তিব্বতৰ আধ্যত্মিক গুৰু দলাই লামাক ভাৰতে ১৯৫৯ চনৰ পৰা আশ্ৰয় প্ৰদান কৰি থকা বাবে ভাৰতত ধন্যবাদ জ্ঞাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰয়।
দালাই লামাৰ ৮৫ সংখ্যক জন্মদিনৰ শুভক্ষণত আমেৰিকা যুক্তৰাষ্ট্ৰই এইদৰে মন্তব্য কৰে।
”চীনৰ বিস্তাৰবাদ আৰু দমণবাদৰ বিৰুদ্ধে দালাই লামাৰ মহানতা আৰু তিব্বতৰ জনসাধাৰণৰ সহিষ্ণুতা আৰু ধৈৰ্য্য সকলোৰে বাবে আদৰ্শ স্বৰূপ। তেওঁলোকৰ ইচ্ছা পুৰণ হওঁক,” আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাউচ প্ৰতিনিধি নেনচি পেল’চিয়ে এইদৰে কয়।
উল্লেখযোগ্য যে, ৬ জুলাইত তিব্বতৰ আধ্যাত্মিক গুৰু দালাই লামাৰ ৮৫ সংখ্যক জন্মদিনত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে ভাৰতৰ ৰাজনৈতিক নেতা সকলে শুভেচ্ছা জ্ঞাপন কৰে।
আনহাতে, টাইৱানৰ তৰফৰ পৰাও দালাই লামাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি পুনৰ টাইৱান ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।
চীনৰ আগ্ৰাসনৰ পাছৰে পৰা দালাই লামাই তিব্বতৰ পৰা বহু সংখ্যক লোকৰ সৈতে পলায় আহি ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে।