• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মুক্ত চিন্তা’ ই-আলোচনীৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন : বিভিন্নজনৰ শুভ কামনা প্ৰকাশ

"....এখন অনলাইন আলোচনীৰ বাবে এয়া এক বৃহৎ সাফল্য....", বিশিষ্ট যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2020 3:49 pm
muktosinta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনলাইন আলোচনী ‘মুক্ত চিন্তা’ই এটি-দুটিকৈ পাঁচোটি বছৰ অতিক্ৰম কৰিলে। এই গৌৰৱময় যাত্ৰাত পঢ়ুৱৈ আৰু শুভাকাংক্ষীৰ অকৃত্ৰিম আগ্ৰহ আৰু সহযোগিতাক ধন্যবাদ জ্ঞাপন কৰিছে মুক্ত চিন্তাৰ পৰিয়ালে।

উল্লেখ্য যে ১৯৯৫ চনৰ ২১ ছেপ্টেম্বৰত ডিব্ৰুগড়ত কেইজনান যুক্তিবাদী আৰু বিজ্ঞানমনস্ক লোকে এক বিশেষ উপলক্ষত ‘ৰেশ্যনেলিষ্ট ছ’চাইটি’ গঠন কৰিছিল। এই ছ’চাইটিখনেই ২০০৩ চনৰ অক্টোবৰ মাহত যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ অনুশীলন সাংগঠনিক ৰূপত সম্পাদন কৰিবলৈ গঠন কৰে এখনি সমূহীয়া মঞ্চ-‘যুক্তি-বিকাশ সমিতি, অসম’।

যুক্তি-বিকাশ সমিতি, অসম-এ সাম্প্রদায়িকতা, মৌলবাদ, বৰ্ণবাদ, ডাইনী-বিশ্বাস, নাৰী-অৱদমন, জ্যোতিষ, ফেংচুই, বুদ্ধিদীপ্ত নিৰ্মাণ আদিৰ দৰে নেতিবাচক আৰু অনিষ্টকৰ ধ্যান-ধাৰণাৰ আঁৰৰ অৰ্থনৈতিক-ৰাজনৈতিক-সামাজিক-মনস্তাত্ত্বিক দিশসমূহৰ কথা সহজ-সৰল প্রকাশভংগীৰে প্রচাৰ কৰিবলৈ মনস্থ কৰে। এই প্ৰচেষ্টাৰ অংশ হিচাপে ২০১২ চনলৈকে সমিতিয়ে প্রকাশ কৰি উলিয়ায় স্বয়ং-সম্পূৰ্ণ ষোল্লখন উচ্চমানবিশিষ্ট পুস্তিকা।পাছলৈ এই পুস্তিকাসমূহ একেলগ কৰি দুখন পৃথক গ্রন্থত সংকলিত কৰা হয়। পাঠকৰ বিপুল সঁহাৰি আৰু প্রতিক্রিয়াশীল মহলৰ বিৰূপ প্রতিক্রিয়াই সমিতিক অধিক সচেতন আৰু সক্রিয় কৰি তুলিলে।

ইন্টাৰনেট ব্যৱস্থাৰ আগমনৰ লগে লগে অসমতো ছ’চিয়েল মিডিয়াই ব্যাপকভাৱে  জনপ্রিয়তা লাভ কৰিলে। এই কথাটোলৈ লক্ষ্য ৰাখি ২০১১ চনৰ অক্টোবৰ মাহত ‘মুক্ত চিন্তা’ নামৰ ফেইচবুক গোট এটি গঠন কৰা হয়। গোটটিৰ মজিয়াত অনলাইন জগতখনত সক্রিয় বহুসংখ্যক নৱীন-প্রবীণৰ উদ্দীপনাময় অংশগ্রহণে সমিতিৰ কাম-কাজ অধিক ত্বৰান্বিত কৰি তুলিলে। বিশেষকৈ, বহুতো উৎসাহী যুক্তিবাদী তৰুণ-তৰুণীৰ কণ্ঠেৰে মুখৰিত হৈ পৰে মুক্ত চিন্তা-ৰ প্রাংগণ।

২০১৪ চনৰ মাৰ্চ মাহত সমিতিৰ ত্রৈমাসিক আলোচনী ‘এষণা’ই ৰাইজৰ মাজত আত্মপ্রকাশ কৰে। যুক্তিবাদ, বিজ্ঞানমনস্কতা, নিৰীশ্বৰবাদ, পুৰুষতন্ত্ৰ, সমাজনীতি আদিৰ বিষয়ে সহজ-সৰল ভাষাত বিভিন্ন প্ৰবন্ধ এই লিট্‌ল মেগাজিনখনত প্ৰকাশ পাই আহিছে।

উপৰিউক্ত কাম-কাজৰ উপৰিও, সীমিত সামৰ্থ্যৰ মাজতে মুক্ত চিন্তা গোটে বিভিন্ন ঠাইত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। প্ৰয়োজনসাপেক্ষে ৰাজপথত আয়োজন কৰিছে প্ৰতিবাদী কাৰ্যসূচীৰ।

২০১১ চনত আৰম্ভ কৰা ‘মুক্ত চিন্তা’ ফেইচবুক গোটটিৰ কথা ইতিমধ্যেই উল্লেখ কৰি আহিছো। এইটো গোটত দিনে দিনে চিন্তাশীল লেখা আৰু আলোচনাৰ পয়োভৰ ঘটিবলৈ ধৰিলে।

গোটটোৰ মজিয়াত বহুতো নতুন লেখক-লেখিকাৰ ভৱিষ্যতৰ সম্ভাৱনাৰ উমান স্পষ্টকৈ পৰিলক্ষিত হ’ল। তেখেতসকলৰ কৰ্মোদ্যম আৰু অভিজ্ঞসকলৰ দিহা-পৰামৰ্শক সাৰথি কৰি ২০১৫ চনৰ জুলাই মাহত অনলাইন আলোচনী ‘মুক্ত চিন্তা’ই আত্মপ্ৰকাশ কৰে।

অনলাইন জগতখনৰ সৈতে অপৰিচিত লেখক-লেখিকাসকলৰ ৰচনাকো আলোচনীখনিত গুৰুত্বসহকাৰে স্থান দি অহা হৈছে। সম্ভাৱনাপূৰ্ণ নতুন লেখক-লেখিকাৰ লিখা প্রকাশ কৰাটো এই আলোচনীখনিৰ এটা উল্লেখ কৰিবলগীয়া দিশ।

মুক্ত চিন্তা-ই প্ৰকাশৰ পাছতেই পাঠক-পাঠিকাৰ সমাদৰ লাভ কৰিলে। প্ৰকাশিত ৰচনাসমূহ নানান সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হোৱা চকুত পৰিল। নতুন নতুন লেখক-লেখিকাৰ আত্মপ্ৰকাশ ঘটিল আলোচনীখনত।

ইয়াৰ পিছতে সদস্যসকলৰ সজীৱ-সক্ৰিয়তাক সম্বল কৰি ২০১৭ চনত জন্ম দিয়া হ’ল এটি প্ৰকাশন গোষ্ঠীৰ, নাম ‘মুক্ত চিন্তা প্ৰকাশন’। এতিয়ালৈকে প্ৰকাশন গোষ্ঠীটোৱে চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। যুটীয়াভাৱে প্ৰকাশ কৰিছে দুখন কিতাপ। প্ৰকাশিত গ্ৰন্থকেইখনক পঢ়ুৱৈসমাজে আগ্ৰহেৰে আদৰণি জনাইছে।

আজি অনলাইন আলোচনী মুক্ত চিন্তা-ই পঞ্চম বৰ্ষত ভৰি দিছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’না মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবে মুক্ত চিন্তা ই-আলোচনীৰ পঞ্চম বৰ্ষপূৰ্তিৰ অনুষ্ঠান আয়োজন কৰিব নোৱাৰিলে মুক্ত চিন্তা গোটে।

আনহাতে, অনলাইন আলোচনী মুক্ত চিন্তাৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে সামাজিক মাধ্যম ফেইচবুকত আজি বিভিন্নজনে অতি উচ্ছ্বসিত মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেনে দুটামান উদাহৰণ তলত দাঙি ধৰা হ’ল।

মনজিতা শইকীয়াই লিখিছে : “….মুক্ত চিন্তা  নামটোতেই প্ৰতিভাত হয় আলোচনীখনৰ উদ্দেশ্য। সকলো বয়সৰ লোককে চিন্তাৰ খোৰাক যোগাই অহা আলোচনীখনে মোৰ দৰে পাঠককো নিজৰ মনৰ পৰা কিছুমান অন্ধবিশ্বাস বা আহুকলীয়া ধ্যান-ধাৰণা নিলগাই ৰখাত সহায় কৰিছে। বিজ্ঞান, অন্ধবিশ্বাস, ৰাজনীতি, সাহিত্যৰ পুংখানুপুংখ, যুক্তি আৰু তথ্যগত নিৰ্মোহ বিশ্লেষণ মুক্ত চিন্তাৰ স্বকীয়তা। এই স্বকীয়তাৰে মুক্ত চিন্তাই অনাগত বছৰবোৰত পাঠকক আৰু অধিক আকৃষ্ট কৰি তোলক।”

ৰক্তিম শৰ্মাই লিখিছে : “মুক্ত চিন্তা-ই আমাৰ দৰে মানুহবোৰৰ বাবে এখন প্লেটফৰ্ম তৈয়াৰ কৰিব পাৰিছে৷ এয়া আমাৰ বাবে সুখৰ কথা। আশাকৰোঁ “মুক্ত চিন্তা“-ই ইয়াৰ পৰিধি আৰু ব্যাপক কৰি তুলিব৷ বৰ্ষপূৰ্তিৰ ওলগ যাচিছোঁ।”

মমিন বৰাই লিখিছে : “যি ধাৰা আৰু গতিৰে আলোচনীখন আগবাঢ়ি গৈ আছে, সেইটো অক্ষুণ্ণ ৰখাটোৱেই বিচাৰোঁ। কাৰণ এই সময়ত সেই ধাৰা আৰু গতিক চলাই থাকিব পৰাটোও এটা প্ৰত্যাহ্বানেই।…”

“মুক্ত চিন্তাৰ পৰিসৰ বৃদ্ধি হওক, যুক্তিবাদ সফল হওক বুলি আশা কৰাৰ সময়ত কিছুমান ভাৱনাও মনলৈ আহিছে৷ যেনে- অনাগত দিনত ছাত্ৰ-সমাজক আৰু অধিক মুক্ত চিন্তাৰ সৈতে জড়িত কৰাৰ কথাটো৷ বিশেষকৈ নতুন লেখক সৃষ্টি কৰাটোও এক দায়িত্ব বুলি ভবাটো৷ নতুন লেখকে নতুন পাঠকো সৃষ্টি কৰে৷ তাকে কৰিবলৈ যাওঁতে অৱশ্যে লেখাৰ ‘মান’ৰ ক্ষেত্ৰত কিছু এৰা-ধৰাৰ প্ৰশ্নও আহিব৷ কিন্তু যুক্তিবাদৰ লক্ষ্য আৰু উদ্দেশ্যেই ইয়াক সম্ভৱ কৰি তুলিব বুলি ভাবিব পাৰি৷”- ৰূপালীম দত্ত‌ই লিখিছে এইদৰে।

লক্ষ্যজ্যোতি বৰঠাকুৰে লিখিছে এইদৰে: “অসমীয়া ভাষাত প্ৰকাশিত ই-আলোচনীসমূহৰ ভিতৰত মুক্ত চিন্তা অন্যতম। আলোচনীখনে পাঁচ বছৰ সম্পূৰ্ণ কৰাৰ এই শুভক্ষণত ইয়াৰ লগত জড়িত সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। যুক্তিবাদ আৰু বিজ্ঞান-মানসিকতাৰ প্ৰসাৰৰ ক্ষেত্ৰত মুক্ত চিন্তা-ই প্ৰথমৰ পৰাই বলিষ্ঠ ভূমিকা লৈ আহিছে।…”

“…যুক্তিবাদী চিন্তা, তথ্যপূৰ্ণ তথা নিৰ্মোহ বিশ্লেষণাত্মক লেখাৰে মুক্ত চিন্তা  অন-লাইন আলোচনীখনে ভাৰ্চুৱেল আলোচনীৰ জগতত ইতিমধ্যেই নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। আমি আশা ৰাখিম, অনাগত দিনত মুক্ত চিন্তা-ৰ এই গতি দুৰ্নিবাৰ হওক, আৰু এখন প্ৰকৃততেই যুক্তিবাদী-সত্যসন্ধানী পাঠক সমাজ সৃষ্টি আৰু বৃদ্ধি কৰাৰ ক্ষেত্ৰত মুক্ত চিন্তা-ই অগ্ৰণী ভূমিকা লওক।…” এইদৰে লিখিছে মনোৰঞ্জন বৰদলৈয়ে।

অদিতি বৰুৱা নামৰ নৱপ্ৰজন্মৰ প্ৰতিনিধিগৰাকীয়ে লিখিছে : “….সঁচা অৰ্থত এই আলোচনীখনে সকলো বয়সৰ পাঠকক বাৰুকৈয়ে আকৰ্ষিত কৰিছে আৰু নামৰ দৰেই ই এক মুক্ত চিন্তাৰ ভাৱধাৰা আগবঢ়াইছে। আলোচনীখনৰ বৈজ্ঞানিক আৰু যুক্তিপূৰ্ণ লেখাই প্ৰায়বোৰ পাঠকৰে মন আৰু মগজু প্ৰাৰম্ভিক অজ্ঞানতাৰ পৰা আঁতৰ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰ দিশে টানি আনিছে বুলি মোৰ দৃঢ় বিশ্বাস।….”

বিশিষ্ট যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈয়ে ফেইচবুকত এই বিষয়ে লিখিছে : “যুক্তি-বিকাশ সমিতি, অসম-ৰ অনলাইন আলোচনী মুক্তচিন্তা-ই পাঁচ বছৰ পূৰ্ণ কৰিলে। এখন অনলাইন আলোচনীৰ বাবে এয়া এক বৃহৎ সাফল্য। নামটোৱেই সূচায় যে আলোচনীখনে বিভিন্ন সামাজিক মানৱিক বিষয় বা সমস্যা মুক্তভাৱে আলোচনা কৰাৰ পৰিৱেশ গঢ়িব পাৰিছে। বিষয়সমূহৰ যুক্তিপূৰ্ণ বিচাৰ বিশ্লেষণ আলোচনীখনৰ মূল বৈশিষ্ট্য।….পাঁচ বছৰ সফলতাৰে অতিক্ৰম কৰা মুক্তচিন্তা  আলোচনীখনে সমাজৰ এমুঠিমান মানুহৰ মনতো যদি মুক্ত চিন্তাচৰ্চা তথা যুক্তিৰ বীজ সিঁচিব পাৰিছে- সেয়াই হ’ব এটা বৰ ডাঙৰ প্ৰাপ্তি। আমি আলোচনীখনলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু যিকেইজন ব্যক্তিয়ে আশাশুধীয়া পৰিশ্ৰম কৰি এটা মানসম্পন্ন ৰূপত আলোচনীখন প্ৰকাশৰ ব্যৱস্থা কৰি আহিছে তেওঁলোকলৈ অভিনন্দন যাচিছোঁ।”

এনেদৰে বিভিন্নজনে বৰ্ষপূৰ্তি উপলক্ষে মুক্ত চিন্তা-লৈ শুভেচ্ছা জনাইছে বহুজনে। আনহাতে, মুক্ত চিন্তা গোটে ২০১৭ চনত ইউটিউব যোগে মুক্ত চিন্তাৰ এটি প্ৰস্তুত কৰি মুকলি কৰিছিল। সমুদ্ৰ কাজল শইকীয়াই ৰচনা আৰু সংগীত ব্যৱস্থাপনা কৰা উক্ত গীতটো মুক্ত চিন্তাৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আজি সামাজিক মাধ্যম ফেইচবুকত বহুলভাৱে প্ৰচাৰ আৰু প্ৰচলন হোৱা দেখা গৈছে।

পাঠকৰ মাজত দেখা পোৱা এনে সঁহাৰিয়ে আলোচনীখনৰ সম্পাদকমণ্ডলীক খুবেই উৎসাহিত কৰিছে বুলি তেওঁলোকে জনাইছে, আৰু ভৱিষ্যতৰ দিনসমূহত পাঠক তথা লেখকৰপৰা অধিক সহযোগিতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd