আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ সুদীপ ত্যাগীয়ে।
১৬ নৱেম্বৰত ছ’চিয়েল মিডিয়াত এক পত্ৰযোগে নিজৰ অৱসৰৰ কথা ঘোষণা কৰে একালৰ প্ৰতিভাৱান বেগী বলাৰ গৰাকীয়ে।
‘‘প্ৰতিগৰাকী ক্ৰিকেটাৰৰ ভাৰতীয় দলৰ হৈ খেলাৰ বাবে যি সপোন থাকে মই সেয়া লাভ কৰিলো…..জাতীয় দলৰ জাৰ্চি পৰিধান কৰাটো মোৰ এক সপোন আছিল,’’ অৱসৰ গ্ৰহণ কৰি ত্যাগীয়ে এইদৰে উল্লেখ কৰে।
সকলো ধৰণৰ ক্ৰিকেটক বিদায় জনাই ত্যাগীয়ে মহেন্দ্ৰ সিং ধোনীকো ধন্যবাদ জ্ঞাপন কৰে।
মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ত্যাগীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল।
আনহাতে, ত্যাগীয়ে মহম্মদ কাইফ, সুৰেশ ৰাইনা আৰু আৰ পি সিঙকো ধন্যবাদ জ্ঞাপন কৰে।
মহম্মদ কাইফৰ নেতৃত্বত সুৰেশ ৰাইনা, আৰ পি সিঙৰ সৈতে ত্যাগীয়ে একেলগে উত্তৰপ্ৰদেশৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।
সুদীপ ত্যাগীয়ে ভাৰতীয় জাতীয় দলৰ ৪ খন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈ তিনিটা উইকেট দখল কৰিছিল।
২০০৯ চনৰ পৰা ২০১২ চনলৈ সুদীপ ত্যাগীয়ে চেন্নাই চুপাৰ কিংগছৰ হৈ আই পি এলত অংশ লৈছিল।