ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে আজি সংবাদ মাধ্যমৰ আগত কেতিয়াৰ পৰা ঘৰুৱা ক্ৰিকেট আৰম্ভ হ’ব সেই বিষয়ে জানিবলৈ দিয়ে।
গাংগুলীয়ে কয় যে ভাৰতৰ ঘৰুৱা ক্ৰিকেট তেতিয়াহে আৰম্ভ হ’ব যেতিয়া ক্ৰিকেটাৰসকলে সুৰক্ষিতভাৱে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ ভ্ৰমণ কৰিব পাৰিব।
উল্লেখ্য যে ২০২০-২১ বৰ্ষৰ ঘৰুৱা ক্ৰিকেট আগষ্টৰ অন্তত বিজয় হাজাৰে ট্ৰফিৰ জৰিয়তে আৰম্ভ হোৱাৰ কথা আছিল। সাধাৰণতে বিজয় হাজাৰে ট্ৰফিৰ পিছতে ৰঞ্জি, দিলীপ ট্ৰফি আৰু চৈয়দ মুস্তাক আলী ট্ৰফিৰ আৰম্ভ হয়।
কিন্তু লকডাউনৰ বাবে যোৱা ছিজনৰ ইৰাণী ট্ৰফি স্থগিত ৰাখিছিল।
ব্যক্তিগত টিভি চেনেল এটাৰ সাংবাদিকে ঘৰুৱা আৰু জুনিয়ৰ ক্ৰিকেট সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে কয়, ‘ক’ৰ’না ভাইৰাছ নিয়ন্ত্ৰণত অহাৰ পিছতহে ঘৰুৱা ক্ৰিকেট আৰম্ভ হ’ব’।
গাংগুলীয়ে লগতে কয় যে ভাৰত এখন ডাঙৰ দেশ আৰু মেচৰ বাবে খেলুৱৈসকলে এটা স্থানৰ পৰা আন এটা স্থানলৈ ভ্ৰমণ কৰিব লগা হয় সেয়ে পৰিৱেশ সুস্থিৰ নোহোৱালৈকে ঘৰুৱা ক্ৰিকেট আৰম্ভ নহয়।
উল্লেখ্য যে, অহা ছিজনৰ ঘৰুৱা ক্ৰিকেটকলৈ এতিয়াও অনিশ্চয়তা আছে। কাৰণ ক’ৰ’নাৰ বাবে স্থগিত হৈ থকা আই পি এল অক্টোবৰত অনুষ্ঠিত কৰাৰ কথা-বতৰা চলি আছে। আৰু যদি এইটো হৈ উঠে তেন্তে ঘৰুৱা ক্ৰিকেটৰ মেচৰ সংখ্যা যথেষ্ট পৰিমানে কমিব।