• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাষা প্রযুক্তিৰ আলোচনা সত্ৰৰে গাম্ভীৰ্যপূৰ্ণ অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলা

'সুৱদীসুৰীয়া অসমীয়া ভাষাৰ গৰিমা-বৈভৱ পৃথিৱীৰ ভিতৰতে অনন্য'

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2021 9:02 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ভাষাৰ বৈভৱৰ বিষয়ে চিন্তাগধুৰ গুৰুত্বপূৰ্ণ আলোচনাই আজি অসম প্রকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলাক নতুন মাত্ৰা প্ৰদান কৰে।

ভাষাচাৰ্য ডঃ গোলোকচন্দ্ৰ গোস্বামী সোঁৱৰণী ‘অসমীয়া ভাষা বৈভৱ’ শীৰ্ষক দুটা ভাগত হোৱা এই আলোচন| সত্ৰত ৰাজ্যখনৰ কেবাগৰাকী ভাষাতত্ববিদ, পণ্ডিত-গৱেষক, বিদ্বৎ ব্যক্তিয়ে অংশগ্ৰহণ কৰি সুৱদীসুৰীয়া অসমীয়া ভাষাৰ গৰিমা আৰু বৈভৱ পৃথিৱীৰ ভিতৰতে অনন্য তথা লেখত ল’বলগীয়া বুলি ঘোষণা কৰে।

Apply Now

গ্ৰন্থমেলাৰ বেণু মিশ্ৰ সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচন সত্ৰৰ ‘ভাষাবিজ্ঞান আৰু অসমীয়া ভাষা-প্রযুক্তি’ শীৰ্ষক প্রথম আলোচনা সত্ৰ উদ্বোধন কৰি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ  দীপক কুমাৰ শৰ্মাই বৈভৱশালী বুলি উল্লেখ কৰি অসমীয়া ভাষাৰ অমৰত্বৰ ক্ষেত্ৰত সংশয়ৰ প্রশ্ন নাই বুলি কয়।

তেওঁ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব ডঃ মহেশ্বৰ নেওগৰ উদ্ধৃতিৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত সংস্কৃত ব্যাকৰণ অধ্যয়নৰ প্রয়োজনীয়তা অনস্বীকাৰ্য বুলি কয়।

আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট ভাষা-প্রযুক্তিবিদ ডঃ  উৎপল শৰ্মাই। তেওঁ স্পষ্ট কৰি দিয়ে যে সকলো ভাষাৰ আধাৰ হৈছে কথিত ভাষা। কথিত ভাষাৰ পৰাই ক্ৰমশঃ এটা মান্য ভাষাই সমৃদ্ধি লাভ কৰে।

আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰি কম্পিউটাৰ প্রযুক্তিবিদ গুণদীপ চেতিয়াই প্রযুক্তিৰ লগত তাল মিলাই আগ বাঢ়িব নোৱাৰিলে ভাষাৰ বিলুপ্তিৰ সম্ভাৱন| থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে কম্পিউটাৰত ভাষা উচ্চাৰণৰ ক্ষেত্ৰত প্রশিক্ষণৰ থল আছে। ইয়াৰ গৱেষণ| হৈ আছে যদিও এয়া দুৰূহ৷

একেদৰে লেখক-ভাষাবিদ ডঃ ভাস্কৰজ্যোতি শৰ্মাই অসমীয়া ভাষা ভালদৰে বুজিবলৈ আৰু শুদ্ধভাৱে লিখিবলৈ ডঃ গোলোকচন্দ্ৰ গোস্বামীৰ আটাইকেইখন কিতাপ পঢ়া অত্যন্ত জৰুৰী বুলি উল্লেখ কৰি কয়- ‘ভাষা আৰু প্রযুক্তিৰ মাজত এতিয়াও ডাঙৰ দূৰত্ব আছে। ভাষাবিজ্ঞান আৰু প্রযুক্তিৰ মাজত যিমানে সংযোগ-সম্পৰ্ক স্থাপন কৰিব পৰা যাব সিমানেই ভাষা-প্রযুক্তি সফলতাৰ দিশত আগুৱাব।

এগৰাকী লেখক-ভাষাবিদ ডঃ লক্ষী হাজৰিকায়ো ভাষা-প্রযুক্তিৰ চৰ্চা আৰু প্রয়োগ এই সময়ৰ দাবী বুলি উল্লেখ কৰে।

‘ভাষা বৈজ্ঞানিক অধ্যয়ন, অভিধান, ব্যাকৰণ আৰু আনুষংগিক বিষয়’ শীৰ্ষক দ্বিতীয় আলোচনা সত্ৰ সঞ্চালনা কৰে বিশিষ্ট লেখক, অভিধান প্রণেতা সুমন্ত চলিহাই।

সত্ৰখনত এই ভাগত আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক-গৱেষক ডঃ উপেন ৰাভা হাকাচামে কয় হেমিল্টনৰ “১০ টা ভাষাৰ অভিধানখনৰ বিষয়ে উল্লেখ কৰে। ‘আমাৰ ভাষাৰ পৰিভাষা আৰু বান্যনৰ ক্ষেত্ৰত বহুত খাম-খেয়ালি আছে। এয়া নোহোৱা কৰিব লাগিব। বিভিন্ন ভাষাৰ বিভিন্ন সুন্দৰ শুৱলা আৰু সৰ্বগ্ৰহণযোগ্য শব্দ আছে। এইবোৰৰ প্রত্যেকেই প্রত্যেকক সমৰ্থন কৰিলে ভাষাই সমৃদ্ধি লাভ কৰিব।”

আন এগৰাকী অতিথি আলোচক, বিশিষ্ট লেখক-ভাষাবিদ ডঃ দীপ্তি ফুকন পাটগিৰিয়ে ডঃ গোলোকচন্দ্ৰ গোস্বামীৰ প্ৰজ্ঞাৰ সাধনাক শ্ৰদ্ধাৰে স্মৰণ কৰি কয় যে তেওঁ ভাষাক ভালপোৱা স্বদেশানুৰাগী ব্যক্তি আছিল। লগতে তেওঁৰ বিজ্ঞানসন্মত অধ্যয়ন সন্দৰ্ভতো ব্যাখ্যা আগ বঢ়াই ডঃ পাটগিৰিয়ে কয়— ‘অভিধান নোহোৱাকৈ এটা ভাষাই স্থায়িত্ব লাভ কৰিব নোৱাৰে। ব্যাকৰণ যদিও কঠোৰ ই বৰ ৰসাল আৰু মধুৰ।’

আন এগৰাকী আলোচক অতিথি বিশিষ্ট লেখক-ভাষাবিদ ডঃ দিলীপ ৰাজবংশীয়ে ভাষা মানুহৰ মহত্তম উপাদান বুলি উল্লেখ কৰি আধুনিক ভাষা-বিজ্ঞানে কথিত ভাষাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে বুলি কয়।

ইপিনে আজি গুৱাহাটী গ্রন্থমেলাৰ সপ্তম দিনা প্রকাশন পৰিষদৰ অস্থায়ী কাৰ্যালয়ৰ সভাকক্ষত উন্মোচিত হয় প্রকাশৰ নিৰ্বাচিত গল্প৷ বিশিষ্ট উপন্যাসিক জয়ন্ত মাধৱ বৰা আৰু ‘প্রকাশ’ৰ সম্পাদক মিহিৰ দেউৰীয়ে সম্পাদনা কৰ| এই নিৰ্বাচিত গল্প সংকলনটি উন্মোচন কৰে ডঃ দীপ্তি ফুকন পাটগিৰিয়ে।

ইপিনে আজি গ্রন্থমেলাৰ গগনচন্দ্ৰ অধিকাৰী সভাগৃহত ‘বিন্দু সাহিত্য সন্মান’ প্রদান কৰে বিশিষ্ট উপন্যাসিক-লেখিকা ডাঃ নীলাক্ষি চলিহা গগৈক।

আনহাতে গ্ৰন্থমেলাৰ মূল মঞ্চত উন্মোচিত হয় ডাঃ গকুল বৰাৰ গ্ৰন্থ ‘লাই হালে জালে’ বিশিষ্ত শিশু সাহিত্যিক বন্দিতা ফুকনে উন্মোচন কৰা এই অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞা, বিশিষ্ট শিক্ষাবিদ-অধ্যাপক সপোন দুৱৰাকে ধৰি কেবাগৰাকী বিশিষ্ট, ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে আজিও গ্ৰন্থ বিক্ৰীৰ হাৰ সন্তোষজনক বুলি প্ৰকাশকসকলে জানিবলৈ দিছে। অসম প্রকাশন পৰিষদৰ বিপণীত আজিও ‘হীৰেন ভট্টাচাৰ্য ৰচনাৱলী’ৰ চাহিদাই অধিক প্রতিফলিত হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd