• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিয়পিব সাম্প্ৰদায়িক ৰাজনীতি! ডিচেম্বৰতে অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে আছাদুদ্দিন ৱাইছি

অসমৰ ১০ টা মুছলমান জনবসতিপূৰ্ণ সমষ্টিত প্ৰাৰ্থী দিব আছাদুদ্দিনৰ AIMIM এ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 5, 2020 9:23 pm
Assaduddin Washi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত মন্তব্যৰে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰি থকা এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইছিৰ এইবাৰ লক্ষ্য অসমৰ ২০২১ ৰ বিধানসভাৰ নিৰ্বাচন।

অসমত AIMIM ৰ ১০ জন প্ৰাৰ্থী থিয় কৰাব বিচাৰিছে বিতৰ্কিত আছাদুদ্দিনে। সেই উদ্দেশ্যে সংখ্যালঘু লোকক উচটনিমূলক মন্তব্যৰে আকৃষ্ট কৰিবলৈ অসমলৈ আহিব ৱাইছি।

Apply Now

ইতিমধ্যে, সংখ্যালঘু লোকসকলক আকৃষ্ট কৰিবলৈ সক্ষম হোৱা AIMIM ৰ মুৰব্বীগৰাকীৰ তৎপৰতাত দলটোৱে কালি হাইদৰাবাদত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ লগতে বিহাৰৰ নিৰ্বাচনত ৫ গৰাকীকৈ বিধায়ক জয়ী কৰাবলৈ সক্ষম হৈছিল।

উল্লেখ কৰিব পাৰি যে, বিভিন্ন মহলত চৰ্চা চলা অনুসৰি বিজেপিৰে ভিতৰুৱা বুজা-বুজি আছে ৱাইছিৰ। ৱাইছিৰ জৰিয়তে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই সমাজত অস্থিৰতাৰ সৃষ্টি কৰিবলৈ বিচৰা হৈছে বুলিও এক চৰ্চা নচলা নহয়।

অসমত ৱাইছিৰ দলে মুছলমান সংখ্যাগৰিষ্ঠ ধুবুৰী, দক্ষিণ শালমৰা, জলেশ্বৰ, মানকাছাৰ, গোৱালপাৰা পূৱ, গোৱালপাৰা পশ্চিম, গৌৰীপুৰ আৰু গোলকগঞ্জ এই ১০ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ইতিমধ্যে প্ৰচাৰ চলাইছে প্ৰাক্তন বিধায়ক ৰচুল হক(বাহাদুৰে)।

ইতিমধ্যে, উল্লেখিত সমষ্টিকেইটাত ৱাইছিক আদৰণি জনোৱা সূচক বেনাৰ পোষ্টাৰিং কৰা হৈছে। ইয়াৰ লগতে গুৱাহাটীৰ গণেশ মন্দিৰৰ সন্মুখৰ চকতো এই বেনাৰ পোষ্টাৰ ভৰি পৰিছে।

ইপিনে, ডিচেম্বৰ মাহৰ ভিতৰতে ওৱেছি প্ৰথমবাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জানিবলৈ দিয়ে। ইতিমধ্যে, তেওঁ কেতিয়া কি পৰিস্থিতিত অসমলৈ আহিব তাক লৈ সম্পূৰ্ণ আলোচনা চলি আছে আৰু এসপ্তাহৰ পাছতে ডিচেম্বৰ মাহৰ কোনটো দিনত অসমলৈ আহিব সেয়া নিশ্চিত কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ আৰু কয় ‘সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইয়ুডিএফে অসমত এই দলৰ উত্থান হোৱাত হেঙাৰ হিচাপে থিয় দিছে যদিও তেওঁক অসমলৈ অহাত কোনেও বাধা দিব নোৱাৰে।‘

ইপিনে, আছাদুদ্দিন ৱাইছিৰ অসম ভ্ৰমণ বা নিৰ্বাচনী প্ৰচাৰৰ বাবে অহাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি সংবাদমাধ্যমৰ আগহত ক্ষোভ প্ৰকাশ কৰে আঞ্চলিক গণ মৰ্চাৰ নেত্ৰী মীৰা বৰঠাকুৰে।

তেওঁ কয় ‘আছাদুদ্দিন ৱাইছিক যাতে অসমত প্ৰৱেশ কৰি ৰাজনীতি কৰিবলৈ বৰপীৰা পাৰি নিদিয়ে তাৰ বাবে সংবাদমাধ্যমে ব্যৱস্থা গ্ৰহণ কৰক। যিজনে সমগ্ৰ ভাৰতবৰ্ষতে মুছলমান মুছলমান কৈ সমগ্ৰ ভাৰতবৰ্ষতে হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি থাকে। দিচপুৰৰ ৰিম’ট কন্ট্ৰোল থকা গণেশগুৰিত যদি ৱাইছিৰ পোষ্টাৰিং কৰিব পাৰে তাতকৈ দুৰ্ভাগ্যজনক কিবা আছে নেকি?’

‘অসমীয়া লোকে মেৰুকৰণৰ ৰাজনীতি কৰা কেতিয়াও চাই নাথাকে। এইবিলাক পোষ্টাৰ অসমৰ পৰা দলিয়াই পেলাব লাগে। অসমক পূণৰ সাম্প্ৰদায়িক আস্ফালনৰে আছাদউদ্দিন ওৱেছিৰ দলটোৰ আমন্ত্ৰণ জনাই অসমক অশান্ত কৰিব বিচৰা দুষ্ট চক্ৰক চিনাক্ত কৰি এই দলৰ অসমত খোপনি লৱলৈ দিয়া উচিত নহব ৷ এইবোৰ পোষ্টাৰ আমাৰ দৃষ্টিগোচৰ হৈছে ৷ তেওঁৰ দল হায়দৰাবাদতে সীমাবদ্ধ থাকক ৷ অসমক আকৌ সাম্প্ৰদায়িক বিষবাষ্পৰে ভাগ ভাগ কৰিব দিয়া নহব ৷’ তেওঁ লগতে ক্ষোভ প্ৰকাশ কৰি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd