লকডাইনৰ সময়ত কৰা সহায়ৰ বাবে ভূটানৰ ৰজা জিগমে খেছাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছে।
ভূটানৰ সম্ৰাটগৰাকীয়ে অসমৰ মুখ্য মন্ত্ৰীগৰাকীলৈ এখন পত্ৰ লিখি লকডাউনৰ সময়ত চুবুৰীয়া ৰাষ্ট্ৰখনলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনসমূহৰ যাতায়তৰ অনুমতি দিয়া আৰু দেশখনৰ জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।
চুবুৰীয়া ৰাষ্ট্ৰখনৰ সম্ৰাটগৰাকীয়ে ইয়াক অসম আৰু ভূটানৰ জনসাধাৰমৰ মাজত থকা বন্ধুত্ব আৰু ভাতৃত্ববোধৰ প্ৰতিফলন বুলি অভিহিত কৰিছে।
শুকুৰবাৰে ৰাজ্য চৰকাৰে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে।
পত্ৰখনত সম্ৰাট জিগমে খেছাৰে লিখিছে,’’ যদিও অসম আৰু ইয়াৰ জনসাধাৰণে প্ৰয়োজনীয় লকডাউন আৰু জনসাধাৰণৰ গতিবিধি কৰ্তনৰ মজেৰে মহামাৰী ৰোধৰ বাবে কঠিন যুঁজ চলাইছে, অসমৰ সুহৃদয় কৰ্তৃপক্ষই ভূটানলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহৰ যাতায়তত অনুমতি দি লকডাউনৰ সময়ত ইয়াৰ জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰিছে।‘’
‘’মই আপোনাৰ সদিচ্ছাৰ সদায় প্ৰশংসা কৰিম আৰু আগলৈও আপোনাৰ এই সহায় অব্যাহত থকাৰ আশা কৰিলো,’’-তেওঁ লগতে লিখিছে।
ভূটানৰ সম্ৰাটগৰাকীয়ে লগতে কয় যে অসম চৰকাৰৰ প্ৰচেষ্টাত অতি সোনকালে কৰ’না ভাইৰাছৰ সংক্ৰমণ স্তিমিত হৈ পৰিব।
তেওঁ এই সংকটৰ সময়ত অসমৰ জনসাধাৰণৰ প্ৰতি সহমৰ্মিতাও প্ৰকাশ কৰে।