ছিকিম চৰকাৰী আইন মহাবিদ্যালয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আইন বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পৰিকল্পনা কৰা হৈছে।
এই উদ্দেশ্যে ছিকিম বিধানসভা বাজেট অধিবেশনৰ আজি দ্বিতীয় দিনা ‘দ্যা ছিকিম নেশ্যনেল ল ইউনিভাৰ্ছিটি বিল, ২০১৮’ শীৰ্ষক বিধেয়কখন উত্থাপন কৰা হয়।
ৰাজ্যখনৰ মানৱ সম্পদ উন্নয়ণ দপ্তৰ মন্ত্ৰী আৰ বি চুব্বাই উক্ত বিধেয়কখন আজি উত্থাপন কৰে।
অহা ৯ মাৰ্চত বিধানসভাত বিধেয়কখনৰ ওপৰত আলোচনা আৰু ভোটগ্ৰহণ কৰা হ’ব।
বিধেয়কখনৰ বিষয় আৰু উদ্দেশ্যত কোৱা হৈছে, ‘ ৰাজ্যখনত আইনী শিক্ষা আৰু গৱেষণাৰ এখন উৎকৃষ্ট মানৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰাৰ উদ্দেশ্যে ছিকিম চৰকাৰী আইন মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়লৈ উন্নীত কৰতো অতিব প্ৰয়োজনীয় হৈ পৰিছে।’