• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছ আই কেলেংকাৰীত জড়িত দেৱৰাজ দাসৰ পত্নীক লগত লৈ বৰপেটাৰ বেংক অফ বৰোদাত চি আই ডিৰ অভিযান

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
October 16, 2020 9:34 pm
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

416
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা এছ আই পৰীক্ষা কেলেংকাৰীৰ সৈতে জড়িত বৰপেটা চহৰৰ গান্ধীনগৰৰ দেৱৰাজ দাসৰ বাসগৃহত বিগত ১০ অক্টোবৰৰ পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই ১ কৌটি ৮৩ লাখ ৫৫ হাজাৰ ৭৪০ টকা জব্দ কৰাৰ লগতে দেৱৰাজ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

ভাৰতীয় ৰে’লৱে বিভাগৰ কৰ্মচাৰী দেৱৰাজ দাস এছ আই পৰীক্ষা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ প্ৰমাণ আৰক্ষীয়ে লাভ কৰাৰ পাছতেই দেৱৰাজ দাসৰ ক’ত কিমান ধন আৰু সম্পত্তি আছে তাৰ অনুসন্ধান আৰম্ভ কৰে ৷

দেৱৰাজ দাসৰ পত্নী তুলিকা বৰ্মনক লগত লৈ আজি চি আই ডিৰ দল আৰু আৰক্ষীৰ এটা দলে বৰপেটা চহৰৰ বেংক অফ বৰোদাত অভিযান চলায় ৷

বেংকটোত দেৱৰাজ দাসৰ পত্নী তুলিকা বৰ্মনৰ নামত থকা লকাৰত কি কি আছে তাৰ অনুসন্ধান কৰে তদন্তকাৰী দলটোৱে ৷

তদন্তকাৰী দলটোৱে দেৱৰাজ দাসৰ পত্নীক লগত লৈ বেংক অফ বৰোদাত অভিযান চলায় ৷

প্ৰায় চাৰে পাঁচ ঘন্টা বেংক অফ বৰোদাত চি আই ডিয়ে অভিযান চলায় ৷ তদন্তৰ খাতিৰত তদন্তকাৰী দলটোৱে সবিশেষ কোৱা নাই যদিও বিশেষ সূত্ৰে জানিব পৰা মতে তুলিকা বৰ্মনৰ নামত থকা লকাৰত নগদ ধন প্ৰায় ৪৬ লাখ টকা আৰু প্ৰায় ৯২০ গ্ৰাম সোণ উদ্ধাৰ কৰা হয় ৷

এই সোণৰ মূল্য প্ৰায় ৪২ লাখ টকা হ’ব ৷ বৃহৎ পৰিমাণৰ ধনসহ যোৱা ১০ অক্টোবৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দেৱৰাজ দাস কিদৰে অগাধ সম্পত্তিৰ গৰাকী হ’ল তাক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd