• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিস্মৃত সংকল্প বনাম নতুন সংকল্প

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
April 3, 2021 5:51 pm
index.jpgaa
413
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা প্ৰকাশ কৰি উলিওৱা সংকল্প পত্ৰখনে আমাৰ মনত কিছু দ্বিধাৰ সৃষ্টি কৰিছে বাবে আৰু বহুবোৰ কথা দলটোৰ এই পত্ৰখনে স্পষ্ট কৰিব পৰা নাই বাবে আমি আমাৰ দোমোজাবোৰ প্ৰকাশ কৰিবলৈ বিচাৰিছো। আমাৰ বক্তব্যবোৰ ক্ৰমিক হিচাপত উপস্থাপন কৰিলে পাঠকে হয়তো কথাবোৰ সহজতে অনুধাৱন কৰিবলৈ সুবিধা হ’ব—

১) ‘অসমৰ সভ্যতাৰ সুৰক্ষা’ বিষয়ক শিতানত পোনতে ৰাজ্যখনৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ যাৱতীয় ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। তদুপৰি অসমৰ জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বিষয়ত ৰাজ্যখনত সমষ্টি পুনৰ্নিৰ্দ্বাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা কোৱা হৈছে। অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় সুৰক্ষা কৱচৰ ব্যৱস্থা কৰা হ’ব বুলি কথা দিয়া হৈছে। অসমৰ সভ্যতা শক্তিশালী কৰাৰ শিতানত এক ‘আসাম ডিৰেডিকেলাইজদ্ পলিচি’ বা চমুকৈ অসম কট্টৰপন্থী বিৰোধী আঁচনি ল’বলৈ বিচৰা হৈছে যাতে সাম্প্ৰদায়িক বহিস্কৰণ (communal exclusion) আৰু বিচ্ছন্নতাবাদক উৎসাহ দিয়া সংগঠন বা ব্যক্তিক কঠোৰভাৱে মষিমূৰ কৰিব পাৰি। ‘লাভ জিহাদ’ আৰু ‘লেণ্ড জিহাদ’ৰ বিপদ নোহোৱা কৰাৰ বাবে যথাযথ আইন আৰু আঁচনি প্ৰণয়নৰ কথাও ইয়াত উল্লেখ কৰা হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে এই পত্ৰখনৰ ক’তো অসমৰ সভ্যতা কেনেদৰে অসুৰক্ষিত আৰু সেই সভ্যতানো কি তাক উল্লেখ কৰা হোৱা নাই।

ছটা গোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগলৈ আহিছোঁ। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশিত ‘Assam Vision Document 2016-25’ শীৰ্ষক দস্তাবেজৰ ‘জনজাতিৰ কল্যাণ’ শীৰ্ষক শিতানত এনেদৰে উল্লেখ কৰা হৈছিল। “এক ধৰাবন্ধা সময়সীমাৰ ভিতৰত অসমৰ ৬টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত নিকট সহযোগিতাৰে কাম কৰা লগতে ইয়াক নিশ্চিত কৰা যাতে বৰ্তমানে থকা অনুসূচিত জনজাতিৰ সুবিধা বোৰ ক্ষতিগ্ৰস্ত নহয়।” এইয়া ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অসমবাসীক দিয়া প্ৰতিশ্ৰুতি। এতিয়া শাসনৰ প্ৰথমটো কাল উকলি যোৱাৰ পাছত বিজেপিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰাই কিয় দিব লগা হ’ল? বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৱা ১১ জানুৱাৰীত শিলচৰৰ এখন সভাত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হৈছে বুলি কিয় ৰাজহুৱাভাৱে মিছা মাতিছিল?

যোৱা ২০২০ৰ ৮ আৰু ৯ অক্টোবৰত গুৱাহাটীৰ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত ৰাজ্যৰ কেইবাটাও জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠন আৰু দলৰ সৈতে কেবিনেট উপ-সমিতিৰ পৃথকে-পৃথকে বৈঠক অনুষ্ঠিত হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে ২০১৬ৰ নিৰ্বাচনৰ পিছত জনজাতিকৰণৰ বিষয়ত নিশ্চুপ হৈ থকা অসম চৰকাৰে আকস্মিকভাৱে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এখন কেবিনেট উপ-সমিতি গঠন কৰি দিছিল। বৈঠকৰ অন্তত কেবিনেট উপ-সমিতিৰ অধ্যক্ষ তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩০ অক্টোবৰৰ ভিতৰত ৰাজ্য চৰকাৰে কেন্দ্ৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰিছিল। শৰ্মাৰ বক্তব্যানুসৰি ভাৰত চৰকাৰে জনজাতিকৰণৰ ‘মডেলিটি’ প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল অসম চৰকাৰৰ ওপৰত। নিৰ্দিষ্ট ৩০অক্টোবৰত চৰকাৰে মডেলিটি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰৰ হাতত দিব আৰু এই মডেলিটিত সন্তুষ্ট হ’লে ভাৰত চৰকাৰে কোনো আলোচনা নকৰাকৈ জনজাতিকৰণ ব্যৱস্থা গ্ৰহণ কৰিব। আজি পাঁচমাহ পাৰ হৈ গ’ল। অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰৰ ওচৰত দাখিল কৰাতো বাদেই ,মন্ত্ৰী শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা কেবিনেট উপ-সমিতিয়ে জনজাতিকৰণৰ প্ৰতিবেদনখনেই প্ৰস্তুত নকৰিলে বুলি বু-বা ওলাইছে।

বিগত বিধান সভা নিৰ্বাচনত ‘জাতি, মাটি আৰু ভেটি’ ৰ সুৰক্ষা দিয়া বিজেপিয়ে ঘুণাক্ষৰেও সেই প্ৰতিশ্ৰুতি এই বেলি দিবলৈ বিচৰা নাই। বিজেপিয়ে ভালদৰে জানে যে ‘কা’ আইন প্ৰণয়ন কৰা দলটোৱে তেনে প্ৰতিশ্ৰুতি দিলে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকে তাক এক উপলুঙা বুলিয়েই গণ্য কৰিব। সেয়েহে এইবেলি আগবঢ়োৱা হৈছে ‘সমষ্টি পুনৰ্নিৰ্দ্ধাৰণৰ টোপ। প্ৰশ্ন হৈছে ২০০২ চনৰ ‘The Delimitation Act’ অনুযায়ী ৰাজ্য চৰকাৰৰ সমষ্টি পুনৰ্নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত কিবা কৰ্তৃত্ব থাকেনে? এই আইন অনুসৰি ভাৰত চৰকাৰে সমষ্টি পুনৰ্নিৰ্দ্ধাৰণৰ বাবে তিনিজনীয়া এখন আয়োগ গঠন কৰিব যাৰ সদস্য সকল হ’ব -(১) ভাৰত চৰকাৰে নিয়োগ কৰা উচ্চতম ন্যায়ালয়ত কৰ্মৰত বা অৱসৰপ্ৰাপ্ত এগৰাকী ন্যায়াধীশ -যিজন হ’ব আয়োগখনৰ অধ্যক্ষ । (২) মুখ্য নিৰ্বাচনী আয়ুক্ত বা মুখ্য নিৰ্বাচনী আয়ুক্তৰ দ্বাৰা মনোনীত এগৰাকী নিৰ্বাচনী আয়ুক্ত আৰু (৩) নিৰ্দিষ্ট ৰাজ্যখনৰ নিৰ্বাচনী আয়ুক্ত গৰাকী (অনুচ্ছেদ ৩)। আইনখনৰ ৪নং অনুচ্ছেদ অনুসৰি এনেদৰে ৩নং অনুচ্ছেদৰ অধীনত গঠন হোৱা আয়োগখনে কোনো এখন ৰাজ্যৰ বা কেবাখনো ৰাজ্যৰ লোকসভাৰ আসন আৰু কোনো ৰাজ্যৰ বিধান সভাৰ সমষ্টিসমূহ পুনৰ্নিৰ্দ্ধাৰণৰ কৰিব পাৰে। যদিহে বিধিগত এই অৱস্থানটোক আমি মানিবলৈ বাধ্য তেন্তে অসম প্ৰদেশ বিজেপিয়ে সমষ্টি পুনৰ্নিৰ্দ্ধাৰণৰ প্ৰতিশ্ৰুতি কেনেদৰে দিব পাৰে?

আমি ইমানদিনে ‘লাভ জিহাদ’ ৰ ঘটনা অসমৰ বাহিৰৰ বিজেপি শাসিত ৰাজ্যসমূহত সংঘটিত হোৱা দেখিছো। কিন্তু প্ৰথম বাৰৰ বাবে শুনিছো ‘লেণ্ড জিহাদ’ ৰ প্ৰসংগ। ঘোষণাপত্ৰৰ ক’তো এই লাভ জিহাদ আৰু লেণ্ড জিহাদ নো কি বস্ত তাক বুজাই দিয়াৰ প্ৰয়াস দেখা নগ’ল।

২) যিহেতু বিজেপি দলৰ মূল নিৰ্বাচনী ত্ৰাণকৰ্তা ড০ হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তি ‘এখন ফুলপ্ৰুফ ডকুমেন্ট’ নহয় বুলি কৈ চুক্তিখনৰ প্ৰতি চূড়ান্ত অৱমাননা প্ৰকাশ কৰিছে সেয়েহে স্বাভাৱিকতে এইবাৰৰ সংকল্প পত্ৰত অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি নথকাটোৱে স্বাভাৱিক। অসম চুক্তিক চূড়ান্ত অৱমাননা কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল “অসমীয়াই সৰ্বাত্মক প্ৰতিবাদ কৰিলেও অসমত হিন্দু বাংলাদেশীক সংস্থাপিত কৰা হ’বই। নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ জৰিয়তে ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা হিন্দু বাংলাদেশীসকলক অসমত নাগৰিকত্ব দিলেও অসম চুক্তিৰ উলংঘন কৰা নহ’ব।” অসম চুক্তি আৰু অসম চুক্তিৰ ৬ নং দফাৰ বিষয়ে সেয়েহে স্পষ্টভাৱে উল্লেখ নকৰি এই সংকল্প পত্ৰত অসম আন্দোলন, বড়ো আন্দোলন আৰু কাৰ্বি আন্দোলনৰ শ্বহীদৰ সম্পৰ্কীয়ক বিনামূলীয়া চিকিৎসা সাহায্য প্ৰদান, এন আৰ চি শুদ্ধ তথা মিত-মাত (reconciliation), শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ আৰু অসম আৰক্ষীৰ সীমান্ত শাখাক শক্তিশালী কৰাৰ কথা উল্লেখ কৰা হৈছে।

আশ্বৰ্য্যকৰ কথাটো হ’ল ২০১৬ৰ ভিজন ডকুমেন্টৰ ‘অসম চুক্তি আৰু অনুপ্ৰৱেশ ‘শিতানত প্ৰথম দুই প্ৰতিশ্ৰুতিয়েই আছিল (ক) অসম চুক্তি আখৰে আখৰে পালন কৰা আৰু (খ) অসম চুক্তিৰ ৬ নং দফা অনুযায়ী সাংবিধানিক, বিধায়িনী, সামাজিক আৰু সাংস্কৃতিক সুৰক্ষা প্ৰদান। এই দুই প্ৰতিশ্ৰুতি এইবেলি বিজেপিয়ে কিয় ‘সংকল্প পত্ৰ’ত সন্নিৱিষ্ট নকৰিলে তাক হয়তো অসমবাসীৰ আৰু বুজিবলৈ বাকী নাই।

৩) শাসনত অধিষ্ঠিত হোৱাৰ পিছতে বিজেপি চৰকাৰে ২০১৬-২০১৭ বৰ্ষত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ অংগীকাৰ প্ৰকাশ কৰিছিল। কাৰ্যতঃ এই প্ৰতিশ্ৰুতি ৰক্ষা নকৰি বিজেপিয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত প্ৰকাশ পোৱা এন আৰ চি ৰ বিৰোধিতাহে কৰিলে। অথচ ২০১৬ ৰ ভিজন ডকুমেন্টত দলটোৱে উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ সকলো সন্দেহযুক্ত আৱাসীৰ নাগৰিকত্ব পৰীক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আমি মনত ৰখা দৰকাৰ যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে প্ৰস্তুত হোৱা এন আৰ চিৰ ওপৰত প্ৰশ্ন উঠোৱা নাই। বৰঞ্চ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সন্মানীয় ৰঞ্জন গগৈ ডাঙৰীয়াই কৈছে যে এন আৰ চিখন বৰ্তমানৰ কেৱল এক দস্তাবেজ নহয়। ১৯ লাখ বা ৪০ লাখো মূল বিষয় নহয়। মূল কথাটো হৈছে ভৱিষ্যতৰ বাবে ই হৈছে এক ভিত্তি দস্তাবেজ। অসম আৰু অসমীয়াৰ ভিত্তিক তচনচ কৰিবলৈ বিচৰা বিজেপিয়ে তেন্তে কিহৰ বাবে পুনৰ এন আৰ চি শুদ্ধ কৰাৰ কথা কয়?

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd