• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেখা দিয়া ৰাজনৈতিক সংকটৰ কোনো প্ৰভাৱ নপৰিল নাগালেণ্ডত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2018 9:05 am
Nagaland
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেখা দিয়া ৰাজনৈতিক অস্থিৰতা তথা নিৰ্বাচন অনুষ্ঠিত হোৱা নোহোৱাৰ অনিশ্চয়তাৰ কোনো প্ৰভাৱ দেখা নগ’ল ভোটদান প্ৰক্ৰিয়াত। ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত ভোটদান প্ৰক্ৰিয়াত নাগাসকলক স্বতঃস্ফূৰ্তভাৱেই দল-বলে ওলাই অহা দেখা গ’ল। আনকি একে সময়তে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হোৱা মেঘালয়তকৈ নাগালেণ্ডত ভোটদানৰ হাৰ (৭৫ শতাংশ) সামান্য বেছি দেখা গ’ল। ভোটদানৰ সন্তোষজনক হাৰৰ লগতে গোটেই প্ৰক্ৰিয়াটো প্ৰায় মসৃণভাৱে সম্পন্ন হোৱা বুলি ক’ব পাৰি। ২৭ ফেব্ৰুৱাৰিৰ সন্ধিয়াৰ ভাগত নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই জোনৱা মতে ভোটদানৰ হাৰ আৰু বেছি হোৱাৰ সম্ভাৱনা আছে আৰু বুধবাৰে পুৱাৰ ভাগত এইটো ক’ব পৰা যাব।

আনহাতে নিৰ্বাচনী বিষয়াজনে জনোৱা মতে, ভোটিং মেচিনৰ বিসংগতিৰ বাবে ক’হিমা নগৰ সমষ্টিৰ উজনি এ জি আৰু জেইল কলনি আৰু ফেক জিলাৰ তিনিটা ভোটকেন্দ্ৰ ক্ৰমে লোচামি (২০ মেলুৰি বিধানসভা সমষ্টি), মাজ খোমি (চিজামি বিধানসভা সমষ্টি) আৰু ছুটোষ্টুত (মেলুৰি বিধানসভা সমষ্টি) পুনৰ ভোটদানৰ ব্যৱস্থা কৰা হ’ব।

অৱশ্যে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াজনে ভোটদান পৰ্ব প্ৰায় শান্তিপূৰ্ণ আছিল বুলি দাবী কৰিলেও কেইটামান বিক্ষিপ্ত ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন আহত হয়।

পুৱাই এটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় মন জিলাৰ টিজিট বিধানসভা সমষ্টিৰ এটা ভোটকেন্দ্ৰত। ইয়াৰ ফলত এজন লোক আহত হয়।

আনহাতে এন পি এফ আৰু এন ডি পি পিৰ সমৰ্থকৰ মাজত লগা সংঘৰ্ষত এজন লোক নিহয় হয়। ঘটনাটো ঘটে অকুলুটো বিধানসভা সমষ্টিৰ অকুলুটো ছাউথ উইং ভোটকেন্দ্ৰৰ সমীপত। দুয়োপক্ষৰ হতাহতিৰ পিছত হোৱা গুলীচালনাৰ ঘটনাত এজনৰ মৃত্যু হয়। এটা সূত্ৰই জনোৱা মতে নিহত ব্যক্তিজন এন পি এফ দলৰ সমৰ্থক মাপুলুমি গাৱঁৰ অভিকা বুলি জানিব পৰা গৈছে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আই আৰ বিৰ জোৱানে গুলী চলোৱাত আন দুজন লোক আহত হয়। সংঘৰ্ষ লগাসকলৰ মাজৰ বহুকেইজনৰ হাতত মাৰণাস্ত্ৰ আছিল বুলি জানিব পৰা গৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে লংলেং জিলাৰ তামলু বিধানসভা সমষ্টিৰ অধীনত পৰা বুলি দাবী কৰা ১ নং লদাইগড়ত ভোটদান  প্ৰক্ৰিয়া অনুষ্ঠিত কৰিবলৈ আহিছিল যদিও এই অঞ্চলটো অসমৰ ভিতৰত পৰা বাবে অসমৰ সশস্ত্ৰ আৰক্ষী বাহিনীয়ে বাধা দিয়াত ভোটপৰ্ব সম্পাদন কৰিব পৰা নগ’ল। জানিব পৰামতে এই অসম-নাগালেণ্ডৰ এই সীমামূৰীয়া গাওঁখন অসমৰ প্ৰশাসনে অসমৰ ভিতৰত পৰে বুলি দাবী কৰি অহাৰ বিপৰীতে নাগালেণ্ডৰ ফম লোকসকলে লদাইগড় গাওঁখন নাগালেণ্ডৰ বুলি দাবী কৰি আহিছে। মন কৰিব লগীয়া কথাটো হ’ল ইয়াত নাগালেণ্ড চৰকাৰৰ দ্বাৰা পৰিচালিত চৰকাৰী প্ৰাথমিক বিদ্যালয়ো আছে।

উল্লেখযোগ্য যে নাগালেণ্ড নিৰ্বাচনৰ ফলাফল অহা ৩ মাৰ্চত ঘোষিত হ’ব। নাগালেণ্ড বিধানসভাৰ লগতে একেদিনাই নিৰ্বাচন অনুষ্ঠিত হোৱা মেঘালয় বিধানসভা আৰু যোৱা ১৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত ত্ৰিপুৰা বিধানসভাৰো একে দিনাই, অৰ্থাৎ ৩ মাৰ্চতে ফলাফল ঘোষিত হ’ব।

নাগালেণ্ডত মুঠ ৬০ টা সমষ্টি আছে যদিও এন ডি পি পিৰ মুখ্য নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত ৫৯ টা সমষ্টিৰ বাবে ভোটদান পৰ্ব সম্পন্ন কৰা হয়। ৫ গৰাকী মহিলাকে ধৰি মুঠ ১৯৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব এই ভোটদানে।

কেন্দ্ৰীয় চৰকাৰ আৰু নাগা বিদ্ৰোহী গোটবোৰৰ সৈতে চলি থকা নাগালিম সম্পৰ্কীয় আলোচনা তথা চুক্তি ৰূপায়ণ প্ৰক্ৰিয়াৰ বাবে নাগালেণ্ড বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা নকৰাক লৈ বহুতো জল্পনা-কল্পনা দেখা গৈছিল যদিও মূৰকত নিৰ্বাচন সুকলমে সম্পন্ন হয়। আনকি বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ কেইদিনমান আগলৈকে নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তও লৈ ৰাজনৈতিক দলবোৰে। লগতে ভাবুকি আহিছিল এন এছ চি এন (আই এম), নাগা হোহো বোৰৰ পৰা।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd