• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞাৰ সন্মুখীন : ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? কি ক’লে ঘনিষ্ঠ সূত্ৰই?

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
April 3, 2021 3:55 pm
himanta-biswa-sarma759
340
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক NIAৰ হতুৱাই কাৰাগাৰলৈ নিক্ষেপ কৰাৰ ভাবুকি প্ৰদান কৰি ইতিমধ্যে নিৰ্বাচন আয়োগৰ ৰোষত পৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

শুকুৰবাৰে নিশা নিৰ্বাচন আয়োগে ৪৮ ঘণ্টাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যতঃ সমাপ্তি ঘটিছে।

কাৰণ ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰণ অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ভোটগ্ৰহণৰ ৪৮ ঘন্টাৰ পূৰ্বে অৰ্থাৎ ৪ এপ্ৰিলত নিৰ্বাচনী আচৰণ বিধি অনুযায়ী নিৰ্বাচনী প্ৰচাৰ অভিযান সামৰণি পৰিব।

নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞাৰ পিছত কি কৰিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই? নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দাৰস্থ হ’ব নেকি মন্ত্ৰী ডঃ শৰ্মা?

এই প্ৰশ্নটোৱে ৰাজনৈতিক বিশ্লেষক মহলত চৰ্চা লাভ কৰিছে।

ঘনিষ্ঠ মহলৰ মতে মন্ত্ৰী ডঃ শৰ্মাই ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ কোনো পৰিকল্পনা কৰা নাই। শনিবাৰে দুৰপীয়া মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰত্যাহ্বান নজনায়।

ইফালে ৰাষ্ট্ৰীয় সংবাদ সংস্থা এডিটিভি-এ প্ৰকাশ কৰা অনুসৰি মন্ত্ৰী শৰ্মাই পূৰ্বে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ কথা আছিল যদিও পিছত তেওঁ সেই সিদ্ধান্ত বাতিল কৰিছে।

উল্লেখ্য যে মন্ত্ৰী শৰ্মা শাসকীয় দলটোৰ নিৰ্বাচন প্ৰচাৰ অভিযানৰ কেৱল ষ্টাৰকেম্পাইনাৰেই নাছিল, তেওঁ দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কৌশল তথা নীতি নিৰ্ধাৰকৰ দায়িত্বতো আছিল। মন্ত্ৰী শৰ্মাই নিষেধাজ্ঞাৰ সন্মুখীন হোৱা ফলত শাসকীয় দলটোৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্থ যে হ’ব সেয়া নিশ্চিত।

ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ পিছতে যথেষ্ট উৎফুল্লিত হৈ উঠা দেখা গৈছে প্ৰতিপক্ষ ৰাজনৈতিক দল কংগ্ৰেছক।

নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞাক আদৰণি জনায় কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰ্জেৱালাই সংবাদ সংস্থা এনআইএ-ক কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নেড্ডাৰ নিৰ্বাচনী প্ৰচাৰতো একেদৰেই আয়োগে বাধা আৰোপ কৰিব লাগে।

Tags: Assam Election

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd