• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্ত্ৰাসবাদীৰ গুলীত জম্মু-কাশ্মীৰৰ যুৱ বিজেপি নেতাৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2020 12:47 pm
4.9k
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ বান্দীপোৰা জিলাত বুধবাৰে সন্ধিয়া সন্ত্ৰাসবাদীৰ গুলীত নিহত হয় বিজেপি নেতা ৱাছীম বাৰী। সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণটোত ৱাছীমৰ পিতৃ আৰু ভাতৃৰো মৃত্যু হয়।

এই নৃশংস হত্যাকাণ্ডৰ  পিছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে ঘটনাৰ বুজ লোৱাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

এই কথা জনায় কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে।

জানিব পৰা মতে বিজেপি নেতা ৱাছীম বাৰী, পিতৃ আৰু তেওঁৰ ভাতৃয়ে নিজৰ দোকানত ব্যস্ত আছিল। সেই সময়তে অচিনাক্ত বন্দুকধাৰী এটা দল আহি তিনিওজনকে গুলীয়াই।

গুলীচালনাত তিনিওজনৰে মৃত্যু হয়।

উল্লেখ্য যে, বিজেপি নেতাগৰাকীৰ সুৰক্ষাৰ বাবে আঠজন সুৰক্ষাকৰ্মী নিয়োজিত কৰা হৈছিল যদিও ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলত এজনো উপস্থিত নাছিল।

এই সন্দৰ্ভত জম্মু-কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে কয়, ‍‘ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে, বিজেপি নেতাগৰাকীৰ সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত আটাইকেইগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছে’।

ইফালে এই হত্যাকাণ্ড সন্দৰ্ভত ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই টুইট কৰি কয়, ‍‘তেওঁলোকৰ মৃত্যু দলৰ বাবে বৃহৎ ক্ষতি। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বলিদান অথলে যাব নিদিও।

বিজেপিৰ জ্যেষ্ঠ নেতা ৰাম মাধৱেও এই ঘটনাক তীব্ৰ গৰিহনা জনাইছে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd