নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত কঠালগুৰিত অৱস্থিত কৃত্ৰিম নীলাপানী নামৰ হ্ৰদত এগৰাকী যুৱক সন্ধানহীন হোৱাত সমগ্ৰ জিলাতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
জানিব পৰা মতে, গুৱাহাটীৰ পৰা আজি বিয়লি ৯ গৰাকীকৈ যুৱকৰ দল এটা নীলাপানী হ্ৰদত বনভোজ খাবলৈ আহিছিল যদিও গুৱাহাটী নুনমাটিৰ বিকি কলিতা নামৰ যুৱকজন নীলাপানীত সন্ধানহীন হয়৷
পিছত আৰক্ষীক ঘটনাৰ সবিশেষ জনোৱাত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ ৮ জন যুৱকক উদ্ধাৰ কৰে।
ইফালে হ্ৰদটোত সন্ধানহীন হৈ থকা বিকি কলিতাক বাতৰি লিখাৰ সময়লৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।