• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নাঙলক মিউজিয়ামত থ’ম কোৱা হিমন্ত বিশ্ব শৰ্মাক ঢাকাৰ মিউজিয়ামত থ’ম’, বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী

ইউপিপিএলৰ বহু পাৰিষদে পৰাজয়ৰ উমান পাই বিপিএফৰ সৈতে যোগাযোগ কৰি আছে- হাগ্ৰামা মহিলাৰী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 2, 2021 6:37 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে গেৰুৱা বসন পিন্ধাৰ পিছত নাটকীয় পট পৰিৱৰ্তন ঘটা ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিটো উদ্ধাৰ কৰাৰ স্বাৰ্থত উঠি-পৰি লাগিছে বিপিএফ দল।

প্ৰাৰ্থী নাথাকিলেও নিজৰ দলীয় প্ৰতীক লৈ অহা ৬ এপ্ৰিলত অনুষ্ঠিতব্য তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত দলক জিকাই নিয়াৰ বাবে আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে দলটোৱে। ইয়াৰ অংশস্বৰূপে আজি তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তগর্ত বাঙালীপাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত হেলিকাপ্টাৰ লৈ প্ৰচাৰ চলাবলৈ উপস্থিত হল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী।

Apply Now

অসম প্ৰদেশ কংগ্ৰেছ সমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যক লগত লৈ বিশাল নিৰ্বাচনী সভাত উপস্থিত ৰাইজক সম্বোধি হাগ্ৰামা মহিলাৰী একালৰ মিত্ৰদল বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। নিজ স্বভাৱ সূলভ ভাষণত তেওঁ কয়— ‘”তামুলপুৰ সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীক হাইজেক কৰি বিজেপিয়ে স্বৈৰাচাৰী শাসন তথা গণতন্ত্ৰক হত্যা কিৰিছে। প্ৰাৰ্থী নহ’লেও তামুলপুৰ সমষ্টিৰ ৰাইজৰ দ্বায়িত্ব আজিৰে পৰা মোৰ।”

বিভিন্ন সমস্যা তথা জাতি-জনগোষ্ঠীৰ সমস্যাক আগুৱাই লৈ যোৱাৰ দ্বায়িত্ব বিপিএফৰ। বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাত মহিলাৰীয়ে পুণৰ কয় — পৰাজয়ৰ আশংকাত সমগ্ৰ অসমতে বিজেপি দল এতিয়া শংকিত হৈছে। বিজেপি দলে পৰাজয়ৰ আশংকাত ভুগি প্ৰাৰ্থী হাইজেক কৰাকে ধৰি বিভিন্ন হিংসাত্মক ঘটনাত লিপ্ত হৈছে। বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পৰাজয়ৰ আগতীয়া উমান পাই সৰভোগ সমষ্টি এৰি পলোৱা বুলিও তীৰ্যক মন্তব্য কৰি বিজেপিৰ যিমান ডাঙৰ নেতা নামিলেও মহাজোঁটৰ চৰকাৰ গঠন কৰাত কোনেও বাধা দিব নোৱাৰে বুলি উল্লেখ কৰে।

ইফালে বিপিএফ দল যাৰ সৈতে থাকিব অসমত সেই দলৰে চৰকাৰ হ’ব বুলি দাবী কৰি ৰাজ্যত মহাজোঁট চৰকাৰ গঠন হ’লে বিটিচিতো বিপিএফৰ চৰকাৰ হ’ব বুলি দৃঢ়তাৰে মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। আনহাতে পৰাজয়ৰ আগতীয়া উমান পায়েই ইউপিপিএল দলৰ বহুকেইগৰাকী পাৰিষদে মহিলাৰীৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলি বিস্ফোৰক মন্তব্য আগবঢ়াই প্ৰমোদ বড়ো চৰকাৰে কাম নকৰাকৈ ঠিকাদাৰৰ বিল মোকলাই দিয়াৰ অভিযোগ উত্থাপন কৰে।

সভাত ভাষণ দি কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে এইবাৰ নিৰ্বাচনত বিপিএফৰ সকলো কেইগৰাকী জয় লাভ কৰিব। তেওঁ পুনৰ কয় যে বিজেপিয়ে দেশৰ ৰাইজক ফাঁকিৰ পিছত ফাঁকি দি ৰাজনীতি কৰি আহিছে।

আনহাতে সাংবাদিকেৰে হোৱা বাৰ্তালাপত বিদ্ৰোহী নেতা এম বাথা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক জনজাতি বিৰোধী আখ্যা দিয়ে।

মহিলাৰীয়ে সাংবাদিকৰ আগত কয়— “নাঙলক মিউজিয়ামত ৰাখিম বুলি কোৱা হিমন্তক ঢাকাৰ মিউজিয়ামত থোৱা হ’ব। বিটিচিত প্ৰধানমন্ত্ৰী আহিলেও মাত্ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিহে যায়।”

সভাত প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰী, এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী, কৌতুক অভিনেতা বিপুল ৰাভা, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মিত্ৰলাল শৰ্মা, কনক বসুমতাৰী, চিপিআই(এম) নেতা দূৰ্গা পৌড়েল, জমিয়ত ই উলেমা হিন্দৰ বাক্সা জিলাৰ সভাপতি জাকিৰ হুছেইন, শৰণীয়া কছাৰী উন্নয়ণ পৰিষদৰ প্ৰাক্তন অধ্যক্ষ দীপক ডেকা, যুৱ বিপিএফৰ সাধাৰণ সম্পাদক শৰৎ চন্দ্ৰ দাস, মহিলা মৰ্চা বিপিএফৰ নেত্ৰী চন্দ্ৰকলা ব্ৰহ্ম আদিকে ধৰি বহুকেইগৰাকী নেতা-কৰ্মী সভাত উপস্থিত থাকে।

Tags: Assam Election
দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd