• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্রতিৰোধী বন্ধু সকলৰ মাজত ৰাজহ মন্ত্ৰী যোগেন মহনৰ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 3, 2020 8:15 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে বৃহস্পতিবাৰে শিৱসাগৰ জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলাখনৰ ভালেসংখ্যক প্ৰতিৰোধী বন্ধুৰ লগত এখন সভাত মিলিত হয়।

সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে ৰাজহ মন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে জিলাখনৰ প্ৰতিৰোধী বন্ধু সকলে ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত তথা বানপানীৰ সময়ত প্রত্যক্ষৰূপে জড়িত হৈ প্ৰশাসনক আগবঢ়োৱা সহযোগিতাৰ বিষয়ে উল্লেখ কৰে।

Apply Now

প্ৰতিৰোধী বন্ধু সকলক মানসিকভাৱে আৰু বেছি উদ্বুদ্ধ কৰাৰ লগতে অনুপ্ৰেৰণা যোগোৱাৰ অৰ্থে তেওঁলোকৰ সৈতে এই সভাখন আহ্বান কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

উপায়ুক্ত গৰাকীয়ে প্ৰতিৰোধী বন্ধু সকলে জিলা প্ৰশাসনক নিষ্ঠা আৰু আন্তৰিকতাৰে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰে।

সভাত ৰাজহ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ প্ৰতিৰোধী বন্ধু সকলে ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে যুঁজত জিলা প্ৰশাসনক আগবঢ়োৱা সহযোগিতাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা একনিষ্ঠ সেৱাৰ বাবে আন্তৰিকতাৰে শলাগ লোৱাৰ উপৰিও ধন্যবাদ জনায়।

অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এই বিশেষ স্বেচ্ছাসেৱামূলক পদক্ষেপ “প্ৰতিৰোধী বন্ধু”ই ইতিমধ্যেই সমগ্র দেশতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি ৰাজ্যখনৰ ৩৩ খন জিলাত ইতিমধ্যে প্ৰায় ২০,০০০ গৰাকী যুৱকে প্ৰতিৰোধী বন্ধু হিচাপে যোগদান কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে।

তেওঁ কয় যে শিৱসাগৰ জিলাৰ ৫৪৬ গৰাকী প্ৰতিৰোধী বন্ধুৰ কৰ্মদক্ষতা আৰু সেৱাৰ মনোভাৱে যিকোনো ধৰণৰ দুৰ্যোগৰ সময়ত জনসাধাৰণৰ মনত নিশ্চয়কৈ সাহস আৰু মনোবল যোগাবলৈ সক্ষম হ’ব।

তেওঁ এই ক্ষেত্ৰত মহিলা সকলকো আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

যিকোনো ধৰণৰ দুৰ্যোগৰ সময়ত উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ সময়ত চৰকাৰ আৰু প্ৰশাসনৰ লগত জনসাধাৰণৰ সহযোগিতা নিতান্তই প্ৰয়োজনীয়। প্ৰতিৰোধী বন্ধু হিচাপে আৰু অধিক যুৱ শক্তিয়ে যোগদান  কৰাৰ প্ৰয়োজনীয়তা আছে আৰু এই ক্ষেত্ৰত জিলা উপায়ুক্তক বিশেষ উদ্যোগ গ্রহণ কৰিবলৈ আহ্বান জনায়।

ৰাজহ মন্ত্ৰী গৰাকীয়ে কয় যে, পৰৱৰ্তী বিভিন্ন চৰকাৰী প্ৰকল্পত প্ৰতিৰোধী বন্ধু সকলক সংযোজিত কৰাৰ ওপৰত ইতিমধ্যে চিন্তা-চৰ্চা কৰি থকা হৈছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় দক্ষতা বৃদ্ধিৰ বাবে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰাৰো পৰিকল্পনা কৰা হৈছে।

প্ৰতিৰোধী বন্ধু সকলক পূর্বতকৈ অধিক শক্তিশালী কৰাৰ অৰ্থে তেওঁলোকক পৰিচয় পত্ৰ, য়ুনিফৰ্ম আৰু জৰুৰী সা-সামগ্ৰী (kit) প্ৰদান কৰাৰ বিষয়েও চৰকাৰে বিশেষ গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে বুলিও মন্ত্ৰী গৰাকীয়ে সদৰি কৰে।

তেওঁ প্ৰতিৰোধী বন্ধু সকলক দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু বিভাগীয় নীতি-নিৰ্দেশনা সমূহ ভালদৰে অধ্যয়ন কৰি ৰাইজৰ মাজত এই সম্পৰ্কে সচেতনতা বৃদ্ধিৰ বাবে উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

মন্ত্ৰী গৰাকীয়ে জিলাখনৰ প্ৰতিৰোধী বন্ধুসকলে অনাগত দিনত অধিক উদ্যম আৰু নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি যাব বুলি দৃঢ় মতপোষণ কৰে।

ৰাজহ মন্ত্ৰী গৰাকীয়ে প্ৰতিৰোধী বন্ধু সকলৰ লগত মত-বিনিময় কালত তেওঁলোকৰ অভাৱ আৰু সমস্যা সমূহৰ বিষয়ে বুজ লোৱাৰ লগতে এইসমূহ সমাধানকল্পে যথাযথ ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে।

মন্ত্ৰী গৰাকীয়ে আজিৰ সভাত উপস্থিত প্ৰতি গৰাকী প্ৰতিৰোধী বন্ধুক ১০ খনকৈ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ প্ৰদান কৰে।

উক্ত সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য কার্যবাহী বিষয়া মুন গগৈ, অতিৰিক্ত উপায়ুক্ত বিদিত দাস, শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনোৰমা মৰাং, জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া ৰূপম বৰাৰ লগতে সমাজসেৱক সকল ক্ৰমে সুৰভি ৰাজকুমাৰী, ডাঃ প্ৰবীণ কোঁৱৰ আৰু বিজিত গগৈ উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd