জাপানৰ শাসক দলে টিকটকৰ দৰে চীনা এপৰ ব্যৱহাৰত বাধা আৰোপ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ বাবে সাজু হৈছে।
ভাৰতে এনেধৰণৰ ৫৯টা এপ নিষিদ্ধ কৰাৰ আৰু ৱাশ্বিংটনৰ বাৰাম্বাৰ সকীয়নিৰ পাছতে দেশখনত এনে পদক্ষেপ লোৱাৰ বাবে আগবাঢ়িছে বুলি কোৱা হৈছে।
বাইটডেন্সৰ এই জনপ্ৰিয় এপটোৰ লগতে আন এপসমূহক চীনৰ চৰকাৰৰ বাবে ব্যক্তিগত তথ্য সংগ্ৰহত ব্যৱহাৰ কৰা বুলি ওলোৱা খৱৰৰ পাছতে এই কথা চিন্তা কৰা হৈছে।
দেশখনৰ ৰাষ্ট্ৰীয় ব্ৰ’ডকাষ্টাৰ এনএইচকেৰ অনুসৰি জাপানে স্পৰ্শকাতৰ তথ্যৰ তদাৰকৰ ক্ষেত্ৰত কঠোৰ নিয়ন্ত্ৰণ ৰূপায়নৰ প্ৰতি দৃষ্টি দিছে।
দেশখনে লগতে ঋণৰ আবেদনৰ মূল্যাংকন কৰাৰ দৰে চীনৰ উন্নত বেংকিং ব্যৱস্থাৰ ওপৰতো বাধা-নিষেধ আনিব পাৰে।
কৰ’না মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা চীনৰ সন্দেহজনক গতিবিধিৰ ওপৰত বিশ্বৰ কেইবাখনো দেশে প্ৰশ্ন তুলিছে।
দেশখনত কৰ’নাৰ সংক্ৰমণৰ তথ্য গোপন কৰাকে আৰম্ভ কৰি চীনে বিভিন্ন দেশত তেওঁলোকৰ সস্তীয়া তথা জনপ্ৰিয় প্ৰযুক্তিৰ জৰিয়তে তথ্য চুৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে।
ইয়াৰ পাছতে ভাৰতে দেশখনৰ এনে সন্দেহত তথা দেশখনে ভাৰতৰ সীমান্ত অঞ্চলত সৃষ্টি কৰা পৰিস্থিতিৰ পোতক তুলি এনেকুৱা ৫৯টাকৈ এপ নিষিদ্ধ কৰে।
এইবাৰ জাপানতো এইদৰে জনপ্ৰিয় টিকটিককে ধৰি আন সন্দেহজনক এপসমূহ নিষিদ্ধ কৰাৰ বাবে প্ৰস্তুতি চলিছে।