• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিনা চিকিৎসাই AMCHত পৰি আছে কন্যা, মুখ্য মন্ত্ৰীলৈ ফেচবুকত পত্ৰ পিতৃৰ

“অন্য চিকিৎসা কৰিবলৈ ৰোগীগৰাকী অপাৰেবল নহয়”: অভিযোগক মিছা আখ্যা অধীক্ষকৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 24, 2020 8:32 pm
Daughter not getting treatment at AMCH: Father writes to Assam CM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিনা চিকিৎসাই এটি পাঁচ বছৰীয়া কণমানি পৰি আছে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ বিচনাত।

ফেচবুকত মুখ্য মন্ত্ৰীলৈ লিখা এখন চিঠিত এই গুৰুতৰ অভিযোগ আনিছে শিশুটিৰ পিতৃ পবিত্ৰ মিলিয়ে।

“আমি অতি দুখেৰে জনাওঁ যে আমাৰ একমাত্ৰ ৫ বছৰীয়া কন্যা সন্তানটি মগজুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। ডাক্তৰৰ পৰামৰ্শমতে যোৱা বছৰ 13/11/2019 তাৰিখে দিল্লীলৈ ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে লৈ গৈছিলো। তাৰ পৰা 09/01/2020 তাৰিখে অসমলৈ ঘূৰি আহিছিলো। তাৰপিছত মাজে মাজে চেক-আপত গৈ দৰৱ লৈ থকা হৈছিল। কিন্তু লকডাউনৰ বাবে এপ্ৰিল মাহত দৰৱ পোৱাত পলম হ’ল। মে’ মাহৰ শেষলৈ সোঁ-হাত আৰু ভৰি লৰচৰ কৰিব নোৱাৰা হ’ল,” চিঠিখনৰ প্ৰথমভাগত উল্লেখ কৰে মিলিয়ে।

হস্পিতালৰ নিয়ম অনুসৰি যোৱা ১০ জুলাইত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ শিশু শল্য বিভাগত ভৰ্তি কৰাবলৈ দিলে শিশুটিক।

ইপিনে, উক্ত পত্ৰৰ জৰিয়তে পিতৃ মিলিয়ে ৰুগীয়া কন্যা সন্তানটিৰ স্বাব টেষ্টৰ ৰিজাল্ট বাৰেপতি নিগেটিভ অহাৰ পাছতো তেওঁক চিকিৎসা নকৰাকৈ বিচনাত পেলাই থোৱা বুলি উল্লেখ কৰে।

“সেইদিনাই স্বাব টেষ্ট কৰালে। কিন্তু আজি 24/07/2020 তাৰিখলৈ ৰিপৰ্ট নহাৰ অজুহাতত আমাৰ ছোৱালীজনীৰ একো চিকিৎসা নকৰি ICUত নামমাত্ৰ অক্সিজেন আৰু চেলাইন দিয়েই দায়িত্ব সামৰিছে। Onlineত গৈ চোৱাত নিগেটিভ ৰিপৰ্ট আহিল। ডাক্তৰক গৈ কোৱাত আমাৰ ছোৱালীজনীৰ Padietric wardলৈ লৈ যোৱাৰ ব্যৱস্থাই নকৰিলে। ইফালে ছোৱালীজনীৰ বাবে অতিশীঘ্ৰে অপাৰেচনৰ প্ৰয়োজন হৈছে। কাৰণ তাইৰ টিউমাৰটো বাঢ়ি গৈ আছে।”

উক্ত পত্ৰৰ জৰিয়তে আন এক ভয়ংকৰ পৰিৱেশৰ কথা বৰ্ণনা কৰে মিলিয়ে।

তেওঁ কয় “ইফালে আমাৰ ওচৰতে থকা প্ৰায় ৩টা মান শিশুৰ বিনা চিকিৎসাই মৃত্যু হ’ল। দুই দিনলৈ মৃতদেহ কেইটা ওচৰৰপৰা লৈ যোৱা নাছিল। মোৰ পৰিবাৰে ভয়তে শুব পৰা নাছিল। পাছত আত্মীয় মানুহ আহি মৃতদেহকেইটা লৈ যোৱাৰ পাছত এটা পজিটিভ অহাৰ বাবে পুনৰ আমাৰ ছোৱালীৰ টেষ্ট কৰিলে। পুনৰ আমাৰ নিগেটিভ আহিল।”

“মই ডাক্তৰসকলক বাৰে বাৰ হাতযোৰ কৰি আমাৰ ছোৱালীজনীৰ যে অতি সোনকালে অস্ত্ৰোপচাৰৰ প্ৰয়োজন তাক ক’লো। কিন্তু তেওঁলোকে ওপৰৱালাৰ দোহাই দি আমাক যাবলৈ নিদিলে। তাপাছত 21/07/2020 তাৰিখেও স্বাব টেষ্ট কৰালে। তাৰ পিছত পুনৰ নিগেটিভ অহাত এতিয়া শেষত কৈছে যে আমাৰ মানে মাক-দেউতাকৰ স্বাৱ টেষ্ট কৰাব লাগিব আৰু ৰিপৰ্ট আহিলেহে ইয়াৰপৰা ছোৱালীজনীক উন্নত চিকিৎসাৰ বাবে অন্য বিভাগলৈ স্থানান্তৰ কৰিব।” চিঠিখনত কন্যাৰ দেউতাকে উল্লেখ কৰে।

তেওঁ আৰু কয় “আমাৰ ৰিপৰ্টৰ বাবে কিয় ছোৱালীজনীক কষ্ট দিছে আমি বুজি পোৱা নাই আৰু আগতে কিয় আমাৰ স্বোৱাব টেষ্ট নকৰালে মোৰ প্ৰশ্ন? আৰু ডাক্তৰ নাৰ্চৰ ব্যৱহাৰ বহুত বেয়া। সকলো কাম অক্সিজেনৰ বাবে মানুহ মতা, ৱাৰ্ড বয় বিচৰা, Suction machine নিজে লৈ ছোৱালীজনীৰ কফখিনি পৰিস্কাৰ কৰা আদি নিজে কৰিব লাগে।”

মুখ্য মন্ত্ৰীলৈ চিঠিৰ শেষত লিখি পিতৃয়ে কয় “আপুনি বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি ছোৱালীজনীক বচোৱাৰ ব্যৱস্থা কৰক।”

ইপিনে, ফেচবুক পোষ্টযোগে চিকিৎসালয়খনৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ মিছা বুলি দাবী কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ ইন্দ্ৰনাথ চুতীয়াই।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকে যোগাযোগ কৰাত অধীক্ষকগৰাকীয়ে কয় “তেওঁৰ নিজৰ অভিভাৱক দেউতাকে এই চিঠিখন লিখা নাই। কোনোবা বেলেগ আত্মীয়ই এই চিঠিখন লিখিছে। সন্তানটিৰ ব্ৰেইনৰ নেগুৰত টেমুনা আছে। ই এক কেন্সাৰ হয়। এইটো operable নহয়। তেওঁলোকে দিল্লীতে হাত দাঙি অপাৰেচন নকৰি ইয়ালৈ ঘূৰি আহিলে। প্ৰথমে ছোৱালীজনীক ভেন্টিলেশ্যনত ৰখা হৈছিল যদিও বৰ্তমান ICUত অনবৰতে ডাক্তৰ নাৰ্চে চিকিৎসা প্ৰদান কৰি আহিছে। এই অভিযোগ মিছা।”

ইপিনে, ICUৰ অন্য এটা সন্তানৰ কোভিড-১৯ পজিটিভ অহাত ICUটো কণ্টেইন কৰি দিয়া হ’ল বুলি চিকিৎসকজনে আমাক জনায়।

“ভেন্টিলেশ্যনত থকা সন্তান এটা অপাৰেচন কৰিব পাৰি জানো?” প্ৰশ্ন ডাঃ চুতীয়াৰ।

তেওঁ আৰু কয় “ছোৱালীজনীৰ আজি নিগেটিভ আহিছে আৰু পিতৃ-মাতৃৰো নিগেটিভ আহিছে। কিন্তু অন্য চিকিৎসা কৰিবলৈ ৰোগীগৰাকী অপাৰেবল নহয়।”

বৰ্তমান কন্যা সন্তানটিক অন্য এটা ICUলৈ স্থানান্তৰ কৰা হৈছে বুলি আমাৰ সাংবাদিকক জনায় কন্যা সন্তানটিৰ পিতৃয়ে।

ইপিনে, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে পিতৃয়ে পোষ্টটো বেলেগে লিখা বুলি কোৱা কথাটো মানি নলয় তথা তেওঁ নিজে লিখা বুলি কয়।

পূৰ্বৰ ICUত চিকিৎসক, নাৰ্ছ নাছিলেই বুলি অভিযোগ তোলে পবিত্ৰ মিলিয়ে। বৰ্তমানৰ ICUৰ অৱস্থা উন্নত বুলি তেওঁ আমাৰ সাংবাদিকৰ আগত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd