• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাৰ পৰা মানাহলৈ ৬টা হাতী পোৱালি স্থানান্তৰ : ৰেডিঅ কলাৰ লগাই নিৰীক্ষণত ৰখা হ’ব

উত্তম শইকীয়া by উত্তম শইকীয়া
March 20, 2018 6:34 pm
6 Baby Jumbo Shifted to Manah from Kaziranga
95
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা উদ্ধাৰ কৰি আনি পুনৰ সংস্থাপণৰ বাবে প্ৰতিপালন কৰা ৬টা হাতী পোৱালিক আজি মঙ্গলবাৰে কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয় ৷

কাজিৰঙাত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন অাৰু সংৰক্ষণ কেন্দ্ৰত পশু চিকিৎসকৰ তত্বাৱধানত হাতী পোৱালি কেইটাক বিগত সময়ছোৱাত প্ৰতিপালন কৰি অহা হৈছিল।

ইয়াৰে দুটা হাতী ২০১৪ আৰু ২০১৫ বৰ্ষত বড়োলেণ্ডৰ পৰা, এটা ২০১২ চনত ধেমাজীৰ পৰা, ২০১৩ চনত দুটা কাৰ্বি আংলং জিলাৰ পৰা আৰু এটা শোনিতপুৰ জিলাৰ পৰা পেৱালীতে উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা হৈছিল ৷

সুদীৰ্ঘ দিন কেন্দ্ৰটোত প্ৰতিপালন কৰাৰ পিছত হাতী পোৱালি কেইটাক আজি বিয়লি তিনিখন ট্ৰাকত উঠাই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয়৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ পৰিচালনা কৰা দেশৰ আগশাৰীৰ বেচৰকাৰী সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্টৰ উদ্যোগত হাতী পোৱালি কেইটাক মানাহলৈ নিয়া হয় ৷

ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ জেষ্ঠ পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীৰ নেতৃত্বত কেন্দ্ৰ পশু চিকিৎসক ডাঃ পানজিত বসুমতাৰী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডাঃ দেৱব্ৰত ফুকন, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক ডাঃ প্ৰভাত বসুমতাৰী আৰু ডাঃ দাওহাৰু বড়োৰ এনিমেল কিপাৰৰ এটা দল হাতী পোৱালি কেইটাৰ লগতে মানাহলৈ যাত্ৰা কৰে।

২১ মাৰ্চৰ পুৱা পেৱালি কেইটা মানাহত উপস্থিত হোৱাৰ পিছত অস্থায়ী ভাৱে নিৰ্মিত এক বোমাৰ ভিতৰত ৰখা হ’ব বুলি জনাই ডাঃ ভাস্কৰ চৌধুৰীয়ে কয় যে বোমাৰ ভিতৰতে প্ৰায় ছমাহ দিন নিৰীক্ষণ কৰি সকলো ঠিকে থাকিলে পোৱালি কেইটাক মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হব।

আনহাতে, হাতী পোৱালী কেইটাৰ গতি বিধি নিৰীক্ষণ কৰাৰ বাবে ডিঙিত ৰেডিঅ’ ৰলাৰো লগোৱা হ’ব বুলি চিকিৎসক চৌধুৰীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে বিগত সময়চোৱাত কাজিৰঙাৰ বন্য প্ৰাণী পুনৰ সংস্থাপণ আৰু সংৰক্ষন কেন্দ্ৰৰ পৰা ১৫ টা গঁড়, ৩৬ টা দল হৰিণ আৰু ২০ টা হাতী মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে ৷

Recent News

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd