মানুহ লিখক-বুদ্ধিজীৱী কি কাৰণে হয় বাৰু? যদি কেইখনমান ভাল কিতাপ প্ৰকাশ কৰি এটা সময়ত কিতাপৰ বেপাৰ কৰাৰ কাৰণে হয়, তেন্তে ইংৰাজীৰ ডাঙৰ ডাঙৰ প্ৰকাশককেইজন বা সেই সৰু সৰু niche প্ৰকাশনবোৰৰ মূল মানুহকেইজন বুদ্ধিজীৱী হৈ যাব লাগিছিল। তেওঁলোকৰ নাম লেখক-বুদ্ধিজীৱী বুলি আমি জানো নে? এই আমাৰেই Permanent Black ৰ প্ৰকাশক?
অনুবাদ কৰ্ম কৰিলেই মানুহ লেখক-বুদ্ধিজীৱী হৈ যায় নেকি? তেনেকৈ চালে ফুক’ অনুবাদ কৰা বা মাৰ্কুৱজ অনুবাদ কৰা বা মাৰ্ক্স অনুবাদ কৰা— যি অনুবাদতেই মগ্ন, তেনে অজস্ৰ মানুহ আগশাৰীৰ বুদ্ধিজীৱী-দাৰ্শনিক বুলি ঘোষিত হ’লহেতেন। কিন্তু, এই বিদগ্ধ অনুবাদকসকলৰ অধিকাংশই নিজকে অনুবাদক বুলি চিনাকি দি ভাল পায়। ফুক’ক যি অৰ্থত বুদ্ধিজীৱী-দাৰ্শনিক বুলি জানোঁ, সেই অৰ্থত নিজকে বুদ্ধিজীৱী বুলি ক’বলৈ নেযায়— আনকি দৰ্শনৰ বিদগ্ধ শিক্ষক-ছাত্ৰ হিচাপে কোনো পাঠৰ ভাল পাতনি এখন লিখিলেও ৰাজহুৱা বুদ্ধিজীৱী বুলি সহজতে নকয়। এসময়ত ডেৰিডাৰ অনুবাদ কৰা আৰু লগতে মহাশ্বেতা দেৱীৰ অনুবাদ কৰা গায়ত্ৰী চক্ৰৱৰ্তী স্পিৱাকে বুদ্ধিজীৱীৰ সত্ত্বা আহৰণ কৰিছে এটা দীঘলীয়া পৰিক্ৰমাৰে— অনুবাদ, দৰ্শন শাস্ত্ৰ, পোষ্টক’লনিয়েল ষ্টাডিজৰ গৱেষিকা এনে এটা ভূমিকাতো পাছে তাৰবাবে আপোচ কৰা নাই। বোলে, মাজে মাজে দুই এটা অনুবাদ কৰোঁ আৰু! আকৌ দুদিনমান পাণ্ডিত্যৰ কাম আজৰাই বুদ্ধিজীৱী হৈ আহোঁ!!
বুদ্ধিজীৱী কি কেৱল পেপাৰত লেখা-মেলা, মাজে-মধ্যে ‘ৰাজনৈতিক’ কমেন্টেৰী লেখাৰ বাবেই হোৱা যায় নেকি? তেনেকৈ হ’লেতো গৰু জগাৰ খবৰ দিয়া নিৰ্মল চাহেৱালাও বুদ্ধিজীৱী, দেৱচৌধুৰীও বুদ্ধিজীৱী— এইটো মাপকাঠি হ’লে গোহাঁই ছাৰক বেলেগকৈ চোৱাৰো দাবী থাকিব নেলাগে। না বৌদ্ধিক মহল বুলি কেইজনমানক উচ্চাসন দিয়াৰ কোনো কাৰণ থাকিব নেলাগে। পেপাৰত লেখাৰ সূত্ৰতেই বুদ্ধিজীৱী হ’লে অসমত আচলতে সদৌ অসম বুদ্ধিজীৱী সংস্থা খুলি দিলে ভাল ভোজসভা পাতিব পৰাকৈ এগাল মানুহ গোট খাব।
কথাবোৰ কৈ থকাৰ কাৰণ আছে। অসমত কাণ্ড-কাৰখানাবোৰ দেখি আমাৰ এনে লাগিবলৈ লৈছে কেইখনমান কিতাপ প্ৰকাশ কৰা গ্ৰন্থ-বিক্ৰেতা, মাজে-মধ্যে কৰা অনুবাদ বা সাহিত্য-চৰ্চা, দুটামান ৰাজনৈতিক কমেন্টেৰী নামৰ খিচিৰি— এই দোহকুৰি মিলাই বৰ আলাসতে লেখক-বুদ্ধিজীৱীৰ চাব এটা গাত লগাই ল’ব পাৰি। কাকতত ঠাই পালেতো কথাই নাই। এই কথা-কাণ্ডবোৰ দেখি-গুণি, মানুহবোৰ দেখি আমাৰতো লাগিবলৈ লৈছে যে অসমত লেখক-বুদ্ধিজীৱী হোৱাৰ প্ৰাথমিক চৰ্ত হৈছে কোনে কাৰ লগত গা ঘেলাই ফুৰিছে! সেইটো ভালকৈ মেইন্টেইন কৰাটো প্ৰাথমিক চৰ্ত হৈ পৰিছে। বিভিন্ন বৃত্তিৰ লোক, বিভিন্ন ক্ষেত্ৰত দখল থকা মানুহৰ কৰ্মৰ পৰিসৰবোৰকলৈ আমি কোনো আপত্তি তোলা নাই— বৰং কিতাপ বেচি হওক, পাঠশালাত ল’ৰা পঢ়াই হওক— আমাক বহুতেই সমৃদ্ধ কৰিছে। কিন্তু, গা ঘেলোৱা অৰ্থাৎ সামাজিক জীৱনত প্ৰভাৱশালী সাহিত্য চক্ৰ, লেখক চক্ৰৰ সৈতে থকা সম্পৰ্ক বা কেৱল এইবোৰ পৰিসৰৰ ওপৰত থকা দখলৰ ভিত্তিত লেখক-বুদ্ধিজীৱী হোৱাৰ অশুভ কাণ্ড-কাৰখানা কিছুমান আমি দেখি আছোঁ।
বুদ্ধিজীৱী বুলিলেই আমাৰ সেই হেমল’ক পান কৰা দাৰ্শনিক চক্ৰেটিছলৈ মনত পৰে। বা সেই গেলিলিওৰ কথালৈ মনত পৰে। ৰাজহুৱা বুদ্ধিজীৱীৰ একান্ত আনুগত্য থাকে সত্যৰ প্ৰতি, ৰাজহুৱা স্বাৰ্থ আৰু কল্যাণৰ প্ৰতি— বিভিন্ন সময়ত এনে বুদ্ধিজীৱীয়ে ঐতিহাসিক intervention ৰ ভূমিকা লয়। এজন দৰ্শনৰ পণ্ডিততকৈ দৰ্শনৰ ফিল্ডৰ পৰা অহা বুদ্ধিজীৱীৰ তফাৎ এইখিনিতেই আহি পৰে। কিন্তু, অন্য এটা দিশো আওকাণ কৰিলে নহ’ব। চক্ৰেটিছ যে দাৰ্শনিক বা দৰ্শন-তৰ্কশাস্ত্ৰৰ আৰম্ভণিৰ হোতা বা গেলিলিও যে বৈজ্ঞানিক সেই কথাটো আমি পাহৰি নেযাওঁ— পাহৰি চলিলে নহ’ব। অৰ্থাৎ, ৰাজহুৱা স্বাৰ্থৰ বাবে কি সঠিক, কি সত্য— সেই কথাটোত উপনীত হ’বলৈ তেওঁলোকে জ্ঞান-চৰ্চাৰ পদ্ধতিগত প্ৰশ্নবোৰ, পৰীক্ষা-নিৰীক্ষাৰ মাজেৰেই গৈছিল। অন্যথা পৃথিৱী চেপেটাক সত্য বুলি কোৱা মানুহৰো অভাৱ নাই আৰু ৰাজহুৱা জীৱনৰ বাবে তাৰ গুৰুত্ব অনুধাৱন কৰি জঁপিয়াই পৰিবলৈকো তেওঁলোক সদা-উদগ্ৰীৱ। গতিকে, বুদ্ধিজীৱীৰ সত্যৰ প্ৰতি আনুগত্যৰ প্ৰশ্নটো, ৰাজহুৱা কল্যাণৰ বাবে intervene কৰাৰ আগ্ৰহটো, ক্ষমতাৰ বিৰুদ্ধে থিয় দিয়াৰ দৃঢ়তা— নিশ্চয়কৈ determining factor. কিন্তু, সত্যত উপনীত হোৱাৰ পদ্ধতিগত প্ৰশ্নটো, সমাজ আৰু বাস্তৱতা অনুধাৱনৰ জ্ঞানতাত্বিক পন্থাৰ প্ৰশ্নটো সমানেই গুৰুত্বপূৰ্ণ— infact, এই গুৰুত্ব স্বীকাৰ কৰি চলাটো সত্যনিষ্ঠাৰ প্ৰাথমিক চৰ্ত। কাৰ্ল মাৰ্ক্সে ‘কেপিটেল’ লিখিবলৈ গৈ এনেয়ে আৰ্কাইভ ঘাটি, ঘণ্টাৰ পাছত ঘণ্টা, মাহ লাইব্ৰেৰীত সময় পাত কৰা নাছিল। দৰ্শন, ইতিহাস এই দুয়োখন জগত তেওঁ উন্মোচন কৰি লৈছিল— তেওঁৰ সমকালীন ঘটনাৰ ওপৰত কমেন্টেৰীবোৰতো তাৰ চাপ স্পষ্ট। আম্বেদকাৰে তেওঁৰ পলেমিকেল লেখাবোৰতো ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-গৱেষকৰ ভূমিকাটো পালন কৰি গৈছিল। অ’ আৰু এটা কথা— এজন ৰাস্তাত ঝাৰু দিয়া লোকে, এজন গাহৰি কটা লোকে, এজন ফেক্টৰীৰ শ্ৰমিকে, এজন খেতিয়কে যেতিয়া নিজৰ কামৰ ভিত্তিত শ্ৰম আৰু মেচিনৰ সম্পৰ্কৰ কথা কয়, উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তনৰ বিষয়ে কয়, কামত থকা শ্ৰেণী-বৰ্ণভিত্তিক বিভাজনৰ কথা কয়— তেওঁলোকেও বুদ্ধিজীৱীৰ ভূমিকা, তাৰ দুয়োটা দিশ পালন কৰে।
এই কথাবোৰ বিবেচনা কৰিলে অসমৰ বাতৰি-কাকত, সংবাদ-মাধ্যম, নাগৰিক মঞ্চত লেখক-বুদ্ধিজীৱীৰ নামেৰে আগশাৰীত থকা মানুহখিনিৰ কাম-কাজৰ চৰিত্ৰ কি? পৃথিৱীৰ আগশাৰীৰ যিকোনো এখন বাতৰি-কাকতৰ ৱেবচাইট যাওক— opinion page চাওক। যিখন ফিল্ডৰ, জ্ঞানচৰ্চাৰ যি পৰিসৰৰ পৰা বা যি বৃত্তিৰ পৰা এজন ৰাজহুৱা মতামত ৰখা বুদ্ধিজীৱী আহিছে— তেওঁ সেই পৰিসৰৰ পদ্ধতিগত দিশবোৰ, তাৰ তাত্বিক বিচাৰ, অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিবোৰৰ প্ৰতি এক আনুগত্য ৰাখে। এয়া তেওঁৰ সত্যনিষ্ঠাৰ প্ৰাথমিক চৰ্ত। হয় সেই পৰিসৰৰ বিষয়ৰ ওপৰত লিখে, নহয় অন্য বিষয়ৰ ওপৰত লিখোতেও নিজৰ পৰিসৰৰ পৰা শিকা অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰে আৰু in the process নতুন বিষয়বস্তু বা পৰিসৰৰ ওপৰতো শিকিবলৈ যত্ন কৰে (multi-disciplinary কথাটো এইখিনিতেই আহে)। অসমৰ সংবাদ-মাধ্যম, বাতৰি-কাকত আদিৰ মাজেৰে বুদ্ধিজীৱী বুলি চিনাকি মানুহখিনিৰ লেখা-মেলাত কেইজনৰ মাজত এই গুণখিনি আছে? লেখাৰ তলত নামৰ সৈতে প্ৰফেচৰ, অধিবক্তা, সাংবাদিক এনেদৰে লিখি দিলেই বা সমাজকৰ্মী বুলি লিখি দিলেই কথাটো পৰিস্কাৰ নহয়। বোলে লেখাটোত মতামত এটা আছে— সেইটোৱেই কথা নহয়। মতামত কাকতত নিলিখাজনৰো আছে। অসমত বিশেষকৈ ৰাজনৈতিক বিষয়ত ‘মতামত’ ৰখা বেছিভাগ বুদ্ধিজীৱী বুলি ঘোষিত ব্যক্তিৰ লেখা-মেলা, বক্তব্যত নিজৰ নিজৰ পৰিসৰৰ পৰা অহা অভিজ্ঞতা, তাত্বিক বা ব্যৱহাৰিক দৃষ্টিকোণ, পদ্ধতিগত বিন্যাসৰ কোনো চিন-চাব নেথাকে বা বোলে multidisciplinary হিচাপে কি শিকিছে-বুজিছে, তাৰ কোনো চাপ নেথাকে। এইটো দেৱচৌধুৰীৰ দৰে ‘সত্যৰ বিপ্লৱী’ জন্ম হোৱাৰ উপযুক্ত পৰিৱেশ। অসমীয়াত বাওঁ-উদাৰনৈতিক মহলৰ মানুহখিনিয়েও এই ধৰক দিল্লীৱালা বাওঁ-উদাৰনৈতিক জগতে কি মতামত ৰাখিছে, দুটামান নিউজ-চেনেলে কি কৈছে— তাৰ ভিত্তিত মতামত একোটা বনাই বহি থাকে, আনকি নিজৰ সমাজখনো পৰ্যৱেক্ষণ নকৰে। সেইবাবে, আজি নিয়মিতভাৱে ইংৰাজী ভিন ভিন মিডিয়া পঢ়া-শুনা কৰা মানুহখিনিয়ে জানে যে এওঁলোকে বাতৰি-কাকতত নিজৰ মতামত বুলি যিখিনি লিখে সেইখিনি হৈছে ইতিমধ্যেই সৰ্বভাৰতীয় বাওঁ-উদাৰনৈতিক মহলত ওলাই যোৱা কথা-বাৰ্তা, আলোচনাৰ সাৰাংশ লিখন বা সত্তৰৰ দশকতেই গোহাঁই বা গুহই কৈ যোৱা কেইটামান কথাৰ অনুৰণন। নতুনকৈ একো নাই, তাৰ সৈতে কোনো আগগুৰি নোহোৱাকৈ ‘মতামত’ বুলি নিজৰ কিবা এটা idiosyncratic বস্তু লগাই দিয়ে। বুদ্ধিজীৱীৰ যি পদ্ধতিগত, disciplinary দায়ৱদ্ধতা থকাৰ কথা— যিটো লেখনিত প্ৰতিফলিত হ’ব লাগে— যিটো নোহোৱাকৈ সত্যৰ কথা ক’বলৈ যোৱাটো ধৃষ্টতা— এইটোৰ প্ৰতিফলন এই লেখাবোৰত পোৱা নেযায়— তাৰ সলনি পৰ্বতত কাছ কণীও হয়তো পোৱা যাব! পদ্ধতিগত প্ৰশ্ন আনিলেই আমাৰ বুদ্ধিজীৱীখিনিয়ে ধুনীয়া ৰাস্তা এটা লয়— সৰল ভাষাত জনসাধাৰণৰ বাবে লিখে হেনো! আচ্ছা, এওঁলোকে দুঃসাধ্য ভাষাত কেইখন কিতাপ পণ্ডিত সমাজৰ বাবে নিজ নিজ পৰিসৰত লিখি থৈছে বাৰু? গৱেষণাধৰ্মী কামত এওঁলোকৰ ধৰক, অসম সন্দৰ্ভতেই মৌলিক অৱদান কি আছে? বোলে, অমলেন্দু গুহৰ যি কথা, তাতকৈ আগুৱাই নতুন কিবা এটা কথা এটা ক’লে? আৰু, ঝিঝেকৰ দৰে বুদ্ধিজীৱীৰ লেখা পঢ়কগৈ— মনোবিজ্ঞানৰ আপাতঃ জটিল ভাষাৰেই বাতৰি কাকতত লিখি আছে। দুনীয়াৰ বাঘা বাঘা বুদ্ধিজীৱীয়ে তেনেকৈয়ে লিখি আহিছে; মাৰ্ক্সেও কাকতৰ লিখা বুলি ‘সৰল ভাষা’ বোলা অসমীয়া বুদ্ধিজীৱীৰ ‘খালী টেমা’সদৃশ ভাষা লিখা নাছিল। পদ্ধতিগত, পৰিসৰগত প্ৰসংগ ‘সৰল ভাষা’ লিখাৰ নামত কোনেও উলাই কৰা নাই। অসমীয়া এই লেখক-বুদ্ধিজীৱীয়ে ‘সৰল ভাষা’ৰ অজুহাতত জনসাধাৰণলৈ দায়ভাৰ ঠেলাৰ যি প্ৰৱণতা, সেইটো হৈছে আচলতে নিজৰেই সত্য, জ্ঞান-চৰ্চাৰ প্ৰতি প্ৰাথমিক আনুগত্যখিনি নথকাৰ ফল। দায়িত্বহীনতাৰ ই চৰমতম নিদৰ্শনৰ বাদে একো নহয়। এই দায়িত্বহীনতাৰ বাবেই এওঁলোকে প্ৰশ্নৰ সন্মুখীন হ’লে নিজৰ প্ৰতিষ্ঠা, নিজৰ বৰ্ণিল জীৱনবোধ, ‘অসমত নেথাকিলে বাহিৰত গৈ কি কি যে কৰিব পাৰিলেহেঁতেন’, নামৰ আগত থকা ডিগ্ৰী আদিৰ হিচাপ নিজে দিয়ে বা অনুৰাগীগণ সেইবোৰত লাগি যায়। কিন্তু, বাবাহঁত— ‘বাঃ অমুকে কেনে চমৎকাৰ প্ৰজ্ঞাৱান লোক’; ‘কেনে প্ৰাঞ্জল কিতাপ’— এইবোৰ আগগুৰি নোহোৱাকৈ কৈ থাকিলেই যদি বুদ্ধিজীৱী ভাত এগাল খাই ‘কেনে চমৎকাৰ ভাত খালোঁ’ বুলি কোৱাটোও সমপৰ্যায়ৰ কথা!
গতিকে, আমি সুধিমেই বোলো হকে-বিহকে মতামত দি যে জাহিৰ কৰি থাকা, পদ্ধতিগত চিন-চাব কি? অনুশীলনৰ পন্থা কি? কেনেকৈ এটা সিদ্ধান্তত উপনীত হ’লা? আৰু, সাৰাংশ লিখাৰ খিচিৰি পকাই, ইফালে-সিফালে চাবি পকাই যদি বজাৰত চলা— তেন্তে গা ঘেলোৱাটো অসমত বুদ্ধিজীৱীৰ প্ৰাথমিক চৰ্ত বুলি ক’বলৈকে আমি বাধ্য!!