• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰমোদ বড়োৰ বিস্ফোৰণ : জবকাৰ্ডৰ নামত ৬৫০ কোটি টকা আত্মসাৎ কৰিছে বিপিএফৰ নেতাই

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 18, 2020 9:51 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত সময়ছোৱাত বিটিচিত (বৰ্তমানৰ বিটিআৰ) অঞ্চলত বিভিন্ন বিভাগৰ লগতে জবকাৰ্ডৰ ক্ষেত্ৰতো বিয়াগোম  কেলেংকাৰী সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে য়ু পি পি এলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে।

এই সন্দৰ্ভত তেওঁ কয়, ‘জবকাৰ্ড আঁচনিৰ নামত যোৱা দুটা বছৰত ৬৫০ কোটি টকা বিপিএফ দলৰ নেতা বিলাকে আত্মসাৎ কৰিছে। ইয়াৰ আমি এক উচিত তদন্ত বিচাৰিছোঁ। আমি দুটা তদন্ত বিচাৰিছোঁ বিটিআৰ অঞ্চলত। দুৰ্নীতিৰ সমান্তৰালভাৱে উন্নয়নৰ আঁচনিৰ ফৰেনচিক হিচাপ হ’ব লাগে’।

Apply Now

উল্লেখ্য যে য়ুপিপিএল দলৰ সভাপতি তথা তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৮ নং গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিৰ য়ুপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়ো।

আজি তামুলপুৰৰ চাৰাংবাৰীত ১ নম্বৰ তামুলপুৰ প্ৰাইমাৰী য়ুপিপিএল সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ সতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বড়োৱে এই মন্তব্য কৰে।

তেওঁ পুনৰ কয় ‘প্ৰধান মন্ত্ৰী আবাস যোজনা আঁচনিতো বহু কেলেংকাৰী সংঘটিত  হৈছে। বহু হিতাধিকাৰীৰ গৃহ নিৰ্মাণ নকৰাকৈয়ে গৃহৰ নামত আবণ্টিত ধন আত্মসাৎ হৈছে। একাংশ হিতাধিকাৰীৰ গৃহ  বছৰৰ পিছত বছৰ ধৰি অৰ্ধ নিৰ্মিত অৱস্থাতেই পৰি আছে। ইয়াৰো এক তদন্ত হ’ব লাগে’।

সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে পুনৰ কয় যে দুৰ্নীতি কৰি কোনেও সাৰি যাব নোৱাৰে। যিসকল লোকে দুৰ্নীতিত লিপ্ত হৈছে তেওঁলোকে শাস্তি পাব লাগিব আৰু জেইললৈ যাবই লাগিব।

সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অসমৰ যিমান শৈক্ষিক সমস্যা আছে ইয়াৰ ১০০ শতাংশ সমস্যা সমাধানৰ বাবে চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব লাগে।

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ দল সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত বড়োৱে কয় বিটিআৰ অঞ্চলত অসম জাতীয় পৰিষদৰ ভূমিকাক লৈ কোনো বিশ্লেষণ কৰা নাই।

‘আমি মাথোঁ বিচাৰো সকলো জাতি-জনগোষ্ঠীৰ লোক সদায় মিলাপ্ৰীতিৰে থাকিব লাগে। যোৱা ৩০-৪০ বছৰে সংগ্ৰাম চলাৰ সময়ত  আমাৰ অঞ্চলত বহু সংঘাত হ’ল। বহু হিংসা আৰু  প্ৰতিহিংসা হ’ল। ফলত এই অঞ্চলৰ অৰ্থনৈতিক-সামাজিক পৰিবেশ বিনষ্ট হৈছে। অৰ্থনৈতিক আৰু শৈক্ষিক উন্নয়নৰ কাৰণে সামাজিক পৰিবেশ ভাল হৈ থকাটো দৰকাৰ । সেইকাৰণে প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোক মিলা-প্ৰীতিৰে বসবাস কৰি থকাটো নিতান্তই প্ৰয়োজন’, এইদৰে কয় বড়োৱে।

উল্লেখযোগ্য যে য়ুপিপিএলৰ ১ নম্বৰ তামুলপুৰ প্ৰাথমিক সমিতিৰ উদ্যোগত আজি চাৰাংবাৰীত এখন সভা অনুষ্ঠিত হয়।

অজিত কলিতাই আঁত ধৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত য়ুপিপিএলৰ উপ-সভাপতি হিৰণ্য চৌধুৰীৰ লগতে কেইবাগৰাকীও য়ুপিপিএল নেতাই ভাষণ প্ৰদান কৰে।

এই সভাত য়ুপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৱে ভাষণ ৰাখি বিপিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰি এখন দুৰ্নীতিমুক্ত  বিটিআৰ গঠনৰ লগতে বিটিআৰ অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থৰ বাবে ইউপিপিএল দলক ভোট দিয়াৰ বাবে আহ্বান জনায়।

আজিৰ এই সভাতে কটন মহাবিদ্যালয় ছাত্র একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হৃদয় দাসৰ লগতে কেইবা গৰাকীও লোকে য়ুপিপিএল দলৰ মুৰব্বী  প্ৰমোদ বড়োৰ উপস্থিতিত দলত যোগদান কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd