আমি নতুন নতুন পৰিকল্পনাৰে সমূখৰ বাটটোত খোজ থৈছিলো মাত্ৰ। তেনেতেই আচম্বিত কৰি সকলো স্তব্ধ কৰি যেন অদূৰত মৃত্যুৱে হাতবাউলি আছে। নাই নাই কিছু আগৰ পৰা আৰম্ভ কৰো, স্তব্ধতা যেন আৰু কেইমাহমান আগৰ পৰা আৰম্ভ হৈছিল।
গণতান্ত্ৰিক জীৱনৰ স্তব্ধতা আছিল আদিপৰ্ব। নানানটা সমস্যাত ককবকাই থকা অসমৰ বাবে এয়া নতুন নহ’লেও আগতকৈ ভয়াৱহ ৰূপ ধৰি অহা অন্য এক সময়। গণতান্ত্ৰিক জীৱন অচল মানে নিজৰ ভেটিটো জৰাজীৰ্ণ হওঁতে মজবুত কৰিব পৰা উপাদানসমূহক আজুৰি মোহাৰি পেলোৱাৰ বাবে যি কূটকৰ্ম চলে। তাৰ পাছতে আহিল অন্য এক স্তব্ধতা।
কোভিড ১৯ ৰ সংহাৰ লীলাত সমগ্ৰ বিশ্ব স্তব্ধ হ’ল। বিশ্বজুৰি মহামাৰীৰ প্ৰতিৰোধৰ বাবে বিশাল জনসংখ্যাৰ ভাৰতবৰ্ষত তলাবন্ধ হ’ল কিছু দেৰিকৈ। অসমত তাতকৈও দেৰিকৈ। উন্নত দেশৰ পৰাই আমদানি হোৱা মহামাৰীয়ে বিজ্ঞানতকৈ চৰকাৰী পৃষ্ঠপোষকতাত গঢ়ি উঠা ধৰ্মবিজ্ঞানৰ ৰীতি নীতিত ব্যাপকভাবে দেশখনক এমূৰৰ পৰা গ্ৰাস কৰাত সম্প্ৰতি বৰ সহজ হৈ পৰিছে। প্ৰতিবাৰৰ দৰেই এইবাৰো এক সু-পৰিকল্পনাৰ অভাৱত ক’ৰ’না আৰু উত্তৰ ক’ৰ’নাৰ সময়ছোৱাৰ যে তথৈৱচ হ’ব সেয়া পৰিষ্কাৰ চিত্ৰ এখন আমি দেখা পাই আছো।
তলাবন্ধ ভাৰতবৰ্ষৰ দৰে দেশৰ বাবে বাবে এক নতুন শব্দ আৰু নতুন ধাৰণা। যি সাৰ্বজনীন নহয়। তলাবন্ধৰ পৰ্বটো শিক্ষানুষ্ঠানসমূহৰ পৰাই আৰম্ভ কৰা হৈছিল। তলাবন্ধ মাজত আঁতৰোৱা হ’ল, বহু অনুষ্ঠান প্ৰতিষ্ঠান খোলা হ’ল, খোলা নহ’ল মাত্ৰ শিক্ষানুষ্ঠানসমূহ। বৰ্তমান চহৰৰ উচ্চ শিক্ষানুষ্ঠানত পঢ়িবলৈ যোৱা গ্ৰামাঞ্চলৰ বহু মেধাৱী ছাত্ৰ-ছাত্ৰী ঘৰলৈ ঘূৰি আহিছে। বিদ্যালয়সমূহৰ বহু ছাত্ৰ-ছাত্ৰী এতিয়া ঘৰতে আৱদ্ধ। কিন্তু শিক্ষাক ৰৈ যাব দিব নোৱাৰি। সেইবুলি তলাবন্ধ সময়ৰ শিক্ষা কৌশল হিচাপে ২০১৫ ত সূচনা কৰা Digital India ৰ ধাৰণাটো এক অনন্য আৰু একমাত্ৰ বুলি ভাবি আগবঢ়া হ’ল। উন্নত দেশসমূহত এইবোৰ ব্যৱস্থা বহু বছৰ আগতেই হৈছিল, গতিকে তলাবন্ধত তেঁওলোকৰ বাবে এয়া নতুন নহয়। সমগ্ৰ বিশ্বৰ ১৫৬ কোটি শিক্ষাৰ্থীৰ ৩২ কোটি ভাৰতৰ। ইয়াৰে ১৬ নিযুত শিক্ষাৰ্থী হৈছে চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত আৰু ৩৬ নিযুত শিক্ষাৰ্থী উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত। বাকী দেশসমূহত লাহে লাহে ক’ৰ’না ভীতি সম্প্ৰতি আঁতৰিব ধৰিছে, কিন্তু ভাৰতবৰ্ষত সম্প্ৰতি বাঢ়িব ধৰিছে ক’ৰ’না ভীতি। ক’ৰ’না ভীতিৰ লগতে ৩২ কোটি শিক্ষাৰ্থীয়ে এক অনিশ্চয়তাত দিনবোৰ পাৰ কৰি আছে। অনিশ্চয়তা হ’লেও অনলাইন পাঠদান কাৰ্যই বহুখিনি ছাত্র-ছাত্ৰীক শৈক্ষিক জীৱনটো ভালদৰে চলাই নিয়াত সক্ৰিয় হৈ আছে, কিন্তু সেয়া যে সাৰ্বজনীন নহয়।
সুচল আৰ্থিক অৱস্থাৰ পৰিয়ালৰ পৰা ছাত্ৰ-ছাত্ৰী আগশাৰীৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহত পঢ়াৰ লগতে তেওঁলোকে পৰিয়ালৰ পৰাও যথেষ্ট সঁহাৰি পায়। কিন্তু বাকী থাকি যায়, এই ১৬ নিযুত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। অসমৰ বাহিৰৰ বিদ্যালয়সমূহৰ কথা বৰ বিশেষ নাজানো, দেখাও নাই, কিন্তু অসমৰ অতি কমেও ৬৪ হেজাৰ ছাত্ৰ-ছাত্ৰী চৰকাৰী বিদ্যালয়ৰ আৰু তেওঁলোকৰ বেছিসংখ্যকৰে ঘৰৰ আৰ্থিক দিশটো সুচল নহয়।
এতিয়া কথা হ’ল, যে অনলাইন পাঠদানৰ বাবে শিক্ষক আৰু শিক্ষাৰ্থীৰ উভয়ৰে লাগিব একোটা Android ফোন। ল’কডাউনৰ সময়ছোৱাত অনলাইন পাঠদানৰ বাবেই ছাত্র-ছাত্ৰীৰ হাতত আহি পৰিলনে একোটা Android ফোন? দোকানসমূহত যথেষ্ট বিক্ৰী হোৱাও শুনিছো। হয়তো বহু পৰিয়ালৰ মূৰত মাধমাৰ একোটা পৰিও কিনিবলগীয়া হ’ল আৰু কিছুসংখ্যকে নোৱাৰিলেও। যিসকলে কিনিলে, তেওঁলোকৰ ঘৰৰ মোবাইলটো ব্যৱহাৰ হ’লনে? অনলাইন পাঠদানৰ বাবে প্ৰযুক্তি কৌশলৰ উপৰিও অন্য এক প্ৰয়োজনীয় সমল হৈছে ইন্টাৰনেট ব্যৱস্থা। ইন্টাৰনেট ব্যৱস্থাৰ বাবে মাহিলি খৰচ এটা লাগিব। কোনোমতে ফোন এটা যোগাৰ কৰি দিয়া পৰিয়ালসমূহে মাহিলি ইন্টাৰনেটৰ খৰচটো বহন কৰিব পৰাকৈ সক্ষম নহয়। লগতে বহু গ্ৰামাঞ্চলতে টেলিকম নেটৱৰ্ক সক্ৰিয় নহয়। তাৰ পাছতো অনলাইন পাঠদান পূৰ্ণগতিত চলি আছেনে নাই তাৰ তথ্য সাপ্তাহিক ভিত্তিত পৰিদৰ্শন বিভাগে বিদ্যালয়ৰ পৰা বিচাৰিছেও।
পূৰ্ণগতিত নচলা নহয়, চলিছে। বহুকেইগৰাকী শিক্ষকে বহু কষ্টও কৰিছে। কিন্তু আটাইসংখ্যক শিক্ষাৰ্থীয়ে অনলাইন পাঠদানৰ সুবিধা লাভ কৰিব পৰা নাই। প্ৰমাণস্বৰূপে চুবুংছাৰ নাৰ্জাৰীৰ আত্মহত্যা। চুবুংছাৰ হতাশ হৈছিল এইকাৰণেই যে তেওঁ অনলাইন পাঠদানৰ সুবিধা লবলৈ অসমৰ্থ আছিল। পৰ্যাপ্ত প্ৰযুক্তিৰ অভাৱ বুলি তেওঁক আচলতে হত্যা কৰা হ’ল। সংবাদ মাধ্যমত ডুলি থাকিল চুবুংছাৰৰ বাতৰি। চেমনীয়া এজনে এনে পথ ল’ব বুলি আমি কেতিয়াও কল্পনা নকৰিলেও, সামাজিক কাৰণ একোটাত জীৱন একোটা নোহোৱা হৈ যায়, হৈ গৈ আছে। অৱশ্যে এদিনৰ বাবে উক দি উঠা শোকৰ বন্যাত দিনদিয়েকৰ পাছত চুবুংছাৰক পাহৰি থকা হ’ল।
অনলাইন পাঠদানৰ লগত অতিকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হৈছে যে শিক্ষক আৰু শিক্ষাৰ্থী এই কৌশল লৈ সাজু হয় নে নহয়। আমাৰ বহুসংখ্যক শিক্ষক শ্ৰেণীকোঠাত থিয় হৈ ক’লাফলক আৰু চকপেঞ্চিলৰ সহায়ত লিখি বুজোৱাতহে সহজ হৈ আছে। তাৰোপৰি অৰ্ধেকসংখ্যক বিদ্যালয় শিক্ষকেই প্ৰযুক্তি কৌশলৰ লগত অভ্যস্ত নহয়। ফলস্বৰূপে তেওঁলোকে অনলাইন পাঠদানৰ যোগেদি শিক্ষাৰ্থীৰ মনোযোগ পূৰ্বৰ দৰে আকৰ্ষণ কৰিব নোৱাৰে। লগতে অন্য এক সমস্যা হৈছে হোৱাটছএপ ফেচবুক ইত্যাদি চছিয়েল মিডিয়াত ধাৰসাৰ গতিত ভাগবটোৱাৰা হৈ থকা কিছুমান বাতৰি, মন্তব্যই পাঠদান কৰি থকা অৱস্থাত শিক্ষাৰ্থীৰ মনোযোগ লাঘৱ কৰিব পাৰে।
আমাৰ দেশত ৬৩০ নিযুত মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰে। কিন্তু গ্ৰামাঞ্চলৰ ২৫.৩% (১০০জনৰ ভিতৰত) জনসংখ্যাই ইন্টাৰনেট ব্যৱহাৰ কৰে, য’ত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ৬৬% হৈছে গ্ৰামাঞ্চলৰ। তাতকৈও ডাঙৰ কথাটো হৈছে ভাৰতবৰ্ষত খুব কম সংখ্যক লোকেহে মোবাইলটো অকল মনোৰঞ্জনৰ বাদে শিক্ষাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি বুলি ভাবে। টিকটক জাতীয় এপবোৰ চৰকাৰে বন্ধ কৰিলেও এতিয়াও তেনেধৰণৰ মনোৰঞ্জনমূলক ভিডিঅ’সমূহক (যিবোৰে মনোৰঞ্জনৰ বাদে বহু বিদ্বেষ আৰু বৈষম্যমূলক ধাৰণাও সমাজত বিয়পাইছে) লৈয়েই ভাৰতবৰ্ষৰ বহু জনতাই মোবাইল একোটা ব্যৱহাৰ কৰি আছে। এয়া তেওঁলোকৰ ভুল নহয়। প্ৰযুক্তি লৈ ভাৰতবৰ্ষৰ জনতা পুঁজিবাদী ৰাষ্ট্ৰৰ জালত কোনোবা কালতেই পৰিছে। এইসমূহ সমস্যা চালি জাৰি নোচোৱাকৈ ডিজিটেল মাধ্যম বিদ্যালয় শিক্ষাৰ বাবে ভাৰতবৰ্ষত সাৰ্বজনীন নোহোৱাৰ লগতে বৰ বিশেষ উপকাৰী নহয় বুলি আমি ভাবো। তাৰ মাজতে গুণগত শিক্ষাৰ নামত আজিকোপতি চৰকাৰে কি পন্থা অৱলম্বন কৰিছে বুলি কৰা প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। কিয়নো শিক্ষাৰ নামত চৰকাৰৰ পৰ্যাপ্ত বাজেট নায়েই। প্ৰযুক্তিগত মাধ্যমৰ লগত অপৰিচিত জনতাৰ ওপৰত হঠাতে প্ৰযুক্তি ব্যৱহাৰৰ কথা আহি পৰিলে কি ধৰণৰ সমস্যা হৈ আছে তাক দেখাৰ পাছতো যদি আমি একেই কথাতেই লাগি থাকো, বিকল্প সমাধান নাভাবো, তেনেহলে অনিশ্চয়তাৰ হতাশাই আৰু বহু জীৱনৰ বাবে বিপদঘন্টা বজাব।
লেখিকাৰ ইমেইল- [email protected]