সম্প্ৰতি কপিকুলৰ সন্ত্ৰাসত ত্ৰাহি মধুসুদন সুঁৱৰিছে বৃহত্তৰ টিহু অঞ্চলৰ গঞাই। বিগত কেই বছৰ মানৰ পৰা বান্দৰৰ উৎপাতত এই এলেকাৰ বাসিন্দাসকলে একো কৰি খাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে।
টিহুৰ ফালে প্ৰায়ভাগ গ্ৰাম্যাঞ্চলতে বান্দৰৰ উৎপাত অভাৱনীয় ভাৱে বৃদ্ধি পাই আহিছে। জাকে জাকে বান্দৰ আহি মানুহৰ পাচলিৰ বাগিচা তহিলং কৰে । একো এটা খেতি কৰি খাব নোৱাৰিয়েই, ইয়াৰ উপৰিও পাকঘৰৰ ভিতৰ সোমাই য’তে যি পায় খাই আৰু লণ্ডভণ্ড কৰে । আনহাতে বান্দৰৰ বুদ্ধিও কম নহয় , ঘৰ এটা চাৰিওফালে বন্ধ থাকিলেও সিহঁতে কৰে কি, সৰু পোৱালি বান্দৰ এটাক মুধচেৰে সোমোৱাই দি বস্তু-বাহানি উলিয়াই নিয়ে । মানুহৰ পাকঘৰৰ আৰু গোসাঁই ঘৰৰ টিনপাত আৰু বেৰৰ মাজত থকা ফাক বিলাকত সৰুকৈ বাঁহৰ জালি বৈ দিলেও কিন্তু বান্দৰ বিলাকে সেই বিলাক আঁতৰাই ভিতৰত সোমাই উৎপাত কৰে । আগতে সিহঁতে চিঞৰ-বাখৰ কৰি খেদিলে বা বাটলুগুটি মাৰিলে ভয় খাইছিল। কিন্তু এতিয়া আৰু ভয় নকৰে । বেছিকৈ খেদা খেদি কৰিলে সিহঁতেও টিনপাতৰ ওপৰত জঁপিয়াই বিকট শব্দ কৰি প্ৰতিশোধ লয় ।
বান্দৰ বিলাকৰ খাদ্যাভ্যাসো আচৰিত ধৰণৰ । বান্দৰে কেৱল ফলমূল খাই জীয়াই থাকে বুলি ভবা কথাটো এতিয়া অসত্য বুলি প্ৰমাণিত হৈছে। খাদ্য সংকটত পৰিলে সিহঁতে টানত পৰিলে প্ৰায় সকলো খাব পাৰে । সকলো ধৰণৰ ফলমূল খোৱাৰ উপৰিও কোমল পাত, ডাল, চৰাইৰ কণী আনকি চৰাইৰ পোৱালিও বাদ নপৰে । বাৰিষা কালত ক’ল গছৰ পুলিবাৰী আজুঁৰি ফালি মাজৰ অংশটো খায় । আনকি জলকীয়াৰ গছৰ পাত আৰু কোমল জলকীয়াও খায় । অমিতা গছ কেইডালতো চাবলৈকে ভাল, ঠাৰি, পাত, কলি সকলো খাই কেৱল গা-গছ ডালহে থিয় হৈ থাকে।
পৰম্পৰাগতভাৱে বান্দৰক প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ দূত হিচাপে বা হনুমান, সুগ্ৰীৱ আদিৰ বংশধৰ বুলি শ্ৰদ্ধা জনাই এক বিশেষ মৰ্য্যদা দি অহা হৈছে বাবে বান্দৰৰ হাতত নিগৃহীত মনুহখিনি এতিয়াও সিঁহতৰ ওপৰত বিশেষ কঠোৰ হৈ উঠা নাই। কিন্তু এইবিলাক সচাঁকৈয়ে তেওঁলোকৰ বংশধৰ হয়নে? নিশ্চয় নহয়, হ’লেনো ইমান উপদ্ৰৱ কিয় কৰিব? এতিয়া কথাটো হল ৰাইজক বান্দৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ লাগে । কাৰণ, শাক পাচলি, দালি চাউল, বিস্কুট, ফলমূল আদি বলপূৰ্বক ভাৱে খোৱাৰ উপৰিও এতিয়া বান্দৰে মানুহকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে ।
গুজৰাট, ৰাজস্থান আদি ৰাজ্যৰ দৰে অসমতো বান্দৰ নিয়ন্ত্ৰণৰ বাবে সুকীয়া পদক্ষেপ গ্ৰহণ কৰাৰ আৱশ্যক হৈ পৰিছে। বন্যপ্ৰাণীৰ ওপৰত চৰকাৰৰ এখন এখন আইন আছে যদিও বন্যপ্ৰাণীৰ বিষয়ে সজাগতা সৃষ্টি, প্ৰতিৰোধ, সহাৱস্থান আদিৰ ওপৰতো জনসাধাৰণক জ্ঞান দিয়াৰ প্ৰয়োজন আছে ।