১৯৬২ চীন-ভাৰতৰ যুদ্ধ অৱসানৰ পিছৰ কথা।
দুই দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কই এটা গতি লাভ কৰিছে। ৰাজনৈতিক আৰু কূটনৈতিকভাৱে ভাৰতে চীনৰ ওচৰত পূৰ্বতকৈ পৰিপক্ক হৈ উঠিছে প্ৰধানমন্ত্ৰী নেহৰুৰ চেষ্টাত।
নেহৰুৰ মৃত্যুৰ পিছত লালবাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল। শাস্ত্ৰী প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰায় এবছৰ মানৰ পিছত ১৯৬৫ চনত বেইজিঙে দিল্লীক ভাৰতীয় সেনা বাহিনীয়ে চীনৰ ভেড়া ছাগলী চুৰি কৰাৰ অভিযোগ দাখিল কৰিলে।
লালবাদুৰ শাস্ত্ৰী অতি নীতি নিষ্ঠ প্ৰধানমন্ত্ৰী। ইফালে অটল বিহাৰী বাজপেয়ী তেতিয়া জনসংঘৰ অতি সপ্ৰতীভ যুৱ নেতা।
বাজেপয়ীয়ে এখন ট্ৰাকত ৮০০ ভেড়া দিল্লীস্থিত চীনৰ দূতাৱাসলৈ পঠিয়াই ভেড়াৰ পিঠিত লিখিলে, “আমাৰবোৰ খোৱা, কিন্তু যুদ্ধৰ পৰা বিশ্বক বচাই ৰাখা।”
এইদৰেই সেইবাৰ বাজপেয়ীয়ে বেইজিঙক অযথা ছল-ছাতুৰিয়ে যুদ্ধৰ বাবে ভাৰতক প্ৰৰোচিত কৰাৰ উচতি প্ৰত্যুত্তৰ দিছিল।
তাৰ পিছতো বেইজিঙৰ স্বভাৱ সলনি হোৱা নাছিল। ইয়াৰ দুবছৰ পিছত বেইজিঙে পুনৰ ভাৰতীয় সেনা বাহিনীৰ বিৰুদ্ধে ভেড়া চুৰিৰ অভিযোগ তুলিলে।
সেইবাৰ চীনৰ ছিকিমৰ ওপৰত চকু। ছিকিমৰ ৰাজতন্ত্ৰক ভাৰতৰ সমৰ্থন। তেতিয়াও ছিকিম ভাৰতত আনুষ্ঠানিকভাৱে চামিল হোৱা নাই।
আনফালে কাশ্মীৰত ভাৰত-পাক সীমান্তৰ অনুপ্ৰেৱশ সমস্যাত ভাৰাক্ৰান্ত ভাৰত। সেই সুযোগতে চীনে এইবাৰ আকৌ ভাৰতীয় সেনা বাহিনীক চীনৰ ভেড়া চুৰ কৰাৰ অভিযোগ উত্থাপন কৰিলে।
বেজিঙে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পঠিওৱা পত্ৰত লিখিলে যে, ভাৰতীয় সেনা বাহনীয়ে ৮০০ ভেড়া আৰু ৫৯ টা মেঠোন চীনৰ পৰা চুৰি কৰিছে।
এইবাৰো দিল্লীস্থিত চীনৰ দূতাৱাসলৈ বেইজিঙৰ চতুৰালিক কটাক্ষ কৰি জনসংঘৰ নেতা অটল বিহাৰী বাজপেয়ীয়ে প্ৰেৰণ কৰিলে ৮০০ টা ভেড়া।
বেইজিঙে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি লিখিলে, “বাজপেয়ীয়ে চীনৰ জনগণক অপমান কৰিছে। আৰু তেওঁক ভাৰত চৰকাৰে সহায় কৰিছে।”
ইয়াৰ পত্যুত্তৰত ভাৰতে বেইজিঙক জনাইছিল, “এয়া বেইজিং সম্পৰ্কে এজন মানুহৰ স্বতঃস্ফূৰ্ত আৱেগহে। ইয়াৰ সৈতে ভাৰত চৰকাৰৰ কোনো সংযোগ নাই।”
উল্লেখ্য যে, এসময়ৰ জনসংঘৰ এইজন নেতা, বাজপেয়ীয়ে ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা কৰি পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ চীন ভ্ৰমণলৈও গৈছিল।