জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ অসমজুৰি হোৱা আন্দোলনত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ অপৰাধতে অসমৰ প্ৰশাসনযন্ত্ৰৰ ষড়যন্ত্ৰৰ বলি হোৱা অখিল গগৈ আজিও কাৰাৰুদ্ধ হৈ আছে।
কৃষক নেতাজনৰ মুক্তিৰ দাবীত সমগ্ৰ অসমৰ আকাশ বতাহ উত্তাল হৈ আছে। পিছ পৰি থকা নাই অখিল গগৈৰ গৃহ জিলা যোৰহাটৰ টীয়কো।
আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত টীয়ক নগৰৰ মাজমজিয়াত জাতিধ্বংসী কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰায় তিনি শতাধিক লোকৰ উপস্থিতিত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
এটা বছৰতকৈ অধিক সময় ভুৱা গোচৰত কাৰাগাৰত বন্দী কৰি ৰখা কৃষক নেতাজনক বিনা চৰ্তে মুক্তিৰ দাবীত টীয়কৰ আকাশ বতাহ কঁপাই তোলে।
অতি শীঘ্ৰে মুক্তি নিদিলে ভৱিষ্যতে ইয়াতকৈও অধিক জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী জনতাই।
লগতে বিজেপিক অহা ২০২১ চনৰ নিৰ্বাচনত পৰাস্ত কৰি ৰাইজৰ দলে চৰকাৰ গঠন কৰি প্ৰথমতে বিধানসভাত কা বাতিল কৰি দেশ তথা জাতিক সুৰক্ষা প্ৰদান কৰিব বুলিও মন্তব্য কৰে।