• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিৰ আমলখিত মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত আটছাৰ

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগিছাসমূহৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে প্ৰাপ্য জলপানী পোৱাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
July 25, 2020 7:28 pm
index.jpg2
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ চামগুৰিৰ আমলখিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। অসম চাহ নিগমৰ অধীনস্থ আমনিৰ আমলখি চাহ বাগিছাৰ শতাধিক চাহ শ্ৰমিক মহিলাৰ সহযোগত আটছাৰ নগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে চুড়ান্তভাবে ক্ষোভ উজাৰিলে শ্ৰম তথা চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কৃষাণৰ বিৰুদ্ধে।

Apply Now

উল্লেখযোগ্য যে, চাহ জনজাতীয় লোকসকলক প্ৰতিনিধিত্ব কৰা বৰ্তমান শাসনাধিষ্টিত বিজেপি চৰকাৰৰ মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে জলপানী প্ৰদানৰ শেহতীয়াকৈ যি ব্যৱস্থা কৰা হৈছিল সেই আঁচনিৰ বাবে আবেদন-নিবেদন তথা ধৰা পৰা বিসংগতি সমূহ তিনিবাৰকৈ শুদ্ধৰাই দিয়াৰ পিছতো অতি উদ্বেগজনক ভাৱে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিছা সমূহৰ এজনো ছাত্ৰ-ছাত্ৰীৰ নাম অন্তভুৰ্ক্ত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এতিয়া ক্ষোভিত হৈ পৰিছে নগাঁও জিলাৰ আটছাৰ নেতা-কৰ্মীসকল।

যাৰ বাবে আটছাৰ একাংশ ক্ষুব্ধ নেতা-কৰ্মীয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে চৰম অসন্তুষ্টি প্ৰকাশ কৰি আমলখি চাহ বাগিছাৰ ৰাজপথত মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰতিমূৰ্তি দাহ কৰি মন্ত্ৰী গৰাকীৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান প্ৰদানেৰে উত্তাল কৰি তুলে পৰিস্থিতি।

প্ৰতিবাদকাৰীসকলে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰাৰ উপৰিও কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিছাসমূহৰ এগৰাকী ছাত্ৰ-ছাত্ৰীকো উচ্চ শিক্ষাৰ বাবে জলপানী প্ৰদানৰ ব্যৱস্থা নকৰা অকৰ্তৃত্বশীল মন্ত্ৰী সঞ্জয় কৃষাণক বৰ্তমান চাহ জনজাতীয় ৰাইজে পাহৰি পেলাইছে।

মন্ত্ৰী কৃষাণে চাহ জনজাতি কল্যাণ বিভাগটো সুচাৰুৰূপে পৰিচালনা কৰাত চুড়ান্ত ৰূপে ব্যৰ্থ হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে নগাঁও জিলা আটছাৰ সভাপতি মহেন্দ্ৰ নায়কে।

ইফালে শীঘ্ৰে চৰকাৰে উচ্চ শিক্ষাৰ বাবে জলপানী পোৱাৰ ক্ষেত্ৰত চাহ জনজাতি কল্যাণ বিভাগে বিশেষ আঁচনিখনৰ অধীনত প্ৰস্তুত কৰা তালিকাত অসমৰ প্ৰতিখন চাহ বাগিছাৰ লগতে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিছাসমূহৰ দৰিদ্ৰ তথা মেধা ছাত্ৰ-ছাত্ৰীসকলৰ নামো নতুনকৈ অৰ্ন্তভুক্ত কৰিবৰ বাবে সজোৰে দাবী উত্থাপন কৰিছে।

প্ৰতিবাদকাৰীসকলে সঞ্জয় কৃষাণক এগৰাকী অযোগ্য মন্ত্ৰী বুলি কটাক্ষ কৰি তেওঁক মন্ত্ৰীত্ব পদৰ পৰা অপসাৰণ কৰাৰো দাবী উত্থাপন কৰে।

অন্যথা বঞ্চিত চাহ বাগিছাসমূহত পৰৱৰ্তী সময়ত চৰকাৰ তথা মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আটছাৰ প্ৰতিবাদী নেতা-কৰ্মী সকলে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd