• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰ, গোৱা-সদৃশ পৰিস্থিতি এৰাই চলাৰ বাবে তিনি বিচক্ষণ বন্দৱস্তকাৰীক মেঘালয়লৈ ঢাপলিয়াই পঠোৱাইছে কংগ্ৰেছে

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
March 3, 2018 11:19 pm
Congress in meghalaya

কংগ্ৰেছ নেতা কমল নাথ আৰু আহমেদ পেতেল

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোমা পৰিস্থিতি এটাৰ সৃষ্টি হোৱাত মণিপুৰ আৰু গোৱাৰ পুনৰাবৃত্তিৰ আশংকাত কংগ্ৰেছে শনিবাৰে ৰাজ্যখনলৈ পঠিয়াইছে তেওঁলোকৰ তিনিজন সৰ্বোত্তম নিৰ্বাচনোত্তৰ বন্দৱস্তকাৰীক।

জ্যেষ্ঠ নেতা আহমেদ পেতেল, কমল নাথ আৰু মুকুল ৱাচনিক আহি শনিবাৰে গধূলি শ্বিলঙত উপস্থিত হৈছেহি আৰু বিধায়িনী দলৰ নেতা নিৰ্বাচন আৰু চৰকাৰ গঠনৰ দাবী তোলাৰ বাবে তেওঁলোকৰ গৃহকাৰ্য্য আৰম্ভ কৰিছে।

Apply Now

কংগ্ৰেছে ৬০ জনীয়া সদনখনত ২১ খন আসন পাবলৈ সক্ষম হৈছে। অৱশ্যে ৱিলিআমনগৰৰ এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে ৫৯ খন আসনতহে নিৰ্বাচন অনুষ্ঠিত হৈছিল। যিকোনো সম্ভাৱনীয়তাৰ ক্ষেত্ৰতে মুকুল চাংমাকে পুনৰ বিধায়্নী দলৰ নেতা নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰস্তুত হৈছে।

আনহাতে তিনি প্ৰবীন কংগ্ৰেছ নেতাক চেৰ পেলাই আঞ্চলিক দল য়ু ডি পি, পি ডি এফ, এইচ এচ পি ডি পি, কে এইচ এন এ’ এম আৰু একমাত্ৰ নিৰ্দলীয় বিধায়কগৰাকীৰ সমৰ্থন আদায়ৰ বাবে বিজেপিয়েও ততাতৈয়াকৈ পঠাইছে ইয়াৰ আটাইতকৈ কৰিৎকৰ্মা প্ৰতিনিধি হিমন্ত বিশ্ব শৰ্মাক।

এই তিনিটা আঞ্চলিক দল আৰু নিৰ্দলীয় বিধায়কগৰাকীৰ হাততে আছে মেঘালয়ৰ ক্ষমতা দখলৰ মূল চাবিকাঠী। লক্ষণীয়ভাৱে বিজেপিয়ে দুখন আসনহে পাইছে যদিও, পৰৱৰ্তী চৰকাৰ গঠনৰ দাবীৰ পৰা কংগ্ৰেছক বাৰণ কৰিবৰ বাবে গেৰুৱা বাহিনীটো এন পি পিৰ ওপৰত গুৰুভাৱে নিৰ্ভৰশীল হ’ব। এন পি পি-এ ১৯ খন আসনত বিজয় সাব্যস্ত কৰিছে।

‘মেঘালয়ত চৰকাৰ গঠন কৰিম বুলি আমি আত্মবিশ্বাসী,’ শ্বিলঙত ভৰি দিয়াৰ কেইমিনিটমান পিছতে এন ই নাওক এইদৰে কয় আহমেদ পেতেলে। কংগ্ৰেছ হাইকমাণ্ডে পৰৱৰ্তী মিত্ৰজোঁট গঠনৰ বাবে সমৰ্থন গোতাবলৈ বিজেপি আৰু ইয়াৰ সহযোগীসকলক ‘ক্ৰীষ্টানবিৰোধী’ বুলি বৰণ সানিব খুজিছে।

গেৰুৱা আক্ৰমণৰ পৰা মেঘালয়ত ইয়াৰ দুৰ্গ বচোৱাৰ অৰ্থে কংগ্ৰেছৰ বাবে আঞ্চলিক দলসমূহৰ সৈতে এক ক্ষীপ্ৰ জোঁটবন্ধন গঠন অতি আৱশ্যকীয়। ২০০৮-০৯ চনত য়ুনাইটেড ডে’মক্ৰেটিক পাৰ্টিৰ এবছৰীয়া শাসনক বাদ দি মেঘালয়ত ২০০৩ চনৰ পৰাই কংগ্ৰেছ শাসনত আছে।

শক্তিশালী অধিষ্ঠানবিৰোধী ঢৌ আৰু বিসম্বাদ সত্ত্বেও মুখ্য মন্ত্ৰী মুকুল চাংমাই যোৱা আঠ বছৰে কংগ্ৰেছত নিজৰ স্থিতি শক্তিশালী আৰু বিধানসভা নিৰ্বাচনত ২১ খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। বহুবিলাক কংগ্ৰেছ বিধায়কে দল এৰি বিজেপি আৰু এন পি পি দলত যোগ দিলে।

বিজেপিয়ে এন পি পি সভাপতি কনৰাদ চাংমা বা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা কে’ চাংমাক এন ডি এ’ মিত্ৰজোঁটৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা আৰু আঞ্চলিক শক্তিসমূহৰ সৈতে মিত্ৰতা গঢ়াৰ সম্ভাৱনা আছে। পি ডি এফে বোলে কিছু পূৰ্ব চৰ্তসাপেক্ষে এন ডি এ’ক সমৰ্থন আগবঢ়াবলৈ সন্মত হৈছে।

বিজেপি সম্পাদক তথা মেঘালয়ৰ দায়িত্ববাহী নলিন ক’হলিয়ে ৰাইজে কংগ্ৰেছৰ বিৰুদ্ধে ভোট দিয়া বুলি আৰু আঞ্চলিক দলবোৰে এন ডি এ’ক সমৰ্থন কৰাৰ শক্তিশালী এক সম্ভাৱনা থকা বুলি দাবী কৰিছিল।

কিন্তু শনিবাৰে শেহ সন্ধিয়া কংগ্ৰেছে চৰকাৰ গঠনৰ দাবী জনাব বুলি কমল নাথে দাবী কৰিছিল। মেঘালয়ত কংগ্ৰেছক ক্ষমতাৰ পৰা আঁতৰত ৰাখিবলৈ বিজেপিয়ে ধনবল ব্যৱহাৰ কৰা বুলি তেওঁ অভিযোগ কৰিছিল।

মেঘালয়ৰ মুখ্য মন্ত্ৰী মুলুক চাংমাই নিৰ্বাচনৰ ফলাফল আশা কৰা ধৰণৰ নহ’ল বুলি কৈছে। তেওঁ কয় ‘তথাপি মেঘালয়ত পৰৱৰ্তী কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ গঠনক লৈ মই এতিয়াও আশাবাদী।’

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd