NORTHEAST NOW (Assamese)
অসম

বিজেপি যদি ক্ষমতাত থাকে গেছৰ দাম ২০০০টকা, পেট্ৰ’লৰ দাম ২৫০টকা হ’ব: ৰাণা গোস্বামী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 16, 2021 8:15 am
1500x500-750x375

যোৰাহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে অভিযোগ কৰে যে যদি বিজেপিত পুনৰ ক্ষমতালৈ আহে তেতিয়াহ’লে ৰন্ধন গেছৰ দাম ২০০০টকা আৰু পেট্ৰ’লৰ দাম ২৫০ টকালৈ বৃদ্ধি পাব।

শাসকীয় বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি গোস্বামীয়ে কয় যে বিজেপি দুখীয়াৰ বাবে নহয়।

‘’বিজেপি দল দুখীয়াৰ বাবে নহয়, ই ধনীৰ বাবে কাম কৰা দল,’’-ৰাণা গোস্বামীয়ে কয়।

বিজেপিৰ বিৰুদ্ধে পুনৰ ক্ষোভ উজাৰি গোস্বামীয়ে কয় যে গেৰুৱা বাহিনী আগন্তুক নিৰ্বাচন পৰাজিত হোৱাটো নিশ্চিত আৰু সেয়েহে তেওঁলোকেৰ কেন্দ্ৰীয় নেতাসকলে নিৰ্বাচনমুখী ৰাজ্যখনলৈ এইদৰে দৌৰি আহিবলগীয়া হৈছে।

‘’বিজেপিয়ে আৰু বেছিদিনলৈ অসমৰ মানুহক মুৰ্খ সজাব নোৱাৰে। ৰাইজে উপলব্ধি কৰিছে যে বিজেপিয়ে তেওঁলোকৰ বাবে কাম কৰা নাই,’’-গোস্বামীয়ে কয়।

‘’ৰাইজে আগতে কেতিয়াও নোহোৱাৰ দৰে সামগ্ৰীৰ দাম বৃদ্ধি পোৱা দেখিছে। ধনীৰ দল বিজেপিয়ে সাধাৰণ মানুহৰ পকেট খালি কৰি পেলাইছে,’’-ৰাণা গোস্বামীয়ে  লগতে কয়।

ৰাণা গোস্বামীয়ে লগতে অসমৰ মন্ত্ৰী তথা বিজেপি নেতাক ৰাজ্যখনৰ জনসাধাৰণক প্ৰভাৱিত কৰা এলানি বিষয়ক লৈ এক মুকলি বিতৰ্কলৈ আহ্বান জনাইছে।

ৰাণা গোস্বামীয়ে হিমন্ত বিশ্ব শৰ্মাক নাগৰিকত্ব সংশোধনী আইন, মূল্যবৃদ্ধি, চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি, নিবনুৱা সমস্যা আদি বিষয়ত এক মুকলি বিতৰ্কত বহিবলৈ প্ৰত্যাহ্বান জনায়।

‘’মই তেওঁক ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহক লৈ এক মুকলি বিতৰ্কত বহিবলৈ প্ৰত্যাহ্বান জনাইছো। বিজেপিয়ে বছৰি ২৫ লাখ যুৱকক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, চাহ শ্ৰমিকৰ মজুৰি ৩৫০টকা, মূল্যবৃদ্ধি হ্ৰাস কৰা আৰু অবৈধ বিদেশী খেদাৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ কিমান প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছে?’’-গোস্বামীয়ে প্ৰশ্ন কৰে।

‘’মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো তেওঁ ভাষণ দিবলগীয়া সকলো সভাতে কওক যে বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰিছে। এয়াই বিজেপিয়ে লক্ষাধিক অবৈধ বিদেশীক অসমত সংস্থাপন দিব বিচাৰিছে,’’-গোস্বামীয়ে লগতে কয়।