• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তুংগত লুৰীণ-হিমন্তৰ বাকযুদ্ধ! : ‘টিআৰপিৰ পৰা আৰম্ভ কৰি পাণবজাৰ থানাৰ গোচৰলৈকে’ লুৰীণৰ মুখত হিমন্ত আখ্যান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 16, 2020 9:18 pm
Himanta VS Lurin(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুংগত উঠিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ মাজত চলি থকা বাকযুদ্ধ।

কালি ছাত্ৰ নেতাজনক কেন্দ্ৰ কৰি হিমন্তই কঠোৰ সমালোচনা কৰাৰ পাছতে তেওঁক উভটি ধৰিছে লুৰীণজ্যোতি গগৈয়ে।

হিমন্তই লুৰীণক কাৰোবাৰ সৈতে বেয়া কথা কোৱাৰ প্ৰতিযোগিতা কৰি আগবাঢ়িব বিচাৰিছে বুলি কৰা মন্তব্যৰ উত্তৰ দি লুৰীণে কয় ‘তেওঁৰ দৰে অতি ব্যক্তিকেন্দ্ৰিক, স্বৈৰতান্ত্ৰিক ফেচিষ্ট মানসিকতাৰ ব্যক্তি কাৰণে কোনো ব্যক্তিৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা বুলি মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে। তেওঁৰ কাম-কাজবোৰত এই কথাবোৰ প্ৰতিফলিত হয়।‘

ইপিনে, লুৰীণজ্যোতি গগৈয়ে বেয়া কথা কোৱা বুলি গুৰুতৰ অভিযোগ তোলাৰ পাছত তাৰ প্ৰত্যুত্তৰত লুৰীণে কয় ‘কিছুদিনৰ আগত তেওঁ ৰাজহুৱাভাৱে চুম্বন আলিঙ্গনৰ দৰে কথা বা মানুহৰ আদিম জৈৱিক চেতনা ৰাজহুৱাকৈ আহ্বান কৰাটো কিমান সংস্কৃত মনৰ পৰিচয় সেই কথা মানুহে উমান পাইছে।‘

‘আনকি অগপ দলক জোতাৰে মাৰিম বুলি কোৱা এইগৰাকী মন্ত্ৰীয়ে নীতিশিক্ষা অসমৰ জনসাধাৰণক নিদিয়াই ভাল।‘ লুৰীণজ্যোতি গগৈয়ে এইদৰে কয়।

হিমন্তক কটাক্ষ কৰি লুৰীণে কয় ‘তেওঁ যিবোৰ জ্ঞান পাইছে সেইবোৰ নিশ্চয় আমি নাপাওঁ। কটন মহাবিদ্যালয়ত থাকোতে পিষ্টল দেখুৱাই চান্দা তুলি জেইললৈ বা থানালৈ যোৱা এগৰাকী ব্যক্তি। তেনেকুৱাধৰণৰ জ্ঞান আমাক নিশ্চয় নালাগে।‘

ইপিনে, লুৰীণজ্যোতি গগৈয়ে কৰা অনুষ্ঠানৰ পাছত তাৰ টিআৰপি শূণ্য বুলি হিমন্তই কৰা মন্তব্যৰ পাছত তাৰ প্ৰত্যুত্তৰত লুৰীণে কয় ‘তেওঁ মোৰ টিআৰপিৰ কথা কৈছে। আমি আচলতে বুজি পাইছিলো কিন্তু কোৱা নাছিলো। তেওঁক ধন্যবাদ জনাইছো তেওঁ অতদিনে যিবোৰ কাম-কাজ কৰি আছে সেইবোৰ টিআৰপিক লক্ষ্য কৰিয়ে চলা-ফুৰা কৰে।’

লগতে তেওঁ কয়, ‘হেলিকপ্তাৰৰে কাৰোবাক গামোছা পিন্ধাই বিদায় দিবলৈ গৈছিল যিটো কাম এগৰাকী নাৰ্ছে কৰিব পাৰে। বিমান বন্দৰত গৈ ব্লু-ডাৰ্টৰ যিখন কাৰ্গ’ প্লেন সেইখনৰ পৰা তেওঁ নিজে পিপিই কিট সংগ্ৰহ কৰিবলৈ গ’ল সেইবোৰ যে টিআৰপিৰ কাৰণে কৰিলে সেয়া তেওঁ নিজে স্বীকাৰ কৰিলে। তেওঁ ইয়াৰ লগে লগে এইটো কথাও স্বীকাৰ কৰিলে যে তেওঁ অতদিনে যি সংবাদ মেল দি আছিল যিবোৰ কাম আন আন ৰাজ্যত মুখ্যমন্ত্ৰীয়ে কৰে। এয়া কেৱল টিআৰপিৰ কাৰণে কৰিছিল। কোভিভ চেন্টাৰত গৈ পিপিই কীট পৰিধান কৰি টিভিত ভিজুৱেল উলিয়াই ঘূৰি আহি কোভিভ প্ৰটক’ল অনুসৰি কোৱাৰেন্টাইনত নাথাকে। সেইবোৰ যে কেৱল টিআৰপিৰ পাছে পাছে দৌৰা কথা আছিল সেয়া প্ৰমাণ হৈ গৈছে।‘

‘তেওঁক মানুহে ছাত্ৰ সন্থাৰ পৰা বহিস্কৃত নেতা বুলি জানে। তেওঁ বিভিন্ন গোচৰত অপৰাধী হৈ পাণবজাৰ থানাত লাং খাই পৰি থকা বুলি জানে। তেওঁ জেইললৈ যোৱা বুলি জানে। সাৰদা কেলেংকাৰী কৰা বুলি সকলোৱে জানে।‘ হিমন্তক সমালোচনা কৰি লুৰীণে এইদৰে কয়।

এনেদৰেই এতিয়া ব্যক্তিগত আক্ৰমণ-প্ৰত্যাক্ৰমণৰে তুংগত উঠিছে লুৰীণ-হিমন্তৰ বাকযুদ্ধ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd