• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

জোঁৰ সমদললৈ ইমান ভয় কিয় সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন গৃহ বিভাগৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 22, 2021 8:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোন প্ৰথমবাৰলৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ গৃহ বিভাগৰ অধীনৰ আৰক্ষীয়ে গুৱাহাটীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসৰ সন্মুখত লগালে প্ৰকাণ্ড বেৰিকেড।

কাইলৈ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জেৰেঙা পথাৰত ভুমিহীন খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদানৰ বাবে আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

কিন্তু প্ৰধান মন্ত্ৰী অসমলৈ অহাৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাই তেওঁৰ অসম আগমণৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যজুৰি জোঁৰ সমদল বাহিৰ কৰিছিল য’ত বিজেপি চৰকাৰৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিছিল।

এইখিনিতে উল্লেখ কৰিব লাগিব যে পূৰ্বেও আছুৱে বিভিন্ন দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত জোঁৰ সমদল বাহিৰ কৰিছিল। ঠিক সেইদৰে আছুৰ শ্বহীদ ন্যাসৰ পৰাও জোঁৰ সমদল বাহিৰ কৰিছিল প্ৰতিবাদকাৰীহে। কিন্তু এইবাৰহে জুইলৈ ভয় হ’ল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ। জোঁৰ সমদল বাহিৰ কৰাত বাধা প্ৰদান সোণোৱাল নেতৃত্বাধীন গৃহ বিভাগৰ আৰক্ষীৰ।

বিয়লি প্ৰায় ২ বজাৰ পৰা উজানবজাৰৰ মুখ্য মন্ত্ৰীৰ চৰকাৰী বাসগৃহ তথা ৰাজভৱন যোৱা পথছোৱা বন্ধ কৰি ৰাখিছিল মহানগৰ আৰক্ষীয়ে। প্ৰকাণ্ড প্ৰকাণ্ড দুটাকৈ বেৰিকেডেৰে আৱৰি ৰাখিছিল উজানবজাৰস্থিত আছুৰ শ্বহীদ ন্যাস।

কিয় এনেদৰে বেৰিকেড লগাই ৰখা হৈছে বুলি মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ক আমাৰ সাংবাদিকে সোধাত তেওঁ কয় ‘জোঁৰ লৈ সমদল কৰাৰ বাহিৰে যদি টৰ্চ লাইট লৈ বা মমবাতি লৈ সমদল কৰে তেন্তে আমি যাবলৈ দিম। জোঁৰ সমদল উলিওৱাত এইবাবেই দিয়া নাই যে বৃহত্তৰ ৰাইজৰ সুৰক্ষাৰ দিশটো আগত ৰাখি জুইক আমি ভয়ৰ কাৰক হিচাপে লৈছো।‘

এই সন্দৰ্ভত আছুৰ কামৰূপ মহানগৰ জিলা সমিতিৰ নেতা সুকুমাৰ বৰ্মণে আমাৰ সাংবাদিকৰ আগত কয় ‘এই চৰকাৰখনে গণতান্ত্ৰিক ব্যৱস্থাটোকে চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে। গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ সুবিধা আমাৰ নাই। সোণোৱাল চৰকাৰে স্বৈৰাচাৰী শাসন চলাইছে।‘

এই সন্দৰ্ভত সোণোৱালক ধিক্বাৰ দি তেওঁৰে একালৰ সতীৰ্থ ড০ সমুজ্জ্বল ভট্টাচাৰ্য্যই কয় ‘যিটো শ্বহীদ ভৱনৰ পৰা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ’ল সেইজন সৰ্বানন্দ সোণোৱালে শ্বহীদ ভৱনৰ পৰা ওলোৱা প্ৰতিবাদকাৰীক বাধা দিছে। আমি তেওঁক ধিক্কাৰ দিছো তেওঁ লাজ পাব লাগে।‘

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে তথা EIA ২০২০ আইন বাতিলৰ দাবীৰে প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে এনেদৰে জোঁৰ সমদল বাহিৰ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am
ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

August 28, 2025 9:17 am
গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd