• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিৰ লাউপাৰাত তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ ‘কা’ আন্দোলনৰ ছহিদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

'কা' বিৰোধী আন্দোলনৰ সপক্ষে সদৌ অসম কৰ্মচাৰী পৰিষদে মাত-মাতি যাব - সম্পাদক প্ৰধান মৃণাল দাস

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 16, 2020 3:45 pm
IMG_20201015_103609
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ পিছত বিদেশী বহিষ্কাৰৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি সংগ্ৰাম হৈছিল সেই আন্দোলনে সমগ্ৰ জাতিক জোকাৰি গৈছিল আৰু তেনে এটা জোকাৰণি অসমীয়া জাতিৰ মাজত আহিল ‘কা’ বিৰোধী আন্দোলনৰ জৰিয়তে।

‘কা’ বিৰোধী সংগ্ৰামখনে পুনৰ অসমীয়া জাতিক জাগ্ৰত কৰি তুলিলে – এই ভাষ্য  সদৌ অসম ছাত্র সন্থাৰ প্ৰাক্তন নেতা তথা সদৌ অসম  কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান  মৃনাল দাসৰ।

Apply Now

শুকুৰবাৰে নাগ্ৰীজুলিৰ লাউপাৰাত তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ ৩১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত ‘কা’ আন্দোলনৰ ছহিদ সকলক শ্ৰদ্ধা  জনাই  স্মৃতি তৰ্পন অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাসে এইদৰে কয়।

স্মৃতি তৰ্পন অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণত তেওঁ কয় –  ‘কা’এনে এখন আইন প্ৰণয়ন কৰা হল যি খন আইনে অসমৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিলে আৰু ইয়াৰ বাবে আমি শংকিত হৈ পৰিব লগা হল। তেওঁ  পুনৰ কয় – এচাম মানুহৰ ৰাজনৈতিক লাভালাভৰ বাবে ‘কা’ অইন জাপি দিয়া হল । এই ‘কা’ খনে কাক কেনেকৈ উপকৃত কৰিব সেয়া সুকীয়া কথা, কিন্তু প্ৰথমে ‘কেৱ’  আৰু এতিয়াৰ ‘কা’  খনত যিখিনি দফা সন্নিবিষ্ট কৰা আছে, সেই খিনি দফাৰ প্ৰত্যেকটো দফাই আমাৰ জাতীয় জীৱনৰ বিভিন্ন দিশৰ লগতে অসমীয়া  ভাষালৈ বিপৰ্যয় নমাই আনিব।

এটা জাতিৰ মেৰুদণ্ড হৈছে ভাষা আৰু সাংস্কৃতি। এই ‘কা’ আইন খনৰ সম্পূৰ্ণ বলবতকৰণে আমাৰ ভাষাৰ প্ৰতি কিমান ভাবুকি কঢ়িয়াই আনিব সেয়া সদৌ অসম ছাত্ৰ সংস্থাই ভালদৰে  অনুভৱ কৰিছিল।

সকলো ধৰণৰ জাতীয় সংকটত প্ৰথমে ওলাই আহি মাত মাতে সদৌ অসম ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতে অসমৰ প্ৰধান জাতীয় সমস্যা ‘কা’ ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। ‘কা ‘খন আইনলৈ পৰিবৰ্তন হল  যদিও বৰ্তমান এই আইনখন আদালতৰ মজিয়াত আছে। এতিয়াও ৰাজ্যৰ  প্ৰান্তে প্ৰান্তে ‘কা’ আন্দোলনৰ সংগ্ৰাম চলি আছে।  যদিও আমি ‘কা’ বিৰোধী সংগ্ৰাম কৰি আহিছো,  এই ‘কা’ খন আমি বাতিল কৰিব নোৱাৰো। কিন্তু ‘কা’ বিৰোধী আন্দোলনৰ জৰিয়তে আদালতক প্ৰভাৱান্বিত  কৰিবলৈ এনে প্ৰতিবাদ অব্যাহত ৰাখিব লাগিব  বুলিও কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান গৰাকীয়ে গুৰুত্ব পূৰ্ণ মন্তব্য কৰে।

‘কা’ আইনখনে অসমৰ জন গাঁঠনিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব। ইতিমধ্যে প্ৰব্ৰজনৰ সমস্যাই আমাৰ অসমৰ  জাতীয় জীৱনৰ গাঠনি সলনি কৰি পেলাইছে। যদিও ‘কা’  আইনখন ভাৰতবৰ্ষৰ বাবে প্ৰণয়ন কৰা হৈছে, কিন্তু এই ‘কা’ ৰ দ্বাৰা অধিক ভুক্তভোগী  হব লাগিব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ।

আমাৰ ৰাজ্যত চলি থকা এই প্ৰতিবাদ বিভিন্ন ৰাজ্যলৈ বিয়পাই দিয়াৰ লগতে জাতীয় সংগঠন সমূহে  ‘কা’ বিৰোধী জনমত গঠনৰ প্ৰচেষ্টাও অব্যাহত  ৰাখিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

‘কা’ৰ  ভয়াৱহতা ৰাষ্ট্ৰীয় পৰ্যায়ত যি ধৰণে বোৱাই নিব লাগিছিল সেয়া এতিয়াও হৈ উঠা নাই। মৃনাল দাসে অসমৰ জাতীয় সংগঠন সমূহক আহ্বান জনাই কয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই ‘কা’  বিৰোধী  আন্দোলন অসমতে আবদ্ধ নাৰাখি সমগ্ৰ ভাৰতবৰ্ষলৈ বিয়পাই নিবা লাগে যাতে এই প্ৰতিবাদৰ কথা মহামান্য  উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ গৈ প্ৰভাৱান্বিত কৰিব পাৰে।

মৃণাল দাসে কয়- সদৌ অসম কৰ্মচাৰী পৰিষদৰ  সম্পাদক প্ৰধান হিচাপে মই কব বিচাৰো যে আইনী প্ৰক্ৰিয়া চলি থকা  কিছুমান বিষয়ত আমি মাত মতাত  অসুবিধা আছে। কিন্তু সদৌ অসম  কৰ্মচাৰী পৰিষদে অসমৰ জাতীয় সমস্যা সৃষ্টি কৰিব পৰা, ভাষা- সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব পৰা ‘কা’ ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিম। এই ‘কা’ আইনখন বাতিল কৰাৰ ক্ষেত্ৰত আদালতত যি আইনী যুজ চলি আছে সেই যুঁজখন সফল হোৱাৰ ক্ষেত্ৰত যাতে সঠিক ভাবে যথোচিত সময়ত তথ্য জয়গান ধৰিব পাৰে তাৰ বাবে এটা আইনী কোষ গঠনৰ বাবেও সদৌ অসম কৰ্মচাৰী পৰিষদৰ  সম্পাদক প্ৰাধান মৃণাল দাসে  ‘কা’ বিৰোধী আন্দোলনত জড়িত থকা  জাতীয় সংগঠন সমূহক আহ্বান জনায়।

উল্লেখ্য যে তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ ৩১ সংখ্যক অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে  শুকুৰবাৰে পুৱা ৯-০০ বজাত ‘কা’ বিৰোধী আন্দোলনত ছহিদ হোৱা পাঁচ গৰাকীকৈ ছহিদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন বিষয়-ববীয়া নাৰায়ণ ৰাজবংশী, প্ৰমোদ মেধী, চক্ৰেশ্বৰ ডেকাৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাস উপস্থিত থাকে আৰু বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনৰে ছহিদ সকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd