দেওবাৰে পুৱা হিমবাহ খহি পৰাৰ ফলত উত্তৰাখণ্ডত সৃষ্টি হোৱা মহাপ্ৰলয়ত সন্ধানহীন হৈ পৰা প্ৰায় ১৭০ গৰাকী লোকৰ কোনো সন্ধান এতিয়ালৈকে পোৱা হোৱা নাই।
সমগ্ৰ অঞ্চলটোতে বায়ুসেনা, এনডিআৰএফ, এছডিআৰএফ, আইটিবিপি আদি বাহিনীয়ে উদ্ধাৰ অভিয়ান চলাই আছে যদিও নতুনকৈ কোনো লোকক আহত অথবা মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
যোৱা নিশালৈকে উত্তৰাখণ্ডত মহাপ্ৰলয়ৰ পিছৰে পৰা সন্ধানহীন হৈ থকা ১০ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে।
কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ পুঁজিৰ পৰা নিহতসকলৰ পৰিয়ালকলৈ ২ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে।
আনহাতে গুৰুতৰ ভাবে আহতসকলক প্ৰদান কৰা হ’ব ৫০ হাজাৰকৈ টকা।
উত্তৰাখণ্ড চৰকাৰে ইতিমধ্যে 1070, 1905 আৰু 9557444486 নম্বৰৰ হেল্পলাইন মুকলি কৰিছে।প্ৰাকৃতিক দুৰ্যোগৰ পিছৰে পৰা সন্ধানহীন হৈ থকা অসমৰ কামপুৰৰ দুই ভাতৃ ক্ৰমে অমৰজ্যোতি দাস আৰু কমল দাসৰো এতিয়ালৈকে কোনো সন্ধান পোৱা হোৱা নাই।
উল্লেখ্য দেওবাৰে পুৱা উত্তৰাখণ্ডৰ ধাউলি গংগা নদীৰ পানী হঠাতে ওফন্দি উঠাৰ ফলত মুহূৰ্তৰ ভিতৰতে এক বৃহৎ অঞ্চল পানীৰ ঢলে ঢৌৱাই নিয়ে।
পানীৰ সোঁতত ঋষি গংগা শক্তি প্ৰকল্পত কৰ্মৰত প্ৰায় ১৫০ জন কৰ্মীক উটুৱাই নিয়ে।
এতিয়ালৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাই।উত্তৰাখণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়া ৰিধিম আগৰৱালাই প্ৰকাশ কৰা মতে ৰাজ্য খনৰ চামলি জিলাৰ তপোবন অঞ্চল ৰেনী নামৰ অঞ্চলটোত বৰফৰ এটা বৃহৎ খণ্ড খহি পৰাৰ ফলতে নৈৰ জলপৃষ্ঠ হঠাতে বাঢ়ি যায়।
হিমবাহ গলি যোৱাৰ ফলতে দাউলি গংগা নদীৰ জলপৃষ্ঠ বাঢ়ি যায় আৰু নৈ খনৰ ভাঙি পৰে।
হঠাতে সৃষ্টি হোৱা বানে বহু ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে।
এই প্ৰলয়ৰ খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰীৰ দলে যুদ্ধকালিন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰ্ৰম্ভ কৰিছে।
ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত শতাধিক লোকৰ মৃত্যু ঘটা বুলি আশংকা কৰা হৈছে।
আজিৰ এই ঘটনাই ৮ বছৰ পূৰ্বে কেদাৰনাথত হোৱা মহাপ্ৰলয়ৰ কথা পুনৰ ৰাজ্য খনৰ বাসিন্দাসকলক মনত পেলাই দিছে।
ইতিমধ্যে আইটিবিপিৰ জোৱানে সমগ্ৰ অঞ্চলটোত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
বায়ু সেনা বাহিনীয়েও হেলিকপ্তাৰেৰে উদ্ধাৰ কাৰ্য চলাই গৈছে।