• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড-১৯ সংক্ৰমণৰ আশংকাত স্থানীয় লোকে বন্ধ কৰিলে বোকাখাতৰ দেওবৰীয়া বিহৰা বজাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 14, 2020 4:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ এখন বৃহৎ আৰু জনপ্ৰিয় সপ্তাহিক বজাৰ হ’ল বোকাখাত মহকুমাৰ বিহৰা বজাৰ৷ বিভিন্ন সামগ্ৰীৰ লগতে পশুধনো ক্ৰয় বিক্ৰয় হয় এই বজাৰত৷

প্ৰতি দেওবাৰে বহা এই বজাৰখনলৈ উজনি-নামনিৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ গৰু-ম’হো বিক্ৰীৰ বাবে অনা হয়।

Apply Now

ক’ভিড-১৯ ৰ ভয়াবহ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি হোৱা লকডাউনৰ বাবে বিগত তিনিমাহ ধৰি বিহৰা বজাৰ বহিব পৰা নাছিল।

দেশত আৰম্ভ হোৱা আনলক ১ ৰ পটভুমিত আজিৰ পৰা বিহৰা বজাৰ অনুস্থিত কৰিবলৈ বোকাখাত মহকুমা প্ৰশাসনে অনুমতি দিছিল যদিও আজি পুৱাতেই স্থানীয় ৰাইজে বজাৰখন অনুস্থিত হোৱাত বাধা প্ৰদান কৰে।

আজি পুৱাই মহলদাৰে আহি বেৰিকেড বনাই পশুধন বিক্ৰীৰ ব্যৱস্থা কৰে যদিও স্থানীয় লোক ওলাই আহি বজাৰ বন্ধৰ দাবী জনায় প্ৰতিবাদ কৰে।

প্ৰতিবাদী লোকে বেৰিকেড ভাঙি লণ্ড- ভণ্ড কৰাৰ লগতে ব্যৱসায় সকলকো খেদি পঠায়।

যোৱা ৯ জুনত বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ বিষয়া, মহকুমাধিপতি আৰু বিহৰা বজাৰৰ মহলদাৰৰ মাজত হোৱা ত্ৰি-পাক্ষিক আলোচনাত চৰকাৰী নীতি-নিয়ম মানি বজাৰখন খোলাৰ সিধান্ত গ্ৰহণ কৰিছিল।

বোকাখাত মহকুমা প্ৰশাসনেও বিহৰা বজাৰ বহিবৰ বাবে অনুমতি দিছিল।

কিন্তু আজিপুৱা স্থানীয় লোকে বজাৰখন বহিলে কোনো কাৰণতে সামাজিক দুৰত্ব নাথাকিব আৰু ক’ভিড-১৯ ৰ সামাজিক সংক্ৰমণ বৃদ্ধি হ’ব বুলি দাবী কৰে। প্ৰতিবাদকাৰীৰ মতে সপ্তাহিক বজাৰখনলৈ বিভিন্ন জিলাৰ যথেষ্ট সংখ্যক ব্যৱসায়ীৰ আগমন হয়।

মন কৰিব লগীয়া যে অসমৰ অৰ্থনীতিত গোলাঘাট জিলাৰ নুমলীগড়ৰ এই বিহৰা বজাৰ অৱদান যথেষ্ট।

নুমলীগড়, বিহৰা অঞ্চলৰ দাতি কাষৰীয়া শতাধিক গাঁৱকে ধৰি গোলাঘাট, নগাঁও, যোৰহাট, কাৰ্বিআংলং, গহপুৰ আদি জিলাৰ ব্যৱসায়ীৰ সমাগম হয় বিহৰা বজাৰত।

স্থানীয় বহু কৃষকেও নিজৰ বাৰীৰ অথবা পথাৰত কৰা শাক পাচলি এই বজাৰতে বিক্ৰী কৰি  জীৱিকা নিৰ্বাহ কৰি আহিছিল। কিন্তু লকডাউনৰ বাবে বিহৰা বজাৰখন যোৱা ২২ মাৰ্চৰ পৰা বৰ্তমানলৈকে প্ৰায় তিনিমাহ বন্ধ হৈ থকাত এই কৃষক সকলৰ উৎপাদিত পাচলি বিক্ৰীৰ ক্ষেত্ৰত সমস্যাত পৰে।

অকল কৃষিজাত সামগ্ৰীয়েই নহয় কৃষিজীৱী লোকৰ গৰু-মহ, ছাগলী, গাহৰি, হাঁহ কুকুৰা, শুকান মাছৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য সামগ্ৰী , কৃষিত ব্যৱহৃত নাঙল -যুঁৱলী, মাছ ধৰাৰ সঁজুলি, গাঁৱৰ সৰ্বসাধাৰণ লোকে ব্যৱহাৰ কৰা আচবাব পত্ৰ, কাপোৰ-কানি সকলো উপলদ্ধ এই বিহৰা বজাৰত।

বিগত ১০ টা বছৰত অসম চৰকাৰে বিহৰা বজাৰৰ পৰা ৰাজহ হিচাপে লাভ কৰিছে ৫ কোটিৰো অধিক টকা। 

সম্প্ৰতি লকডাউনৰ বাবে বজাৰখন বন্ধ হৈ থকাত এই ৰাজহৰ পৰাও বঞ্চিত হৈছে অসম চৰকাৰ। একেদৰে বজাৰ পৰিচালনাত প্ৰত্যক্ষভাৱে জড়িত মহলদাৰ আৰু কৰ সংগ্ৰহকাৰীকে ধৰি প্ৰায় দুই শতাধিক লোক কৰ্মহীন হৈ পৰিছে।

এনে সময়তে আজি দেওবাৰৰ দিনা বিহৰা বজাৰ বহিব বুলি বহুতে আশা কৰিছিল যদিও ক’ভিড-১৯ ৰ ভয়াবহ সংক্ৰমনৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখি সংক্ৰমণ প্ৰতিৰোধত দেখা দিব পৰা জটিলতাৰ বাবে স্থানীয় লোকে বিহৰা বজাৰ বহাত বাধা প্ৰদান কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd