সাংসদ পল্লৱ লোচন দাস মূৰ্দাবাদ ধ্বনীৰে আজি উত্তাল হৈ পৰে মাৰ্ঘেৰিটাৰ লিডু অঞ্চল।
তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে চাহ শ্ৰমিকৰ দৈনিক মজুৰীৰ সম্পৰ্কত মজুৰী বৃদ্ধি অযুক্তিকৰ বুলি মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে চাহ শ্ৰমিকৰ সংগঠন সমূহ।
পল্লৱ লোচন দাসৰ বিতৰ্কিত মন্তব্যৰ পাছত আজি লিডুত আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ দ্বাৰা সাংসদ গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত ৰূপায়ণ কৰা এই কাৰ্য্যসুচীত প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ আছা জিন্দাবাদ, শ্ৰমিক শক্তি জিন্দাবাদ, পল্লৱ লোচন মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, বিজেপি গ’ বেক্ আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
আনহাতে, আজিৰ এই প্ৰতিবাদী কাৰ্য্যসুচীৰ যোগেদি আগন্তুক বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকা যদি নকৰে তেন্তে ২০২১ ৰ নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিব বুলিও অসম চাহ জনজাতি ছাত্ৰ সন্থা মাৰ্ঘেৰিটা শাখাই হুংকাৰ প্ৰদান কৰিছে।