• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও ভূমি সংৰক্ষণ বিভাগত ব্যাপক দুৰ্নীতি, অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ; তদন্তৰ দাবী

চানু গগৈ by চানু গগৈ
December 12, 2020 8:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কৈ দিশপুৰৰ মছনদ দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ আমোলতে ৰাজ্যখনৰ ইটোৰ পিছত সিটো চৰকাৰী বিভাগত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি,কেলেংকাৰীৰ ঘটনা।

ৰাজ্য প্ৰধানজনে সভাই সমিতিয়ে কেৱল বৰাক, ব্রহ্মপুত্র পাহাৰ ভৈয়ামৰ ৰাইজৰ সম্প্ৰীতিৰ কথা কৈ অহাৰ সময়তে নগাঁও জিলা ভূমি সংৰক্ষণ বিভাগৰ নগাঁও সংমণ্ডলৰ অন্তৰ্গত মৰিগাঁও জিলাৰ ফলিয়ামাৰী আৰু কুজি অঞ্চলত এছ, অ, পি , ডি, আচঁনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি,অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে{

Apply Now

প্ৰাপ্ত তথ্য অনুসৰি ২০১৯–২০২০ বৰ্ষত নগাঁও ভূমি সংৰক্ষণ বিভাগৰ অধীনত মৰিগাঁও জিলাৰ ফলিয়ামাৰী অঞ্চলৰ কৃষি পথাৰত চাৰিটা আচঁনি ৰূপায়নৰ নামত আবন্টিত ত্ৰিশলাখ সত্তৰ হাজাৰ টকা সামান্যতম কাম কৰিয়ে  সামৰিলে বিভাগীয় জিলা বিষয়া গৰাকীয়ে।

ইয়াৰে এটা ফলিয়ামাৰী গাঁৱৰ পৰা কৃষি পথাৰলৈ পথ বান্ধ নিৰ্মাণৰ নামত আঠলাখ টকাৰ লগতে এই বান্ধত একলাখ ষাঠি হাজাৰটকাৰ এটি কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল।

ৰাইজৰ অভিযোগ অনুসৰি পতিত ভূমি খনন মেটেকা চাফাই আৰু পানী সংৰক্ষণ ক্ষেত্ৰ নিৰ্মাণ খৰছ পোন্ধৰ লাখ টকাৰ বিপৰীতে এই জল ছেদৰ পৰা হব লগা মাটিৰে নিৰ্মিত জলনলা (chanel) নিৰ্মাণৰ নামত আবন্টিত ছয় লাখ টকা  ঠিকাদাৰ আৰু জিলা বিষয়া গৰাকীয়ে চেনেল নিৰ্মাণ নকৰাকৈ সমূদায় ধন চলিত বৰ্ষৰ মাৰ্চ মাহতে সৰকাই আত্মসাৎ কৰে{

লগতে বিষয়া গৰাকীয়ে নিজে ঠিকাদাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ আচঁনি ৰূপায়নৰ দিশত নিয়োজিত টেক্টৰৰ খৰছ দুই লাখ টকা আৰু জেছিপি (ফৰ্কলেন) খৰছৰ নামত তিনি লাখ পঞ্চাশ হাজাৰ টকাৰ লগতে হাৰ্ডৱেৰ দোকানৰ এক লাখ পঞ্চাশ হাজাৰ টকা মোকলাই নিদিয়াত ভূক্তভোগীয়ে ক্ষোভ উজাৰি ধন মোকলাই দিবলৈ দাবী তুলিছে।

আনহাতে, সংশ্লিষ্ট জিলা বিষয়া গৰাকীৰ তত্ত্বাবধানতে কুজি অঞ্চলত বিভাগীয়  এছ, অ, পি, ডি, আচঁনিৰ নামত আবন্টিত ত্ৰিশ লাখ দহ হাজাৰ ন’শ  টকাৰ অধিকাংশই ঠিকাদাৰ আৰু বিষয়া গৰাকীয়ে লুন্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে।

কুজি বিলৰ মেটেকা চাফাই নামত আবন্টিত এঘাৰ লাখ টকা আৰু দুটা পুখুৰী নিৰ্মাণ তথা পানী সংৰক্ষণ ক্ষেত্ৰ জলছেদ  ৰূপে দহ লাখ ষাঠি হাজাৰ টকাকৈ চৰকাৰী ভাৱে আবন্টিত ধন সঠিক দিশত ৰূপায়ণ নকৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

অভিযোগ অনুসৰি পুখুৰী পতিত বিলত নকৈ খান্দি জলছেদ নিৰ্মাণ কৰিব লাগে যদিও পূৰ্বৰে পৰা নিৰ্মাণ হৈ থকা ৰাজহুৱা পুখুৰীতে সামান্যতম মেৰামতি কৰিয়ে বীল সৰকাবলৈ চেষ্টা কৰাৰ লগতে আনটো পুখুৰী নিৰ্মাণ কৰা নাই বুলিও ৰাইজে অভিযোগ তুলিছে।

কুজি বিলৰ মেটেকা চাফাইৰ নামতো আবন্টিত ধন সামান্য কাম কৰিয়ে সামৰিলে। এনে এক প্ৰেক্ষাপটত চৰকাৰী জনহিতাৰ্থ আচঁনিৰ ধন ৰূপায়ণৰ নামত চৰকাৰী বিষয়াই ঠিকাদাৰৰ লগত মিলি ধন আত্মসাৎ কৰা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে।

শীঘ্ৰে এনে অনিয়ম দুৰ্নীতিৰ এক উচিত তদন্তৰ দাবী তুলিছে ভোক্তভূগী অঞ্চলবাসী ৰাইজে।

 

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd