• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমক মাছ উৎপাদনত আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্য মীন বিভাগৰ, ১২ বিষয়াক নিযুক্তি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 24, 2020 7:37 pm
Mission Atmanirbhar Asom: Fishery department appoints 12 FDOs
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰীৰ মাজতে মীন বিভাগক অধিক গতিশীলতা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্যৰ বন তথা মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

শুকুৰবাৰে জনতা ভৱনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১২গৰাকী মীন উন্নয়ন বিষয়াক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে।

Apply Now

বিষয়াকেইগৰাকীৰ নিযুক্তিৰ ফলত ৰাজ্যখনৰ নীল বিপ্লৱে নতুন মাত্ৰা পোৱাৰ লগতে মৎস্য উৎপাদনৰ সৈতে জড়িতসকল উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

নিযুক্তি অনুষ্ঠানত মন্ত্ৰী শুক্লবৈদ্যই কয় “অসমে ২০১৯-২০ বৰ্ষত ৩.৩৫ লাখ মেট্ৰিক টন মৎস্য উৎপাদনেৰে অভিলেখ গঢ়িবলৈকো সমৰ্থ হৈছে। ২০১৫-১৬ বৰ্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষত চাৰি শতাংশতকৈও অধিক মৎস্য উৎপাদন হৈছে।”

লকডাউনৰ মাজতো আমাৰ বিভাগে মৎস্য উৎপাদন বৃদ্ধি কৰিবলৈ চেষ্টা  অব্যাহত ৰাখিছো বুলি উল্লেখ কৰি শুক্লবৈদ্যই কয় “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আত্মনিৰ্ভৰ অসমক বাস্তৱ ৰূপ দিবলৈ আমাৰ বিভাগে যৎপৰোনাস্তি চেষ্টা চলাই গৈছে। সেয়ে কৰ’না কালৰ মাজতো আমি আজি বিষয়াকেইগৰাকীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছো। এইক্ষেত্ৰত মুখ্য মন্ত্ৰীয়ে  আগবঢ়োৱা সহযোগিতাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো।”

নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মীন বিভাগৰ কাৰ্য-কুশলতাৰ প্ৰশংসা কৰাৰ লগতে অনাগত দিনত বিভাগটোৱে অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ কৰি তুলিবলৈ সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে।

নীল বিপ্লৱক অধিক গতিশীলতা প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কয় “অসমে মৎস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰসমূহলৈও মাছ ৰপ্তানি কৰিছে। দক্ষিণ-পূব এছিয়াৰ বিভিন্ন বজাৰত আমাৰ সুদৃঢ় স্থিতি গঢ় দিয়াৰ লক্ষ্যৰে এতিয়া আমি অসমক ‘মাছ ৰপ্তানিকাৰী ৰাজ্য’ হিচাপে আগুৱাই নিয়াত অগ্ৰাধিকাৰ দিছোঁ।”

এই অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰ, মীন সঞ্চালক দেৱ কুমাৰ দেৱনাথৰ লগতে কেবাজনো শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd