• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 18, 2025 1:49 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোট জালিয়াতিৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তেজনা এতিয়া তীব্ৰতৰ হৈ পৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই অভিযোগৰ পাছত এতিয়া বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই সংসদত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহাভিযোগ (ইমপিচমেন্ট) জাননী দাখিলৰ কথা চিন্তা কৰিছে। সংবিধানৰ ৩২৪(৫) অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰেই মুখ্য নিৰ্বাচন আয়ুক্তক মহাভিযোগৰ জৰিয়তে অপসাৰণ কৰিব পাৰি।

আগষ্টৰ আৰম্ভণিতে লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু হাৰিয়ানাত ভোট জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল। বেংগালুৰু চেণ্ট্ৰেলৰ মহাদেৱপুৰা সমষ্টিত বিজেপিৰ জয়ত ১ লাখৰো অধিক ভোট ‘চুৰি’ হোৱা বুলি দাবী কৰে। তেওঁ অভিযোগ কৰে যে আয়োগে ভোটাৰ তালিকা আৰু তথ্যত জালিয়াতি কৰি বিজেপিক সুবিধা কৰি দিছে।

Apply Now

দেওবাৰে দিল্লীত এখন সংবাদমেলযোগে নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এই অভিযোগক ‘ভিত্তিহীন’ বুলি খাৰিজ কৰে। তেওঁ কয় যে সংবিধানক অপমান কৰা হৈছে। ৰাহুলক প্ৰত্যাহ্বান জনাই কুমাৰে কয় যে হয় শপতনামাৰ জৰিয়তে প্ৰমাণ দিব লাগে নহয় দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে। অন্যথা অভিযোগ মিছা বুলি প্ৰমাণিত হ’ব।

ৰাহুলৰ কাষত থিয় দিছে বিৰোধী শিবিৰ। কংগ্ৰেছ নেতা পৱন খেৰাই কটাক্ষ কৰি কয়, “আজি যেন বিজেপিৰ মুখপাত্ৰই কথা কৈছে, কোনো স্বতন্ত্ৰ সাংবিধানিক কৰ্তৃপক্ষই নহয়।”

আয়োগৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে আৰজেডিৰ সাংসদ মনোজ ঝাই। ঝাৰখণ্ড মুক্তি মৰ্চাৰ সাংসদ মহুৱা মাঝিয়ে কয় যে আয়োগে ৰাহুলে দাখিল কৰা নথি-পত্ৰৰ সত্যতা পৰীক্ষা কৰি দেশক অৱগত কৰিব লাগে।

ৰাহুল গান্ধীয়ে পুনৰবাৰ আয়োগৰ স্থিতিক “নিৰ্বাচিত” আক্ৰমণ বুলি অভিহিত কৰিছে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে একেধৰণৰ মন্তব্য কৰিলেও আয়োগে তেওঁৰ পৰা শপতনামা বিচৰা নাছিল।

যোৱা ৭ আগষ্টত এখন সংবাদমেলত ৰাহুল গান্ধীয়ে কৈছিল যে মহাদেৱপুৰাত একে ঠিকনাতে ৮০ জন ভোটাৰক দেখুওৱা হৈছিল, আৰু অবৈধ ঠিকনা আৰু ভুৱা পঞ্জীয়নৰ ইংগিত আছে। তেওঁ দাবী কৰে যে আয়োগে প্ৰমাণ ধ্বংস কৰিছে কাৰণ বুথসমূহৰ চিচিটিভি আৰু ৱেবকাষ্টিং ফুটেজ মাত্ৰ ৪৫ দিনৰ বাবে ৰখা হৈছিল।

ইয়াৰ উত্তৰত কুমাৰে কয় যে ভোটাৰৰ ব্যক্তিগত গোপনীয়তাৰ স্বাৰ্থত সীমিত সময়ৰ বাবে ফুটেজ ৰখা হৈছিল। তেওঁ কয়, “যদি কোনো ভোটাৰৰ মাতৃ, কন্যা বা ভনীয়েকৰ ভোটদানৰ ভিডিঅ’ জনসাধাৰণৰ মাজলৈ আহে, তেন্তে সেয়া গ্ৰহণযোগ্য হ’বনে?”

তেওঁ লগতে কয় যে মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাৰ খচৰা পৰ্যায়ত কোনো অভিযোগ অহা নাই। নিৰ্বাচনৰ আঠ মাহৰ পাছতো কোনেও প্ৰমাণ দিব পৰা নাই। গতিকে অভিযোগসমূহ বাৰে বাৰে আওৰাই থাকিলেই সেইবোৰ সঁচা হৈ নাযায়।

বিৰোধীয়ে মহাভিযোগ দাখিলৰ পদক্ষেপে নিৰ্বাচন আয়োগক লৈ বিতৰ্ক তীব্ৰতৰ হ’ব বুলি ৰাজনৈতিক মহলে ভাৱে। অৰ্থাৎ সংবিধান ৰক্ষাৰ যুঁজৰ আঁৰত বিৰোধী শিবিৰ আৰু বিজেপিৰ মুখামুখি সংঘাত অধিক স্পষ্ট হৈ পৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd