• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কংগ্ৰেছে কৰি যোৱা উন্নয়নৰ মাজত থাকিয়েই হিমন্তই কংগ্ৰেছৰ বদনাম গাইছে’ : ৰিপুন বৰা

‘উৰাজাহাজ ভাৰতলৈ কংগ্ৰেছেই আনিছিল’— ৰিপুন বৰাৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 5, 2020 4:33 pm
index.jpg
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মাই কালি শংকৰদেৱ কলাক্ষেত্ৰত বিৰোধী কংগ্ৰেছে উন্নয়নৰ ৰাজনীতি ভাল নাপায় বুলি যি বক্তব্য দিলে আজি তাৰ প্ৰত্যুত্তৰ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

শনিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বৰাই হিমন্তক সমালোচনা কৰি কয় ‘কংগ্ৰেছে কৰি যোৱা উন্নয়নৰ মাজত থাকি হিমন্তই কংগ্ৰেছৰেই বদনাম কৰিছে। আমি দি যোৱা সম্পদবোৰ বিক্ৰী কৰি বিজেপিয়ে দেশ চলাইছে। হিমন্তই যি কলাক্ষেত্ৰত ভাষণ দি কংগ্ৰেছক সমালোচনা কৰিছিল সেই শংকৰদেৱ কলাক্ষেত্ৰ কংগ্ৰেছেই বনাইছিল।’

Apply Now

‘আজি যি এৰোপ্লেনত উঠি তুমি দিল্লীৰ পৰা আহিলা সেই এৰ’প্লেন কংগ্ৰেছেই আনিছিল। যি বিশ্ববিদ্যালয়ত পঢ়িছিলা সেই বিশ্ববিদ্যালয় কংগ্ৰেছেই বনাইছিল। যি ডাঙৰ ডাঙৰ দলেঙেৰে পাৰ হৈছা সেই দলং কংগ্ৰেছেই বনাইছিল। যি মোবাইলত মেছেজ, হোৱাটছএপ কৰি আছা এই মোবাইল মেছেজ তথ্য প্ৰযুক্তি ভাৰতলৈ কংগ্ৰেছেই ভাৰতলৈ আনিছিল।‘ বৰাই লগতে কয়।

ৰিপুন বৰাৰ প্ৰশ্ন ‘তোমালোকৰ টুইন টাৱাৰ ক’লৈ গ’ল? ক’লৈ গ’ল তোমালোকৰ উন্নয়ন? ব্ৰহ্মপুত্ৰ নদী ড্ৰেজাৰৰে খান্দিম বুলি কৈছিল সেয়া ক’লৈ গ’ল?’

উক্ত সংবাদমেলতে ৰিপুন বৰাই বিজেপিক চেলেঞ্জ দি কয় ‘মই চেলেঞ্জ দিছো এই পাঁচ বছৰত অসমলৈ কোনটো মেগা প্ৰজেক্ট আনিলা দেখুৱাই দিয়া? দুটা কাগজ কল ধ্বংস কৰি দিলা।’

‘কংগ্ৰেছে বনোৱা প্ৰতিষ্ঠান বিক্ৰী কৰি দিলা, ৰেইল বিক্ৰী কৰি দিলা, বিমান বন্দৰ বিক্ৰী কৰি দিলা। এডভান্টেজ আসাম কৰি কেইটা প্ৰজেক্ট অসমলৈ আহিল? নমামি ব্ৰহ্মপুত্ৰ বৰাক কৰি কি কৰিলা? এক্সপ্ৰেছ হাইৱে ক’ত গ’ল?’ ৰিপুন বৰাই কয়।

ইপিনে, কংগ্ৰেছ এআইয়ুডিএফৰ মিত্ৰতা হ’লে কংগ্ৰেছে উজনি অসমত নিজৰ থকা আসনকেইখন হেৰুৱাব বুলি ৰঞ্জিত দাসে কৰা সমালোচনাৰ উত্তৰত ৰিপুন বৰাই কয়, ‘আমি মহাজোঁটৰ সৈতে মিত্ৰতা কৰাৰ কথা কৈছো। কেৱল এআইয়ুডিএফৰ লগত মিত্ৰতা কৰাৰ কথা কোৱা নাই। কিন্তু বিজেপিয়ে কেৱল এআইয়ুডিএফক ফালি আনি সাম্প্ৰদায়িক ৰহন সানিবলৈ চেষ্টা কৰিছে। বিজেপি ভীতিগ্ৰস্ত হৈছে।’

‘উজনি অসমত কংগ্ৰেছে আসন হেৰুৱালে বিজেপিয়ে ফুৰ্তিহে কৰিব লাগে। তোমালোকে কিয় দুখ কৰিছা? তিতাবৰ আমাৰ বুলি কৈছা, সৰভোগ আমাৰ। তোমালোকে কৈছা নাজিৰা আমাৰ ময়ো কৈছো বিহালী আমাৰ। তিতাবৰত তৰুণ গগৈ নিজে নগৈ গুৱাহাটীত বহি থাকিলেও জিকাই আনিম।’ ৰিপুন বৰাই লগতে কয়।

ইপিনে, ১০০+ কোৱা বিজেপি ২০-৩০ খন আসনৰ মাজত সীমাবদ্ধ থাকিব বুলি সংবাদমেলত বৰাই দাবী কৰে।

আনহাতে, কালি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শর্মা আৰু ৰঞ্জিত দাসৰ মিলনটো ত্ৰিবেণী সংগম বুলি কোৱাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

‘এলাহাবাদৰ তিনি নদীৰ ত্ৰিবেণী সংগমত হিন্দু ধৰ্মাৱলম্বী লোকে সেৱা কৰে। এই তিনিজন ব্যক্তিৰ লগত তুলনা কৰি ত্ৰিবেণী সংগমক অপমান কৰিলে। ত্ৰিবেণী সংগমৰ পবিত্ৰতাৰ বিপৰীতে এই তিনিজনে অসমত কি কৰিছে? তেওঁলোক তিনিজনে জাতি-জনগোষ্ঠীৰ মাজত ধৰ্মৰ মাজত, সম্প্ৰদায়ৰ মাজত বিদ্বেষ আৰু ঘৃণাৰ সৃষ্টি কৰিছে।’

ইপিনে, কিছুদিন পূৰ্বে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অৰুণোদয় আঁচনিয়ে মহিলাসকলক চৰম অপমান কৰা বুলি দাবী কৰে ৰিপুন বৰাই।

বৰাই কয় ‘বিজেপি চৰকাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে অসমীয়া মানুহৰ মানদণ্ড মাত্ৰ ৮৩০ টকালৈ নমাই অনাটো দুৰ্ভাগ্যজনক আৰু হাস্যকৰ। ই ৰাইজক আভুৱা ভৰাৰ বাহিৰে অন্য একো নহয়। ক’ৰ’ণা মহামাৰীয়ে দৰিদ্ৰ পৰিয়ালৰ যি অৰ্থনৈতিক ক্ষতিসাধন কৰিছে একাংশ মহিলাক ৮৩০ টকাকৈ দি চৰম অপমান কৰিছে।’

ইয়াৰ বিপৰীতে কংগ্ৰেছ চৰকাৰ অসমত যদি ২০২১ চনত আহে তেন্তে ২০১৯ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ন্যায় আঁচনিৰ অধীনত ৭৫০০ টকাকৈ নিয়মীয়াকৈ প্ৰদান কৰিব বুলি তেওঁ দাবী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd