• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰূপালী জয়ন্তী সম্পন্ন কৰা শিৱসাগৰৰ শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ এতিয়া ইতিহাস হোৱাৰ পথত!

জীয়াই থাকিবলৈ চৰকাৰক শিল্পী পেঞ্চন দিবলৈ আহ্বান প্ৰযোজক বিশ্ব শইকীয়াৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 2, 2020 12:13 pm
20200702_102757

প্ৰযোজক বিশ্ব শইকীয়া

1.1k
VIEWS
Share on FacebookShare on Twitter

২৫ বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী সম্পন্ন কৰা শিৱসাগৰৰ কুঁজিবালি হাঁহচৰাস্থিত শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ এতিয়া ইতিহাস হোৱাৰ পথত।

১৯৯৩ চনত শিৱসাগৰ জিলাৰ কুঁজিবালি হাঁহচৰাৰ সাংস্কৃতিক কৰ্মী বিশ্ব শইকীয়াই নিজা প্ৰচেষ্টাত গঢ়ি তুলিছিল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ।

প্ৰথম অৱস্থাৰ পৰাই থিয়েটাৰখনৰ দৰ্শকৰ ৰুচি সম্পন্ন কাহিনী, উন্নত কাৰিকৰী কৌশল, জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আৰু প্ৰযোজক বিশ্ব শইকীয়াৰ আপ্ৰাণ চেষ্টাৰ বাবে দৰ্শকৰ মাজত সমাদৰ লাভ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰে।

যাৰ বাবে অসমৰ আগশাৰী থিয়েটাৰ সমুহৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।

এইসময়ত শিৱসাগৰৰ কুঁজিবালি হাঁহচৰাৰ স্থায়ী আখৰা গৃহত নাটকৰ আখৰাৰে ৰজনজনাই থকা এই আখৰা গৃহটো এতিয়া নিটাল নিস্তব্ধ। জহি-খহি গৈছে শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ আখৰা গৃহ।

কাৰণ দুটা বছৰৰ পূৰ্বে বন্ধ হৈ পৰে শংকৰদেৱ থিয়েটাৰ। প্ৰযোজক বিশ্ব শইকীয়া এক জটিল ৰোগত আক্ৰান্ত হোৱাত অৰ্থিকভাৱে দূৰ্বল হৈ পৰে পৰিয়ালটো। আৰ্থিক সমস্যা আৰু প্ৰযোজক বিশ্ব শইকীয়া শাৰিৰীক অসুস্থতাৰ বাবে দীৰ্ঘ দিন জিৰণী ল’বলগীয়া হোৱাৰ বাবে শংকৰদেৱ থিয়েটাৰ পুনৰ দৰ্শকৰ মাজলৈ আহিব নোৱাৰিলে। বন্ধ হৈ গ’ল শিৱসাগৰৰ পৰা জন্ম লাভ কৰা অসমৰ অন্যতম থিয়েটাৰ শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ।

আমাৰ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত শংকৰদেৱ থিয়েটাৰৰ প্ৰযোজক বিশ্ব শইকীয়াই কয়,  “সেই সময়ত থিয়েটাৰখন বন্ধ নহ’বলৈ বহু চেষ্টা কৰিলো। অসমৰ বহু ব্যক্তিক থিয়েটাৰখন কিনিবলৈ অনুৰোধ জনাইছিলো, কিন্তু কোনেও আগ্ৰহ নিদিলে থিয়েটাৰখন কিনাৰ বাবে।”

কিছু আৱেগিক হৈ তেওঁ কয়,  “সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ আছিলো যদিও ১৯৯৩ চনত শংকৰদেৱ থিয়েটাৰৰ সৈতে প্ৰত্যক্ষভাৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিলো। বৰ্তমান অসমৰ থিয়েটাৰ উদ্যোগটোৰ দূৰাৱস্থা দেখি মোৰ বুকুত খুন্দা মাৰি ধৰে।”

তেওঁ কয় ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ বাদে ক’তো নাই। অসমৰ থিয়েটাৰ উদ্যোগটো থলুৱা শিল্পী থলুৱা যুৱক যুৱতীৰে গঠিত। এখন এখন থিয়েটাৰত এশৰো অধিক মানুহ জড়িত হৈ থাকে।

কিন্তু বৰ্তমান থিয়েটাৰ উদ্যোগটো অতি দুখ লগা অৱস্থাত আছে বুলি মন্তব্য কৰে। এইবাৰ ক’ৰ’না মহামাৰীৰ বাবে এই মাধ্যমটো অতি বেয়ালৈ গতি কৰিলে। যাৰ বাবে এই মাধ্যমত জড়িত ব্যক্তিসকলৰ পৰিয়াল সমুহৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা হৈছে।

এনে এক জটিল সময়ত তেওঁ চৰকাৰলৈ আহ্বান জনায় যে অসমৰ থিয়েটাৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰিবলৈ আগভাগ লওঁক। মাধ্যমটো জীয়াই ৰাখক, ইয়াৰ লগত জড়িত থলুৱা হাজাৰ হাজাৰ মানুহ জীয়াই ৰাখক চৰকাৰলৈ তেওঁ এইয়াই আহ্বান জনায় বিশ্ব শইকীয়াই।

এসময়ত শতাধিক পৰিয়ালক কৰ্ম সংস্থাপন প্ৰদান কৰা বিশ্ব শইকীয়া এতিয়া আৰ্থিক ভাৱে দূৰ্বল। থিয়েটাৰটেই সমস্ত ধন খৰচ কৰা বিশ্ব শইকীয়াই এতিয়া চৰকাৰক আহ্বান জনাইছে তেওঁৰ দৰে থিয়েটাৰৰ লগত জড়িত প্ৰযোজক তথা আন আন কলা কুশলীক সহায় কৰিবলৈ।

আৰ্থিক অনাতনৰ বাবে শংকৰদেৱ থিয়েটাৰৰ প্ৰযোজক গৰাকীয়ে এইবাৰ চৰকাৰে প্ৰদান কৰা শিল্পী পেঞ্চনৰ বাবে আবেদন জনাইছে। চৰকাৰক অনুৰোধ জনাইছে সংস্কৃতিৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰা তেওঁৰ দৰে শিল্পীক শিল্পী পেঞ্চন প্ৰদান কৰে যেন।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd