• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদালতত শুনানিৰ সময়ত অধিবক্তাৰ মুখত গুটখা; উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে দিলে সকীয়নি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2020 6:44 am
Supreme_Cxourt_

উচ্চতম ন্যায়ালয়।

343
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ৰ সংক্ৰমণৰ কাৰণে গোটেই দেশতে সকলো ক্ষেত্ৰতে প্ৰভাৱ পৰিছে। ন্যায়াপালিকাৰ কাৰ্যব্যৱস্থাতো ইয়াৰ প্ৰভাৱ পৰিছে।

কৰ’না কালত বৰ্তমান আদালতে কেৱল জৰুৰী গোচৰৰহে শুনানি গ্ৰহণ কৰিছে।

আদালতত শুনানি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অৰ্থাৎ ভাৰ্ছুৱেল শুনানিহে অনুষ্ঠিত হৈছে।

উচ্চ ন্যায়ালয়সমূহত ভাৰ্ছুৱেল শুনানিৰ সময়ত প্ৰায়েই আমোদজনক ঘটনা কিছুমানো পোহৰলৈ আহিছে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ভাৰ্ছুৱেল শুনানিৰ সময়ত এগৰাকী অধিবক্তাই গুটখা খোৱাৰ বাবে তেওঁক সকীয়াই দিবলগীয়া হয়।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰই এগৰাকী জ্যেষ্ঠ অধিবক্তাক আদালতৰ মৰ্যাদা ৰক্ষা কৰিবলৈ সকীয়াই দিয়ে।

ঘটনা অনুসৰি, জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱানৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হোৱা শুনানিৰ সময়ত তেওঁক প্ৰথমতে পাইপ হুপি থকা আৰু তাৰপাছত হোকা খোৱা দেখা যায়।

কিন্তু সেই সময়ত আদালতে ঘটনাটোত হয়তো ভালদৰে মন নকৰিলে বা গুৰুত্ব দি চোৱা নাছিল।

উল্লেখ্য যে জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱানৰ সৈতে এই ঘটনা বৃহস্পতিবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জয়পুৰ বিচাৰপীঠে কংগ্ৰেছৰ সৈতে বহুজন সমাজবাদী পাৰ্টিৰ ছয়গৰাকী বিধায়কৰ চামিলৰ প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত সংঘটিত হৈছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এগৰাকী অধিবক্তাই নিজৰ শোৱনি কোঠাত বিচনাত বগা টী-ছাৰ্ট পৰিধান কৰিয়েই নিজৰ যুক্তি দাঙি ধৰাৰ সময়ত আদালতে তেওঁক মৰ্যাদাৰ বিষয়ে সকীয়াই দিবলগীয়া হৈছিল।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd