• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনত বিজেপিক বর্জন কৰি গণতন্ত্ৰ ৰক্ষা কৰক : ৰাজ্যৰ লেখক-বুদ্ধিজীৱীৰ ভোটাৰলৈ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2021 8:46 pm
index.jpgcn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনটো অসমৰ জনসাধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ নিৰ্বাচনত ৰাইজে কি সিদ্ধান্ত লয় তাৰ ওপৰত বহু বছৰলৈ অসমৰ ভৱিষ্যত নিৰ্ভৰ কৰিব৷ আমি বিচাৰো আমাৰ সকলোৰে আৰু উঠি অহা প্ৰজন্মৰ জীৱন আৰু জীৱিকা নিৰাপদ হওক৷ অসমত সামাজিক শান্তিৰ পৰিবেশ সৃষ্টি হওক৷ ইয়াৰ বাবে প্ৰয়োজন এক মুক্ত বাতাবৰণ আৰু জনসাধাৰণৰ অধিক নিৰাপত্তাৰ সুনিশ্চয়তা। কিন্তু, বৰ্তমান শাসনত থকা দল তাৰ সম্পূৰ্ণ বিৰোধী৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এইদৰে মন্তব্য কৰে অসমৰ লেখক বুদ্ধিজীৱী সমাজে।

এওঁলোক আকৌ ক্ষমতালৈ আহিলে এনে এটা বাতাবৰণ সম্ভৱ নহ’ব৷ সেয়ে, এইবাৰৰ নিৰ্বাচনত এনে দল বা মিত্ৰজোঁটক ভোট দিয়া উচিত যিটো দল বা দলৰ জোঁটে উপৰোক্ত চৰ্ত কেইটা পূৰণ কৰিব পাৰে৷ শাসক দলৰ জকমকীয়া প্ৰচাৰ আৰু মিছা ফুচুলনিৰ ফুলজাৰিত আপোনালোক ভোল নাযাব৷ আপোনালোকৰ ভুল সিদ্ধান্ত আগত দিনৰ বাবে অতি ক্ষতিকাৰক আৰু বিপজ্জনক হ’ব বুলি মন্তব্য কৰি অসমৰ ৰাইজলৈ সমাজে আহ্বান জনাইছে।

Apply Now

এই চৰকাৰৰ শাসন কালত, অভাৱ অনাটন, উপাৰ্জনক্ষম কৰ্মৰ আকাল, মূল্যবৃদ্ধি, হতাশা আৰু ক্ষোভত অসমৰ ৰাইজ জ্বলাকলা হৈছিল৷এতিয়া, কেৱল ক্ষমতা দখলৰ আশাৰে চৰকাৰী ধন ভঁড়াল উদং কৰি, আশী হেজাৰ কোটি টকাৰ ঋণ চৰকাৰৰ টেটুত ওলোমাই, ভোটাৰ ৰাইজৰ ওপৰত হকে বিহুকে টকাৰ বৰষুণ নমাই সেই ভয়ংকৰ দিনবোৰ পাহৰাই, ভুৱা সপোনত ৰাইজক মতলীয়া কৰাৰ চেষ্টা চলিছে৷

তাৰ উপৰি, এওঁলোকৰ দিনত নিয়োগকে আদি কৰি চৰকাৰী দুৰ্নীতি আৰু ছিণ্ডিকেট ৰাজৰ বাবেও জনসাধাৰণৰ কেনে হাৰাশাস্তি হৈছিল সেইবোৰ পাহৰি গ’লে আমি ডাঙৰ ভুল কৰা হ’ব বুলি উল্লেখ কৰিছে বিবৃবিটোত৷

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বাবে(বিমুদ্ৰাকৰণ, জিএছটি আদি) দেশৰ অর্থনীতি আজি ভয়ংকৰ সংকটত৷ চৰকাৰে কেৱল নিজৰ সুবিধাৰ বাবে বৃহৎ পুঁজিপতি আৰু বহুজাতিক কোম্পানীবোৰক পানীৰ দৰত এপদ এপদকৈ ৰাজহুৱা সম্পদ বিক্ৰী কৰি আছে৷ সাধাৰণ মানুহৰ আয় যেতিয়া দিনক দিনে কমি আহিছে, এওঁলোকৰ আয় আগৰ তুলনাত দুগুণ হৈছে৷ ৰন্ধন গেছ, পেট্ৰল, ডিজেল, বিদ্যুতৰ দাম বাঢ়িয়ে আছে৷ এতিয়া দুটামান টকাৰ বাবে এইবোৰ কথা পাহৰি গ’লে ৰাইজ আওমৰণে মৰিব৷

এই চৰকাৰেই ‘কা’ আইন সমৰ্থন কৰি অসমৰ থলুৱা ভাষা-সংস্কৃতিলৈ বিপদহে মাতি আনিলে৷ পাঁচজনকৈ ডেকা ল’ৰা কা-আন্দোলনত ছহিদ হ’ল৷ সাংবিধানিক সুৰক্ষাৰ বাবে গঠন কৰি দিয়া কমিটিৰ প্ৰতিবেদন ধোৱাচাঙলৈ নিক্ষেপ কৰা হ’ল৷ এতিয়া সেইবোৰ তল পেলাই ৰাইজক বিভ্ৰান্ত কৰিবলৈ এওঁলোকে মোগলৰ আক্ৰমণৰ কথা কৈ, আজমলৰ কথা কৈ ঘৃণণীয় ধৰ্মীয় আৰু সাম্প্ৰদায়িক আৱেগ সঞ্চাৰ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰি অসমৰ জনসাধাৰণক শাসকীয় বিজেপি দলক শাসনৰ পৰা উৎখাট কৰিবলৈ আহ্বান জনাইছে অসমৰ লেখক-বুদ্ধিজীৱী সমাজে৷

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত অসমৰ বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁই, নিৰুপমা বৰগোহাঞি, ডঃ লক্ষ্মীনন্দন বৰা, হৰকৃষ্ণ ডেকা, কুলদা কুমাৰ ভট্টাচাৰ্য, অপূৰ্ব শৰ্মা, অৰূপা পটংগীয়া কলিতা. ডঃ অপূৰ্ব কুমাৰ বৰুৱা, ডঃ আব্দুল মান্না, ইন্দিবৰ দেউৰী, প্ৰভাত বৰা লোকনাথ গোস্বামী, পৰেশ মালাকাৰসহ অসমৰ ২৬ গৰাকী লেখক-বুদ্ধিজীৱীয়ে স্বাক্ষৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd