• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছু নেৰে; সভাপতিৰ দৌৰত লুৰীণজ্যোতি গগৈ! : সভাপতি-সাধাৰণ সম্পাদকৰ দৌৰত আৰু কোন কোন?

কিয় অধিৱেশৰ এদিন পূৰ্বে আহিল ছাত্ৰ সন্থাৰ ‘মাফিয়াৰাজ’ৰ প্ৰসংগ?; ‘মাফিয়াৰাজ’ প্ৰসংগ ৰাজনৈতিক ষড়যন্ত্ৰ নেকি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 17, 2020 8:16 pm
31-10-18-Guwahati-AASU-Press-Meet-2-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈৰ পৰা দুলীয়াজানত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত হ’ব।

এই অধিৱেশনলৈ মাজত মাথো কেইটামান ঘন্টা বাকী। এতিয়াৰে পৰা কাউন্ট ডাউন আৰম্ভ হৈছে যে কোন হ’ব আছুৰ পৰৱৰ্তী সভাপতি তথা সাধাৰণ সম্পাদক?

Apply Now

এই অধিৱেশনতে বিদায় লোৱাৰ কথা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে দীপাংক নাথ আৰু লুৰীণজ্যোতি গগৈয়ে।

এতিয়া বহু জল্পনা-কল্পনা ইতিমধ্যে আৰম্ভ হৈছে। কোন হ’ব আছুৰ পৰৱৰ্তী সভাপতি আৰু সাধাৰণ সম্পাদক? তাক লৈ এতিয়া তুমুল চৰ্চা আৰম্ভ হৈছে।

আছুৰ এক উচ্চস্তৰীয় সুত্ৰই জনোৱা অনুসৰি আছুৰ সভাপতি দৌৰত প্ৰথমতেই নাম উচ্চাৰিত হৈছে বৰ্তমানৰ সাধাৰণ সম্পাদক তথা বলিষ্ঠ ছাত্ৰ কন্ঠ লুৰীণজ্যোতি গগৈ।

চৰকাৰৰ জনবিৰোধী কাম-কাজৰ সজোৰে বিৰোধ কৰি সমালোচনাৰে থকা-সৰকা কৰা লুৰীণৰ আছে এক বলিষ্ঠ কন্ঠ। গতিকে লুৰীণৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাৰ গৰিমা তথা বিজয়ধ্বজ্জা অটুত থাকিব বুলি সুত্ৰটোৱে প্ৰকাশ কৰিছে।

সভাপতিৰ দৌৰত আন তিনিটা নামো উচ্চাৰিত নোহোৱা নহয়। সভাপতি পদৰ বাবে মৰিগাঁৱৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উৎপল শর্মা, নলবাৰীৰ ভৱজ্যোতি বেজবৰুৱা আৰু বিশ্বনাথ চাৰিআলিৰ প্ৰজ্ঞান ভুঞাৰ নামো উচ্চাৰণ হৈছে।

আনহাতে, সাধাৰণ সম্পাদকৰ পদৰ বাবেও অন্য কেইবাগৰাকীৰ নাম ইতিমধ্যে চৰ্চা লাভ কৰিছে। নলবাৰীৰ ভৱজ্যোতি বেজবৰুৱা, শংকৰজ্যোতি বৰুৱা আৰু উদ্দীপজ্যোতি গগৈ আছে সাধাৰণ সম্পাদকৰ দৌৰত।

আন এক চৰ্চা চলা অনুসৰি যদি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে যদি লুৰীণজ্যোতি গগৈ নিৰ্বাচিত হয় তেন্তে উৎপল শর্মা নাইবা ভৱজ্যোতি বেজবৰুৱাৰ মাজৰ কোনো এজনে আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিব।

এয়া মাথো সকলোৰে মাজত চলা এক চৰ্চাহে। কোন কোন নিৰ্বাচিত হয় সেয়া নিশ্চয়কৈ সময়লৈ অপেক্ষা কৰিব লাগিব।

এনেবোৰ চৰ্চা চলি থকাৰ মাজতে অৰ্থাৎ অধিবেশনলৈ মাজত এটা দিন থকাৰ সময়তে আছুত ‘মাফিয়াৰাজ’ চলা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

পদত্যাগী আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সীমান্ত ঠাকুৰীয়াৰ পাছতে কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক গোলাঘাটৰ মনোৱাৰ হুছেইনে সভাপতি দীপাংক নাথ আৰু লুৰীণজ্যোতি গগৈয়ে মাফিয়াৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে এই অভিযোগ উত্থাপনেৰে মনোৱাৰ হুছেইনে আছুৰ পৰা পদত্যাগ কৰিছে।

‘সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজৰে সদৌ অসম ছাত্ৰ সন্থা চলা নাই। যোৱা ৫ বছৰে তেওঁলোকে একনায়কত্ববাদ চলাই আহিছে, মাফিয়া ষ্টাইলৰে মাফিয়াৰাজ চলাই আহিছে।এই কথা ছাত্ৰ সন্থাৰ নিষ্ঠাবান কৰ্মী হিচাপে মানি ল’ব নোৱাৰো। আছুৰ মজিয়াত থাকিও ৰাজনৈতিক দলৰ হৈ কাম কৰিবলৈ বিভিন্ন সময়ত হেঁচা প্ৰয়োগ কৰি আহিছে আৰু মোকো বিভিন্ন কথা কৈ আহিছে। সেয়েহে মই পদত্যাগৰ সিদ্ধান্ত ল’লো।‘ সংবাদ মাধ্যমৰ আগত এনেদৰে কয় মনোৱাৰে।

ইপিনে, মনোৱাৰে উত্থাপন কৰা এই অভিযোগৰ পাছতে মুখ খুলিছে লুৰীণজ্যোতি গগৈয়ে।

তেওঁ কয় ‘সদৌ অসম ছাত্ৰ সন্থাৰ ভাবমূৰ্তি ম্লান কৰিবলৈ কোনোবা ৰাজনৈতিক দলৰ এজেন্ট হিচাপে বিভিন্ন সময়ত বিভিন্ন কথা কৈ আহিছে। ছাত্ৰ সন্থাৰ শক্তি বা চৰকাৰ বিৰোধী স্থিতিক কোনোবাই কিনা-বেচা কৰিবৰ বাবে উঠি-পৰি লাগিবই। ছাত্ৰ সন্থাৰ মাজত ষড়যন্ত্ৰ আনিবৰ বাবে চৰকাৰী পক্ষ উঠি-পৰি লাগিবই।‘

‘ছাত্ৰ সন্থা গণতান্ত্ৰিক সংগঠন গতিকে গণতান্ত্ৰিকভাৱেই আগবাঢ়িব। ছাত্ৰ সন্থাক ভাল পোৱা কোনো ব্যক্তিয়ে ইয়াক জন মানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে উঠি পৰি লাগিব নোৱাৰে।‘ এনেদৰে কয় লুৰীণজ্যোতি গগৈয়ে।

আনহাতে, এইবোৰ বাক বিতণ্ডাৰ মাজতে আন এক চৰ্চাও নচলা নহয়। সভাপতি দীপাংক কুমাৰ নাথে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি চৰ্চা চলি আছে।

ইয়াৰোপৰি, দুলীয়াজান অধিৱেশনৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পুৰোধা ছাত্ৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই অৱসৰ ল’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd