• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নিৰ্বাচিত ২২ বিধায়কক লৈ মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’ৰ সমুখত আছে কঠিন পথ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2018 3:02 pm
Rio-oath-taking-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ নৱনিৰ্বাচিত মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’ই সদ্যহতে দেশৰ ৰাজধানী দিল্লীত বাহৰ পাতি নিজৰ মন্ত্ৰীসভাখনক চিজিল লগোৱাৰ কামত ব্যস্ত আছে।মুখ্য মন্ত্ৰীৰ সমুখত এতিয়া ২২ জন নিৰ্বাচিত বিধায়কক সংসদীয় সচীব আৰু উপদেষ্টা আদি  পদত  সংবিধানৰ গণ্ডীৰ মাজত থাকি নিয়োগ কৰাটো এক কঠিন সমস্য হৈ দেখা দিছে। সেয়েহে এই কঠিন সময়চোৱাত  ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁৰ মন্ত্ৰীসভাত এটি নিৰ্ণায়ক ভূমিকা লোৱাটো খুবেই জৰুৰী হৈ পৰিছে।

উপ মুখ্য মন্ত্ৰী ৱাই পাটন, কেবিনেট মন্ত্ৰীসকল, ৰাজ্যিক বিজেপি আৰু নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতাসকলৰ সৈতে বাহৰ পাতি মুখ্য মন্ত্ৰী ৰিঅ’ই ভালেকেইগৰাকী কেন্দ্ৰীয় নেতা আৰু মন্ত্ৰীসকলৰ সৈতে এলানি বৈঠকত মিলিত হৈছে।

Apply Now

উল্লেখ্য যে সঁজাতি দলটোৱে উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুকো সাক্ষাৎ কৰিছিল।

মুখ্য মন্ত্ৰী আৰু তেওঁৰ দলটোৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীকো সাক্ষাৎ কৰে আৰু কোহিমাৰ ওচৰত চেইথু বিমানঘাটি নিৰ্মাণৰ বাবে টানি অনুৰোধ জনায়।  ইউ পি এ চৰকাৰৰ দিনতেই আৰম্ভ কৰা ‘বিশেষ সহায়তা নিধি’ৰ ধাৰাবাহিকতা ৰক্ষা কৰা আৰু টুৱেনছাঙত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা ইষ্টাৰ্ন নাগালেণ্ড পীপল’ছ অৰ্গেনাইজেশ্যনৰ বাবে বিশেষ পেকেজ প্ৰদান কৰাৰ বাবেও সঁজাতি দলটোৱে প্ৰধান মন্ত্ৰীক অনুৰোধ জনায়।

সঁজাতি দলটোৱে ইউনিয়ন বিত্ত মন্ত্ৰী অৰুণ জেটলীক তেওঁৰ নিজা কৰ্যালয়ত, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হৰদীপ ইং পুৰী আৰু গৃহ পৰিক্ৰমা দপ্তৰৰ ইউনিয়ন মন্ত্ৰী কিৰেন ৰিজিজুকো তেওঁৰ দিল্লীৰ বাসভৱনত সাক্ষাৎ কৰে।

উল্লেখ্য যে  যোৱা ৮ মাৰ্চত ৪ বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ৰিঅ’ই চৰকাৰ গঠন কৰাৰ বাবে নিমন্ত্ৰিত হোৱাৰ পিছত দপ্তৰ বিতৰণ আৰু কেবিনেট বাচনিৰ বিষয়ত ভালেমান বাৰ অসুবিধাৰ সমুখীন হৈছিল।

এতিয়া ৰিঅ’ৰ সমুখত সমস্যা হৈ ঠিয় দিছে নিৰ্বাচিত হৈ অহা ২২গৰাকী বিধায়কক কেবিনেট বা ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাৰে উপদেষ্টা হিচাপে নিযুক্তি দিয়াতো।

অৱশ্যে ৰিঅ’ই কৈ আহিছে যে দেশখনৰ আইনৰ বিপৰীতে গৈ তেওঁ সংসদীয় সচীব নিয়োগ নকৰে।

উল্লেখযোগ্য যে নতুন দিল্লীত বাহৰ পাতি থকা ৰিঅ’ৰ নেতত্বত যোৱা সঁজাতি দলটোৱে সাংবিধানিক বিশেষজ্ঞ আৰু আইন বিশেষজ্ঞসকলৰ সৈতে নিৰ্বাচিত সদস্যসকলক উপদেষ্টা হিচাপে নিয়োগ কৰা বিষয়ৰ ওপৰত পৰামৰ্শমূলক আলোচনাত মিলিত হৈছে।

মুখ্যমন্ত্ৰী ৰিঅ’ই বৃহস্পতিবাৰে আবেলি ৰাজ্যখনৰ এডভোকেট জেনেৰেলগৰাকীৰ সৈতে উপদেষ্টা নিয়োগৰ বিষয়ত এক ৰূদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd