• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰম্ভ কৰা এদিনৰ পিছতেই ডিমাছা ছাত্ৰ সন্থাই বন্ধ কৰি দিলে মান্দাৰদিছা ট’ল প্লাজা!

পঙ্কজ কুমাৰ দেৱ by পঙ্কজ কুমাৰ দেৱ
December 17, 2020 7:04 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুকলি হোৱাৰ এদিন পাছত বন্ধ কৰি দিয়া হ’ল মান্দাৰদিছা ট’ল প্লাজা। যোৱা কালি পাৰ্বত্য জিলাৰ প্ৰথমটো ট’ল প্লাজা মান্দাৰদিছাত মুকলি কৰিছিল বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সদস্য বিমল হোজাইয়ে।

কিন্তু বুধবাৰে দিনৰ ১২ মানত হাফলংৰ পৰা অল ডিমাচা ষ্টুডেন্ট য়ুনিয়ন (আডছু) আৰু ডিমাচা ষ্টুডেন্ট য়ুনিয়নৰ প্ৰতিনিধি দলে যুটীয়াভাৱে মান্দাৰদিছাত উপস্থিত হৈ প্ৰথমে ট’ল প্লাজাৰ ট’ল সংগ্রহ বন্ধ ৰখাৰ কাৰণে নিৰ্দেশ দিয়ে।

আডছুৰ জিলা সভাপতি উত্তম লাংথাছায় অভিযোগ কৰি কয় ‘ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যোৱা এটা দশকৰ বেছি সময় ধৰি পাৰ্বত্য জিলাত পথ নিৰ্মাণৰ কাম কৰি আছে। কিন্তু এতিয়ালৈকে অধিকাংশ কাম সম্পূৰ্ণ হোৱা নাই। কৰ্দয অৱস্থাত মাইবাঙৰ পৰা হাৰাঙ্গাজাওৰ বাট পথ। ৰত্না ইনফ্ৰা নামৰ ঠিকাদাৰী সন্থাক কামৰ দায়িত্ব দিয়া হৈছে। কিন্তু পথৰ অৱস্থা নাই। তেনে পৰিস্থিতিত পথ নিৰ্মাণ এৰি ট’ল  প্লাজাত গুৰুত্ব দিছে।’

ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বলপূৰ্বকভাৱে ট’ল প্লাজা খোলাৰ প্ৰচেষ্টা চলালে বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও তেওঁ ভাবুকি দিয়ে লাংথাছায়ে।

ডিমাচা ষ্টুডেন্ট য়ুনিয়নৰ সভাপতি সিদুট নাইডিঙে কয়, ‘পাৰ্বত্য জিলাৰ বাট পথ যেতিয়ালৈকে সম্পূৰ্ণ নিৰ্মাণ নহয় তেতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ট’ল সংগ্রহ কৰিব নোৱাৰিব। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ নিৰ্মাণৰ নামত ভেকোভাওনাত লিপ্ত হৈছে।’

ডিমাচা ষ্টুডেন্ট য়ুনিয়নৰ সাধাৰণ সম্পাদক প্ৰমিত চেংগুইনে কয়, ‘আমি অলপতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত চলা নিৰ্মাণ কাম লেহেমীয়া গতিত চলাৰ উপৰি কামৰ গুণগত মান নিম্নগামী হোৱা আৰু পথ নিৰ্মাণৰ নামত দুৰ্নীতি হোৱা বুলি অৱগত কৰিছো। ঠিকাদাৰী সন্থাক নিয়োজিত কৰা হৈছে যদিও কিন্তু পথ সূচল হৈ উঠা নাই। অকল এয়াই নহয় জাতিংগা-হাৰাঙ্গাজাও ২৫ কিলোমিটাৰ পথ যোৱা ৯ বছৰে একো হোৱা নাই। ঠাইয়ে ঠাইয়ে প্ৰকাণ্ড গাঁত। তেনে পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত তদন্তৰ দাবী উত্থাপন কৰা হৈছে। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।’

চেংগুইনে স্পষ্ট কৰি দি কয় যে প্ৰথমে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰক তাৰ পাছত ট’ল প্লাজা আৰম্ভ কৰিব পাৰিব।

অলপতে পোৱা তথ্য অনুসৰি অহা বৃহস্পতিবাৰে মাইবাংত মান্দাৰদিছা ট’ল প্লাজা ইছ্যুক লৈ মহকুমা প্ৰশাসন, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ডিমাছা ছাত্ৰ সন্থাৰ মাজত বৈঠক অনুষ্ঠিত হ’ব। উক্ত বৈঠকত মান্দাৰদিছা ট’ল প্লাজা খোলা সন্দৰ্ভত চুড়ান্ত আলোচনা হ’ব।

পঙ্কজ কুমাৰ দেৱ

পঙ্কজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

September 10, 2025 1:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd