী মহানগৰীত ক’ৰ’না ৰোগীৰ পৰিবেশ অলপ জটিল হৈছে। গুৱাহাটীক লৈ মোৰ চিন্তাৰ আৰু উদ্বেগৰ কাৰণ আছে। তাৰ কাৰণ হ’ল ২৫ গৰাকী ৰোগীক যোৱা কিছুদিনৰ ভিতৰত সামাজিক সংক্ৰমণ কেছ পোৱা গৈছে। তেওঁলোকৰ ভ্ৰমণ বৃত্তান্ত নাই।‘

ইপিনে, বহিঃৰাজ্যৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী তথা অন্যান্য সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ চালক নাইবা হেণ্ডিমেনৰ পৰা গম নোপোৱাকৈ এই সংক্ৰমণ হোৱা বুলি সন্দেহ কৰে মন্ত্ৰীয়ে।

তেওঁ কয়, ‘ট্ৰাকবিলাক লুডিং আৰু আনলুডিং কৰি ঘুৰি যাওঁতে ৩-৪ দিন সময় লয়। কোনোবা দোকানৰ চেলছচমেন বা ট্ৰাক ৰখোৱা ঠাইৰ কাষৰ অঞ্চলত সামাজিক সংক্ৰমণ হৈছে।‘

‘সেই লুডিং আনলুডিং ঠাইসমূহ কোৱাৰেন্টাইন হিচাপে লোৱা হ’ব। ট্ৰাক চালক হেণ্ডিমেনৰ পৰা স্বাব সংগ্ৰহ কৰি টেষ্ট কৰা হ’ব। যিবিলাক ট্ৰাকে পথৰ কাষৰ হোটেল ধাবাত আহাৰ গ্ৰহণ কৰি গৈছে। এইটো আমাৰ চকু কৰিছে।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইপিনে, গুৱাহাটীত ভয়াৱহ ৰূপত গণ সংক্ৰমণ হোৱাৰ আশংকা কৰি অহা ১৫ দিনৰ ভিতৰত ৫০ হাজাৰ টেষ্ট কেৱল গুৱাহাটীতে কৰোৱাৰ সিদ্ধান্ত লয় স্বাস্থ্য বিভাগে।

মহানগৰীৰ ১২ স্থানত মহানগৰবাসীক গৈ স্বাৱ টেষ্ট কৰাবৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ লগতে নিজৰ নাম ঠিকনা আৰু ফোন নম্বৰ শুদ্ধকৈ দিবলৈ অনুৰোধ জনায়।

‘অহা ১৫ দিনত ৫০ হাজাৰ চেম্প’ল সংগ্ৰহ কৰিব। অহা ১৬ জুলাইৰ পৰা মহানগৰীৰ ১২ টা স্থানত পুৱা ৯ বজাৰ পৰা চেম্প’ল সংগ্ৰহ কৰা হ’ব । জিএমছিএইছ, MMCH, Dhirenpara FRU, Pandu FRU, দিচপুৰ ৰাজধানী ৰাজ্যিক চিকিৎসালয়, লখৰা ৰাজধানী ৰাজ্যিক চিকিৎসালয়, বামুনীমৈদাম, ভেটাপাৰা আৰু ওডালবাক্ৰা মিনি PHE তো হ’ব চেম্প’ল সংগ্ৰহ।‘

তাৎপৰ্যপূৰ্ণভাৱে, গুৱাহাটীত দ্বিতীয়বাৰলৈ ল’কডাউন দিয়াৰ ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘৫০ হাজাৰ টেষ্ট কৰাৰ পাছত যদি পৰিবেশ বেয়া হয় বা আক্ৰান্তৰ হাৰ বৃদ্ধি হয়, তেন্তে ল’কডাউনৰ সিদ্ধান্ত লোৱা হ’ব। তেতিয়া দ্বিতীয় বাৰলৈ ল’কডাউনৰ বাবে গুৱাহাটীবাসীয়ে নিজকে সাজু কৰিব লাগিব। পৰিবেশ পৰিস্থিতি নিৰীক্ষণ কৰি কঠোৰ সিদ্ধান্ত ল’বলগীয়া হ’লে লোৱা হ’ব।‘

ইপিনে, কাইলৈৰ পৰা ২৫ খনতকৈ বেছি ফ্লাইট বিমান বন্দৰত অৱতৰণ কৰিব নোৱাৰিব বুলি তেওঁ কয়।

ইয়াৰোপৰি, অহা সপ্তাহত ৰাজ্যত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় ‘কিয়নো কেৰেলাৰ পৰা ১৭ খন ট্ৰেইন ২৫ হাজাৰ ল’ৰা-ছোৱালী লৈ আহিব। কেৰেলাৰ পৰা দুখন ট্ৰেইন আজি ৰাওনা হৈছে। বাংগালুৰুৰ পৰা দুখন ট্ৰেইন আহিব।‘

আনহাতে, কালি উলুবাৰীৰ শ্মশানত কোভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ৰোগীক অন্তিম সৎকাৰত স্থানীয় ৰাইজে বাধা দিয়াক কেন্দ্ৰ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয় ‘মানুহৰ মাজত ভুল ধাৰণা আছে যে ক’ৰ’না ৰোগীৰ সৎকাৰ শ্মশানত কৰিব নালাগে। জুইয়ে ক’ৰ’না ভাইৰাছ মাৰি পেলায়।৫২-৫৩ ডিগ্ৰীৰ ওপৰত ক’ৰ’না জীয়াই নাথাকে।‘

‘কাৰোবাৰ যদি ভয় লাগিছে তেন্তে শ্মশানৰ মানুহক পিপিই কীট পিন্ধিবলৈ দিয়ক। অতি বিনম্ৰতাৰে অনুৰোধ যাতে সৎকাৰত কোনেও বাধা নিদিয়ে। মাটি ভেদ কৰি ক’ৰ’না ওলাই আহিব নোৱাৰে। ক’ৰ’না ভাইৰাছ ইমান সবল হয়। দাহনত সকলো দাহিত হয়। মৃত ক’ৰ’নালৈ ভয় কৰিব নালাগে।‘ হিমন্তই এইদৰে কয়।

আনহাতে, সামাজিক ব্যৱধান নামানি প্ৰতিবাদী সমদল, ৰাজহুৱা অনুষ্ঠান দেখা পাইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘কোনটো সময়ত পৰিস্থিতি অৱনতি হয় ঠিক নাই। প্ৰতিবাদৰ ভাষা চৰকাৰে নিশ্চয় শুনিব। কিন্তু সামাজিক দুৰত্ব আপোনালোকে কেতিয়াও নেৰিব।‘

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd