যোৰহাটৰ ৰৰৈয়াৰ অসম মহিলা বিশ্ববিদ্যালয়ক কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানলৈ অৱনমিত কৰাৰ বাবে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত শুকুৰবাৰে সন্মিলিত নাগৰিক মঞ্চ আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰী মঞ্চৰ উদ্যোগত যোৰহাট প্ৰেছ ক্লাৱত এখন গণ অভিৱৰ্তন অনুষ্ঠিত হয়।
ৰাজ্যৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ মৰ্যাদা অক্ষুন্ন ৰখাৰ স্বাৰ্থত আয়োজিত এই অভিৱৰ্তনত সভাপতিত্ব কৰে সন্মিলিত নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি হোমেন বৰাই। অভিৱৰ্তনৰ উদ্দেশ্য বাখ্যা কৰে ড০ জয়ন্ত মাধৱ দত্তই।
অভিৱৰ্তনত উপস্থিত থাকে শিক্ষাবিদ প্ৰফুল্ল ৰাজগুৰু, ড০ পৰাণ বৰুৱা, ড০ দেবব্ৰত শৰ্মা, ছাত্ৰী মঞ্চৰ উপ সভানেত্ৰী সুজাতা বৰুৱা, শিক্ষাবিদ বিনীতা দত্ত, অধ্যাপিকা কবিতা ৰাজগুৰু, ড০ সোমেন বুঢ়াগোঁহাই, লেখিকা ৰাজলক্ষী শৰ্মা গোস্বামী আৰু যোৰহাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সান্তনা শৰ্মা।
অভিৱৰ্তনত উপস্থিত থকা এইসকল বিশিষ্ট ব্যক্তিয়ে একেমুখে অসম মহিলা বিশ্ববিদ্যালয়খনক পূৰ্ণ মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰে।
অভিৱৰ্তনে বিশ্ববিদ্যালয়খনত স্থায়ী উপাচাৰ্য, পঞ্জীয়ক আৰু স্থায়ী শিক্ষক নিযুক্তিৰে ইয়াক সম্পূৰ্ণ কৰি তোলাৰ বাবে আহ্বান জনায় আৰু কোনো কাৰণতে ইয়াক কাৰিকৰী বা আন অনুষ্ঠানলৈ পৰিৱৰ্তন কৰাৰ যিকোনো প্ৰস্তাৱৰ বিৰোধিতা কৰে।
সভাই ৰাজ্যখনৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন উঠাই দিয়াৰ প্ৰসংগ উত্থাপন হোৱাটোৱেই দুৰ্ভাগ্যজনক বুলি মন্তৱ্য কৰি বিষয়টো সম্পৰ্কত চৰকাৰক সোনকালে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।
গণ অভিৱৰ্তনে মহিলা বিশ্ববিদ্যালয়খন মহীয়সী শিক্ষাবিদ প্ৰয়াত ইন্দিৰা মিৰিৰ নামেৰে নামকৰণ কৰাৰ বাবেও দাবী জনায়।
উল্লেখযোগ্য যে বুধবাৰে আছুৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে কেইবা ঘণ্টা ধৰি যোৰহাটৰ ৰাজপথ অৱৰোধ কৰি ৰাখিছিল। ৰাজ্য চৰকাৰক মহিলা বিশ্ববিদ্যালয়খনৰ স্বকীয়তা অক্ষুন্ন ৰাখিবলৈ দাবী জনাইছিল প্ৰতিবাদকাৰী ছাত্ৰীসকলে।
বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ৭৫০ গৰাকী ছাত্ৰীৰ ভৱিষৎ জীৱনলৈ ভাবুকি কঢ়িয়াই আনি চৰকাৰে কাৰিকৰী প্ৰতিষ্ঠানলৈ অৱনমিত কৰিব বিচৰা কাৰ্যক কোনো প্ৰকাৰে গ্ৰহণ কৰা নহ’ব বুলি দাবী কৰি প্ৰতিবাদী কাৰ্যসূচীত হাজাৰৰোধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।
আন্তৰ্জাতিক মহিলা দিৱসৰ দিনা সমগ্ৰ বিশ্বতেই নাৰী দিৱস উদযাপন কৰি থকা সময়ত অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই আহিব লগীয়া কাৰ্যক সকলোৱে দুৰ্ভাগ্যজনক বুলি আখ্যা দিছিল।